• এইখিনি কথা অনুসৰণ কৰিলে জীৱনত লাভ কৰিব সফলতা !

    জীৱন শৈলী
    এইখিনি কথা অনুসৰণ কৰিলে জীৱনত লাভ কৰিব সফলতা !

    গুৱাহাটী : জীৱনত সফলতা অৰ্জনৰ বাবে প্ৰত্যেক ব্যক্তিয়ে চেষ্টা কৰে৷ অৱশ্যে সহজতে সফল হোৱাৰো সহজ কথা নহয়৷ জীৱনৰ সফলতা লাভৰ বাবে প্রথমে দৰকাৰ বেয়া অভ্যাস চিহ্নিত কৰি বর্জন কৰিব লাগিব।





    সাফল্যৰ মূল চাবিকাঠি হৈছে আত্মবিশ্বাস। নিজক চিনি-বুজি সঠিক পথত আগবাঢ়িলে অচিৰেই সাফল্য লাভ কৰিব। নিজৰ উপৰত বিশ্বাস ৰখাটো একান্তই আৱশ্যক।





    সফল হ’বলৈ প্ৰয়োজন সঠিক পৰিকল্পনাৰ। পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি সঠিক সময়ত আগবাঢ়ি যোৱাটো প্ৰয়োজনীয়।





    সফল হবৰ বাবে দৰকাৰ পঢ়াশুনা আৰু শিকাৰ যথেষ্ট ইচ্ছা৷ পূর্বৰ কোনো কাম অনুধাবন কৰি লৈ আগবঢ়া আৱশ্যক।





    সফল হোৱাৰ সঠিক উপায় আৰু সঠিক লক্ষ্য হৈছে সেই সঠিক পথ অনুসৰণ কৰা। জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰাটো গুৰুত্বপূৰ্ণ। কোনো লক্ষ্য অবিহনে, জীৱনটো সাগৰত এজন নাবিকৰ দৰে। অবাস্তৱ লক্ষ্যৰ পিছত দৌৰাটো অৰ্থহীন।





    সফলতাৰ বাবে জৰুৰী জেদ। সৃষ্টি কৰা লক্ষ্যত লাগি থকাৰ প্ৰয়োজন। নিজৰ কথা শুনি, নিজৰ সিদ্ধান্তত দৃঢ় হৈ থকা, নিজৰ চিন্তাৰ ওপৰত নিৰ্ভৰ কৰা – এই সকলোবোৰৰ প্ৰাথমিক স্তৰ হৈছে জেদ। জেদ কৰি আগবাঢ়ি যোৱাটো প্ৰয়োজনীয়।