• বিশ্বত প্ৰথমবাৰৰ বাবে বন্যপ্ৰাণীৰ আইনী অধিকাৰৰ আইন প্ৰস্তুত কৰিলে এইখন দেশে

    আন্তঃৰাষ্ট্ৰীয়
    বিশ্বত প্ৰথমবাৰৰ বাবে বন্যপ্ৰাণীৰ আইনী অধিকাৰৰ আইন প্ৰস্তুত কৰিলে এইখন দেশে
    ডিজিটেল ডেস্কঃ বিশ্বৰ বহুতো দেশে মানৱ অধিকাৰৰ বাবে সংগ্ৰাম কৰি আছে। একে সময়তে এই বিশ্বত এনে এখন দেশ আছে যিয়ে বন্য জন্তুক আইনী অধিকাৰ প্ৰদান কৰিছে। এইখন দেশত বন্য জন্তুক জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰা হৈছে। প্ৰকৃতিৰ ওপৰত দিয়া হৈছে কৰ্তৃত্ব। দৰাচলতে আদালতৰ এক ঐতিহাসিক সিদ্ধান্তৰ পিছত এই আইনখন প্ৰস্তুত কৰা হৈছিল। য'ত বন্যপ্ৰাণীক বিভিন্ন ধৰণৰ আইনী অধিকাৰ দিয়া হৈছে।
    দেশখন হৈছে দক্ষিণ আমেৰিকাৰ ইকুৱেডৰ। 

    লাইব্ৰেৰিয়ান হিচাপে কৰ্মৰত আন্না বেট্ৰিজ বাৰবানো প্ৰ'আনো নামৰ লোকজনে এমাহ বয়সত বনৰ পৰা এটা উলি বান্দৰ ঘৰলৈ লৈ আহিছিল। উলি বান্দৰটোৰ নাম তেওঁ ৰাখিছিল এষ্ট্ৰেলিটা। এষ্ট্ৰেলিটা পৰৱৰ্তী ১৮ বছৰ আন্না বিট্ৰিজৰ ঘৰত আছিল। বান্দৰটোৱে মানুহৰ সৈতে নিজৰ ভংগীমাৰে বাৰ্তালাপ কৰিবলৈ শিকিছিল। কণ্ঠস্বৰ আহৰণ কৰিবলৈ শিকিছিল। তাৰ পিছত এদিন হঠাতে এষ্ট্ৰেলিটাক স্থানীয় প্ৰশাসনে জব্দ কৰে আৰু চিৰিয়াখানাত ৰাখে। এষ্ট্ৰেলিটাই মানুহৰ ঘৰ এৰি চিৰিয়াখানাত থাকিব নোৱাৰিলে। তাই তাত নিসংগ অনুভৱ কৰি কাৰ্ডিঅ'-ৰেস্পিৰেটৰী এৰেষ্টত ভুগিছিল। এমাহৰ ভিতৰতে এষ্ট্ৰেলিটাৰ মৃত্যু হয়। কিন্তু মৃত্যুৰ আগতে আন্না বেট্ৰিজে এষ্ট্ৰেলিটাক ঘূৰাই পাবলৈ আদালতত গোচৰ ৰুজু কৰিছিল। তেওঁ কৈছিল যে চিৰিয়াখানাত এষ্ট্ৰেলিটাই আতংকত দিন কটাব। তাই তাত বাস কৰিব নোৱাৰিব। 

    আন্না বেট্ৰিজৰ ক্ষেত্ৰত বৈজ্ঞানিক নথিপত্ৰৰ উদ্ধৃতি দিয়া হৈছিল। তাত কোৱা হৈছিল যে এষ্ট্ৰেলিটাৰ জ্ঞানীয় ক্ষমতা আৰু সামাজিক জটিলতাৰ আচৰণে তাইৰ বাবে অকলে থকাটো কঠিন কৰি তুলিব। তাইৰ অন্ততঃ শাৰীৰিক স্বাধীনতাৰ অধিকাৰ আছে। পৰিৱেশ প্ৰশাসনিক বিষয়াসকলে তাইক চিৰিয়াখানাত ভৰোৱাৰ আগতে এষ্ট্ৰালিটাৰ পৰিস্থিতি কেনেকুৱা আছিল পৰীক্ষা কৰিব লাগিছিল। ইয়াৰ পাছতে আদালতৰ সিদ্ধান্তই এক ইতিহাস ৰচনা কৰে। আদালতে ইয়াৰ আদেশত কৈছিল যে স্থানীয় প্ৰশাসন আৰু আন্না বেট্ৰিজ দুয়োজনে এষ্ট্ৰেলিটাৰ অধিকাৰ উলংঘা কৰিছে। 

    স্থানীয় প্ৰশাসনে এষ্ট্ৰেলিটাক চিৰিয়াখানাত ভৰোৱাৰ আগতে তাইৰ প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগ দিয়া নাছিল। আনহাতে আন্না বেট্ৰিজে তাইক অৰণ্যৰ পৰা নিজৰ ঘৰলৈ আনি ভুল কৰিছিল। কাৰণ অৰণ্যখনেই এষ্ট্ৰেলিটাৰ প্ৰথম ঘৰ আছিল। আদালতে তেতিয়া দেশৰ চৰকাৰক পশু অধিকাৰ আইন সংশোধন কৰিবলৈ নিৰ্দেশ দিছিল। যদি নহয় সংশোধন নহয় নতুন আইন এখন প্ৰস্তুত কৰিব লাগে বুলি নিৰ্দেশ দিছিল। ইকুৱেডৰ হৈছে বিশ্বৰ প্ৰথমখন দেশ যত বন্য জন্তুৰ বাবে আইনী অধিকাৰ প্ৰদান কৰা হৈছে।