• শুকান কাহে ৰাতি শুব নিদিয়ে নেকি? এই ঘৰুৱা উপায়েৰে কৰক সমস্যাৰ সমাধান

    স্বাস্থ্য
    শুকান কাহে ৰাতি শুব নিদিয়ে নেকি? এই ঘৰুৱা উপায়েৰে কৰক সমস্যাৰ সমাধান
    ডিজিটেল ডেস্কঃ শীতকাল আৰম্ভ হোৱাৰ লগে লগে বহু ধৰণৰ সংক্ৰমণে আপোনাৰ শৰীৰত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। তাৰপাছত শুকান কাহৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। এবাৰ কাৰোবাৰ এই ৰোগ হ’লে ই সহজে নাইকিয়া নহয়। ৰাতি কাহ মাৰি কটাবলগীয়া হয়, যাৰ বাবে মানুহে শান্তিৰে শুব নোৱাৰে আৰু তাৰ পিছত পিছদিনা আপুনি ভাগৰুৱা, অলস আৰু খিংখিঙীয়া অনুভৱ কৰে। কেতিয়াবা ঔষধ আৰু কাহৰ চিৰাপো কামত নাহে। এনে পৰিস্থিতিত আপুনি কিছুমান বিশেষ ঘৰুৱা উপায়ৰ আশ্ৰয় ল’ব পাৰে। 

    শুকান কাহৰ পৰা পৰিত্ৰাণ পাবলৈ এই ঘৰুৱা উপায় গ্ৰহণ কৰক

    ১) গৰম পানী আৰু মৌঃ শীতকালত ঠাণ্ডা পানী খোৱাৰ পৰা বিৰত থাকিব লাগে আৰু গৰম পানীৰ পৰিমাণ বৃদ্ধি কৰিব লাগে। এগিলাচ কুহুমীয়া পানীত ৪ চামুচ মৌ মিহলাই খালে শুকান কাহৰ পৰা সম্পূৰ্ণ সকাহ পাব। নিয়মিতভাৱে সেৱন কৰিবও পাৰে, যাৰ ফলত বহু ৰোগৰ পৰা হাত সাৰিব পাৰি।

    ২) আদা আৰু নিমখঃ আদা এনেকুৱা মছলা যিটো আমাৰ ঘৰত বহুলভাৱে ব্যৱহাৰ কৰা হয়, ই ঠাণ্ডাৰ প্ৰতিৰোধী ঔষধতকৈ কম নহয়। ইচ্ছা কৰিলে কেঁচাকৈ চোবাই খাব পাৰে বা তাৰ ৰস খাব পাৰে। আদা নিমখ মিহলাই খালে শুকান কাহ নিৰাময় হ’ব।

    ৩) জালুক আৰু মৌঃ জালুক আৰু মৌৰ সংমিশ্ৰণক চৰ্দি আৰু কাহৰ শত্ৰু বুলি ধৰা হয়। ইয়াৰ বাবে আপুনি ৪-৫ টা জালুকৰ গুটি লৈ পিহি গুড়ি তৈয়াৰ কৰক। এতিয়া ইয়াক মৌৰ লগত মিহলাই খাওক। দিনটোত ২ৰ পৰা ৩ বাৰ এনেকৈ সেৱন কৰিলে শুকান কাহৰ পৰা পৰিত্ৰাণ পাব।