• পুনৰ বন্দুকধাৰীৰ ত্ৰাস, খেলৰ মাজতে ষ্টেডিয়ামৰ বাহিৰত গুলী

    আন্তঃৰাষ্ট্ৰীয়
    পুনৰ বন্দুকধাৰীৰ ত্ৰাস, খেলৰ মাজতে ষ্টেডিয়ামৰ বাহিৰত গুলী

    ৱাশ্বিংটন ডিচি : আমেৰিকাত পুনৰ বন্দুকধাৰীৰ ত্ৰাস। খেল চলি থকাৰ সময়তে দেশখনৰ ৰাজধানী ৰাজধানী ৱাশ্বিংটন ডিচিৰ নেচনেল পাৰ্ক ষ্টেডিয়ামৰ বাহিৰত গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছে। নিউয়ৰ্ক টাইমছত প্ৰকাশিত বাতৰি অনুসৰি, ‘দৰ্শকভৰ্তি ষ্টেডিয়ামৰ বাহিৰত শনিবাৰে নিশা ৯.৩০বজাত এই ঘটনা সংঘটিত হৈছে। নেচনেল পাৰ্ক ষ্টেডিয়ামত ‘বেছবল’ খেল অনুষ্ঠিত হৈছিল। খেলৰ ৬ষ্ঠ ইনিংছ চলি থকা সময়তে বাহিৰত কেইবাজাঁই গুলীৰ শব্দ শুনিবলৈ পোৱা যায়।





    লগে লগে ষ্টেডিয়ামৰ দৰ্শকসকলৰ মাজত হৈ-চৈ লাগে। ভীতিগ্ৰস্ত দৰ্শকক সুস্থিৰ পৰিৱেশ বজাই ৰাখিবলৈ বাৰম্বাৰ অনুৰোধ কৰে কৰ্তৃপক্ষই।’ এই ঘটনাৰ পাছতে খেল স্থগিত ৰখা হয়। জানিব পৰা মতে, স্থগিত খেলখন দেওবাৰে পুনৰ অনুষ্ঠিত হ’ব। উল্লেখ্য যে, যুক্তৰাষ্ট্ৰৰ সংবিধানে প্ৰাণৰক্ষাৰ বাবে নাগৰিক সকলক অস্ত্ৰ ৰখাৰ অধিকাৰ প্ৰদান কৰা হৈছে। যুক্তৰাষ্ট্ৰৰ অধিকাংশ অংগৰাজ্যত অস্ত্ৰ ক্ৰয় কৰাটো অতি সহজ। সহজলভ্য এই অস্ত্ৰসমূহ এখন অংগৰাজ্যৰ পৰা আন এখন অংগৰাজ্যলৈও ৰপ্তানি কৰা হয়। ৱাশ্বিংটন ডিচি-ত নিশা সংঘটিত শ্বাসৰুদ্ধকৰ ঘটনাত কোনো লোক হতাহতি হোৱা নাই। বন্দুক সংস্কৃতিয়ে দেশখনৰ বাবে এক নতুন প্ৰত্যাহ্বান শেহতীয়াকৈ সৃষ্টি কৰিছে।