• আমেৰিকাত বাস কৰা সকলো বিদেশীৰ পঞ্জীয়ন বাধ্যতামূলক

    আন্তঃৰাষ্ট্ৰীয়
    আমেৰিকাত বাস কৰা সকলো বিদেশীৰ পঞ্জীয়ন বাধ্যতামূলক
    ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ প্রশাসনে দেশখনৰ অনুপ্ৰৱেশকাৰীসকল আৰু বিদেশী নাগৰিকসকলৰ ক্ষেত্ৰত নতুন পদক্ষেপ গ্রহণ কৰিছে। সেই অনুসৰি দেশখনৰ সকলো অনুপ্ৰৱেশকাৰী আৰু বিদেশী নাগৰিকে এতিয়াৰে পৰা তেওঁলোকৰ নাম চৰকাৰীভাৱে পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে।

    যিসকল বিদেশী লোকে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ অনুমতি নোলোৱাকৈ আৰু যোগাযোগ নৰখাকৈ আমেৰিকাত বাস কৰি আছে, তেওঁলোকে এতিয়া চৰকাৰৰ সৈতে পঞ্জীয়ন কৰাটো বাধ্যতামূলক হ'ব, অন্যথা তেওঁলোকে অপৰাধমূলক শাস্তিৰ সন্মুখীন হ'ব।

    আনকি, যিসকল বৈধ প্ৰব্ৰজনকাৰীয়ে ইতিমধ্যেই চৰকাৰী কৰ্তৃপক্ষৰে পঞ্জীয়ন কৰিছে, তেওঁলোকেও সকলো সময়ৰ বাবে পঞ্জীয়নৰ প্ৰমাণ-পত্ৰ নিজৰ লগত ৰাখিব লাগিব। সকলো অপঞ্জীভুক্ত বিদেশীয়ে আমেৰিকাত এই নিয়ম মানি চলিব লাগিব। এই সন্দৰ্ভত মার্কিন প্রশাসনে বিদেশী প্ৰব্ৰজনকাৰীসকলৰ বাবে এখন পঞ্জীয়ন প্র-পত্ৰ আৰু প্ৰক্ৰিয়া মুকলি কৰিছে। ইউ এছ চি আই এছত বিদেশী প্ৰব্ৰজনকাৰীসকলে এটা অনলাইন একাউণ্ট খুলি পঞ্জীয়ন প্রক্রিয়া কৰিব লাগিব।

    উৎসঃ দৈনিক জনমভূমি
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinejudi baccarat onlinesabung ayam onlinecasino onlinesabung ayam online livezeus slotslotsitus slotlive casino onlinesv388scatter hitamsabung ayam onlineagen casino onlineslot qrissbobet88sv388baccarat onlineslot maxwin