• ফটা কাপোৰ,খালী ভৰি আৰু মুকলি আকাশৰ তলতে ৰোগীক চিকিৎসা কৰা মানৱদৰদী চিকিৎসকজন

    স্বাস্থ্য
    ফটা কাপোৰ,খালী ভৰি আৰু মুকলি আকাশৰ তলতে ৰোগীক চিকিৎসা কৰা মানৱদৰদী চিকিৎসকজন
    ডিজিটেল ডেস্কঃ সাধাৰণ কাপোৰ পিন্ধা, খালী ভৰিৰে বেৰত বহি থকা এজন মানুহে ৩ টকীয়া বল কলম এটা লৈ কাগজত কিবা এটা লিখিছে৷এই ব্যক্তিজন হৈছে,ডাঃ শংকৰ গৌড়া,কৰ্ণাটকৰ মাণ্ডুৱাৰ পৰা স্বৰ্ণপদক আৰু কলিকতা চিকিৎসা বিশ্ববিদ্যালয়ৰ পৰা এম.ডি. ডিগ্ৰী লাভ কৰিছিল৷

    এইজন চিকিৎসকৰ নাই নিজা ক্লিনিক নাই।কেবিন বনাবলৈ লাখ লাখ টকা লাগে। ইমান টকা ক'ৰ পৰা পাব?সেয়েহে চহৰৰ পৰা আঁতৰত দুই কোঠাৰ ঘৰ এটাত থাকে। ইমান দূৰলৈ ৰোগী কেনেকৈ আহিব পাৰে চিকিৎসাৰ বাবে, গতিকে চহৰৰ এখন ফাষ্ট ফুড ৰেষ্টুৰেণ্টৰ বাহিৰত দৈনিক বহি থকা শ শ দৰিদ্ৰ ৰোগীক তেওঁৰ চাইকেলেৰে পৰীক্ষা কৰে। সেইবোৰ ভালদৰে নিৰ্ণয় কৰে আৰু সস্তীয়া, জেনেৰিক ঔষধ প্ৰেছক্ৰিপচন কৰে।

    তেওঁ কিমান চাৰ্জ লয় জানেনে?মাত্ৰ ৫ টকা। হয়, মাত্ৰ ৫ টকা। Goldmedalist MD ডিগ্ৰী থকা চিকিৎসকে দৰিদ্ৰ ৰোগীৰ পৰা মাত্ৰ ৫টকাহে লয়।আজিৰ যিখন পৃথিৱীত চিকিৎসকে আক্ষৰিক অৰ্থত দুখীয়া, সাধাৰণ মানুহক লুটপাত কৰি আছে।কিন্তু ডাঃ শংকৰ গৌড়া বহুতৰে ভগৱান।এনে এজন প্ৰকৃত সমাজকৰ্মী চিকিৎসককক প্ৰণাম৷