• অশান্তজৰ্জৰ আফগানিস্তানঃ বিশ্বনেতাৰ সাহায্য বিচাৰিছে ৰছিদ খানে

    আন্তঃৰাষ্ট্ৰীয়
    অশান্তজৰ্জৰ আফগানিস্তানঃ বিশ্বনেতাৰ সাহায্য বিচাৰিছে ৰছিদ খানে

    আফগানিস্তানঃ তালিবান অভ্যুত্থানৰ ফলত আতংকিত হৈ পৰা আফগানিস্তানত শান্তি পুনৰুদ্ধাৰৰ বাবে বিশ্বৰ নেতাসকলৰ হস্তক্ষেপ বিচাৰিছে দেশখনৰ তাৰকা ক্ৰিকেটাৰ ৰছিদ খানে। টুইটাৰযোগে এই কথা সদৰী কৰিছে ক্ৰিকেটাৰজনে। তেওঁ কয় যে, ‘প্ৰিয় বিশ্বনেতাসকল, সম্প্ৰতি মোৰ দেশৰ প্ৰবল বিদ্ৰোহৰ সূত্ৰপাত হৈছে। মহিলা আৰু শিশুকে ধৰি হাজাৰ হাজাৰ নিৰীহ লোকৰ প্ৰতিদিনে মৃত্যু ঘটিছে। বাসগৃহসমূহ ধ্বংস হৈ গৈ আছে। হাজাৰ হাজাৰ পৰিয়াল গৃহহীন হৈ পৰিছে। আমাক হত্যা নকৰিব, আমাক ধ্বংস নকৰিব। আমি শান্তি বিচাৰো।’






    উল্লেখ্য যে, ৰাজধানীৰ প্ৰৱেশদ্বাৰত তালিবানৰ অগ্ৰগতি আৰু তেওঁলোকৰ অৱস্থানৰ প্ৰতিবেদন বিয়পি পৰাৰ পাছত চহৰখনৰ বাসিন্দাসকলে কাবুলৰ পৰা পলায়ন কৰিবলৈ আৰম্ভ কৰিছে। আফগানিস্তানৰ ৰাজধানী কাবুল দখলৰ পাছত পৰস্থিতি অধিক অৱনতি ঘটিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ২০বছৰৰ পাছত আফগানিস্তানৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিছে। তালিবানে দেশখনৰ ৩৪খন প্ৰদেশৰ বেছিভাগ দখল কৰিছে। কাবুল দখলৰ পাছত ৰাষ্ট্ৰপতিৰ প্ৰাসাদো দখল কৰিছে তালিবানে। অনাগত সময়ত তালিবানৰ ত্ৰাস কিদৰে নিৰ্বাপিত কৰিব পৰা যায় সেয়াহে হ’ব লক্ষ্যণীয়!