• ১৫০ ভাৰতীয় তালিবানৰ কৱলত, সহস্ৰাধিকৰ জীৱনলৈ শংকা

    আন্তঃৰাষ্ট্ৰীয়
    ১৫০ ভাৰতীয় তালিবানৰ কৱলত, সহস্ৰাধিকৰ জীৱনলৈ শংকা

    নতুন দিল্লী : তালিবান অধ্যুষিত আফগানিস্তানত বিপদৰ সন্মুখীন হৈছে একাংশ ভাৰতীয় নাগৰিক। সহস্ৰাধিক ভাৰতীয় নাগৰিক আফগানিস্তানত আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। এইসকলৰ লোকক তাৰ পৰা দেশলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰি থকা হৈছে যদিও তালিবানৰ বাধাই এই প্ৰক্ৰিয়াত ব্যাঘাত জন্মাইছে। আজি পুৱাৰ ভাগত স্বদেশলৈ উভতিবলৈ কাবুল এয়াৰপ’ৰ্ট অভিমুখে আহি থকা অৱস্থাত ১৫০জনকৈ ভাৰতীয়ক আটক কৰে তালিবান সন্ত্ৰাসবাদীয়ে।





    কাবুল বিমানবন্দৰত বিমানৰ বাবে অপেক্ষা কৰি থকা সময়ত তেওঁলোকক আটক কৰি থানালৈ লৈ যায় তালিবানে। তাতে তালিবানে তেওঁলোকক সোধা-পোচা কৰাৰ লগতে তেওঁলোকৰ ভ্ৰমণৰ নথি-পত্ৰও পৰীক্ষা কৰে। অৱশ্যে, ইয়াৰ পাছত তেওঁলোকক মুকলি কৰি দিয়া হয়। তেওঁলোকক তাৎক্ষণিকভাৱে বিমানেৰে দেশলৈ ঘূৰাই অনা হ’ব বুলি চৰকাৰৰ এটা সূত্ৰই প্ৰকাশ কৰিছে।





    উল্লেখ্য যে, বিভিন্ন চহৰত আবদ্ধ হৈ পৰা ভাৰতীয় নাগৰিকসকলক দেশলৈ সুকলমে ঘূৰাই অনাত প্ৰতিকূলতাৰ সৃষ্টি হৈছে। কাবুল এয়াৰপ’ৰ্টলৈ অহাৰ বাটত তালিবানে বিভিন্ন তালাচী চকী স্থাপন কৰি বিভিন্ন লোকক হাৰাশাস্তি কৰাৰ বাবে শংকাৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে অৱশ্যে ভাৰতৰ আবদ্ধ লোকক উদ্ধাৰ অভিযান চলি আছে।