• এদিন তেজ বেছি মদ খাইছিল যুৱকজনে , এতিয়া বছৰি উপাৰ্জন ২ কোটি, জানো আহক ছানী বৰুৱাক

    জীৱন শৈলী
    এদিন তেজ বেছি মদ খাইছিল যুৱকজনে , এতিয়া বছৰি উপাৰ্জন ২ কোটি, জানো আহক ছানী বৰুৱাক

    মুছফিক হুছেইন : আপুনি যদি জীৱন যুদ্ধত ভাগৰিছে, তেন্তে অকণমান জিৰণি লৈ লওক কিন্তু জীৱনৰ ওচৰত কেতিয়াও হাৰ নামানিব৷ জীৱনৰ কণ্টকময় যুদ্ধত আমি প্ৰত্যেকজন লোক একো-একোজন অক্লান্ত সৈনিক৷ জীৱন যুদ্ধত হয় আমি কেতিয়াবা হাৰো কেতিযাবা জিকো৷ কিন্তু অনায়াসে জিকাতকৈ হৰাৰ পাছত পুনৰ বিজয়ৰ আঁজুৰি লোৱাৰ মাদকতা সদায়েই সুকীয়া৷ জীৱনত আমি যদি জীয়াই থকাৰ ছন্দই হেৰুৱাই পেলাইছে, তেনেহ’লে এবাৰ পৰাজিত হোৱাটো কোনো ডাঙৰ কথা নহয়৷ জীৱনত আগুৱাই যোৱাৰ বাধা যিমানেই বেছি হ’ব, তেতিয়া সফলতা প্ৰাপ্তিৰ সেই আনন্দও স্থায়ী আৰু বেছি হ’ব৷ আজি আমি ‘লাইফ ইন্ এ মেট্ৰ’ত জীৱন যুদ্ধত হাৰ নমনা এজন যুৱকক আপোনালোকৰ মাজলৈ উলিয়াই আনিম৷ জীৱনত যুদ্ধত যুৱকজনে ইমানেই বেছি উত্থান-পতনৰ সন্মুখীন হৈছে যে, সেয়া কল্পনাও কৰিব নোৱাৰি৷ ব্যৰ্থতাই তেওঁৰ জীৱনত হাজাৰবাৰ টুকুৰিয়াইছিল৷ কিন্তু নিজৰ ওপৰত থকা অযুত বিশ্বাস আৰু জীৱনত হাৰ নমনা মানসিকতাৰ বাবে ব্যৰ্থতা তেওঁৰ ওচৰত হাৰি গৈছিল৷










    যুৱকজনৰ নাম ছানী বৰুৱা৷ গুৱাহাটীৰ ভঙাগড়ৰ যুৱক ছানী বৰুৱাৰ গোটেই জীৱনটোৱেই কঠিনতাৰে ভৰা৷ জীৱনৰ ফুল কুমলীয়া বয়সতে যুৱকজনে সংগ দোষত পৰি সুৰা সেৱন কৰিবলৈ লৈছিল৷ সময়ৰ লগে-লগে যুৱকজন ইমানেই বেছি নিচাগ্ৰস্ত হৈ পৰিছিল যে, ৰাতি পুৱাৰ পৰা আৰম্ভ কৰি নিশালৈকে কেৱল সুৰাই সেৱন কৰিছিল৷ সুৰাৰ প্ৰতি যুৱকজনৰ আসক্তি ইমানেই বাঢ়ি গ’ল যে, মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ পাছত তেওঁ পঢ়া-শুনা আধাতে সামৰিব লগা হ’ল৷ পিতৃৰ অৱসৰৰ পাছত যুৱকজনৰ সুৰা সেৱন কৰিবলৈ অৰ্থৰ অভাৱ হোৱাত তেওঁ নিজৰ তেজ পৰ্যন্ত বিক্ৰী কৰি সুৰা পান কৰিছিল৷ তদুপৰি তেওঁৰ টকাৰ অভাৱ জোৰা মাৰিবলৈ ঘৰতে জুৱাৰ খেল খেলিবলৈ দি টকা সংগ্ৰহ কৰিছিল৷ সেই সময়ত, জীৱনৰ চাৰিওফালৰ পৰা যুৱক জনলৈ নামি আহিছিল কাল অমানিশা৷ হতাশা-নিৰাশাৰ মাজত ক্লান্ত হৈ ছানী বৰুৱাই এদিন নিজৰ জীৱনটো একেবাৰে শেষ কৰি পেলোৱাৰ সিদ্ধা্ন্ত ললে৷ ভবামতে কাম, ধনৰ নামত ফুটা-কৰি এটা নথকা যুৱকজনে টকা ধাৰ কৰি শ্লিপিং টেবলেট ক্ৰয় কৰিছিল আত্মহত্যা কৰিবলৈ, কিন্তু সোভাগ্যবশতঃ যুৱকজনৰ প্ৰাণ ৰক্ষা পৰে৷










    তাৰ পিছতে, যুৱকজনৰ জীৱনলৈ আহিছিল এক অসামান্য পৰিৱৰ্তন৷ মৃত্যুৰ মুখৰপৰা উভতি আহি তেওঁ যেন বুজি পালে জীৱনৰ মোল। তেওঁৰ মনত সদায়েই এটা কথায়েই ক্ৰিয়া কৰি থাকে যে, আত্মহত্যা কৰিবলৈ লোৱাৰ পাছতো তেওঁ বাছিল কিয়, নিশ্চয় তেওঁ জীয়াই থাকিবলগীয়া কিবা কাৰণ এটা আছে। কিবা এটা কৰিবলগীয়া আছে জীৱনত। প্ৰথমে ভাবিলে যে, যদিহে তেওঁ সুৰা বাদ দিয়ে তাৰ পৰা কি লাভ হ’ব তাৰেই সন্ধানত নামিল যুৱকজন৷ সুৰা বাদ দিলে এই পৃথিৱীত আটাইতকৈ বেছি সুখী হ’ব তেওঁৰ মাক-দেউতাক, গতিকে মাক-দেউতাকৰ মুখত হাঁহি বিৰিঙাবলৈ সুৰা বাদ দিবলৈ তেওঁ চেষ্টা কৰিলে। দ্বিতীয়তে সুৰা বাদ দিব পাৰিলে তেওঁৰ অন্ধকাৰ হৈ পৰা জীৱনটো নতুনকৈ উদযাপন কৰিব পাৰিব আৰু মানুহক এটা নতুন পৰিচয় দিব পাৰিব৷ কিন্তু এতিয়া কথা হ’ল তেওঁ সুৰা কেনেকৈ বাদ দিব, যিহেতু সুৰা সেৱনৰ বদ অভ্যাসে প্ৰায় ১০ বছৰ অতিক্ৰম কৰিছিল, গতিকে ইয়াক ত্যাগ কৰাটো ইমান সহজ নহয়৷ তাৰ পিছতে তেওঁ মনত বুদ্ধি পাঙিলে, যিহেতু তেওঁ সুৰা সেৱন কৰি বহুত ভাল পায় গতিকে ইমানেই বেছি মদ খাব যে সুৰা সেৱনে তেওঁক এদিন আমুৱাই৷ তাৰ পিছতে যুৱকজনে পূৰ্বতকৈ আৰু বেছি মদ খাবলৈ ধৰিলে আৰু এদিন সচাকৈয়ে আহি পৰিল সেই দিনটো, যুৱকজনৰ ভাগৰুৱা দেহটোৱে সুৰাৰ প্ৰতি বিৰাগ দেখুৱাবলৈ ধৰলে৷ কিছুদিন যোৱাৰ পাছত তেওঁ নিজে অনুভৱ কৰিলে যে, সুৰা অবিহনে তেওঁৰ জীৱনটো সুন্দৰভাৱে চলাই নিব পাৰিছে আৰু এইখিনিয়েই উপযুক্ত সময় যে ধ্বংসৰ গৰাহত হেৰাই যোৱা জীৱনটোক পুনৰবাৰ নতুনকৈ গঢ়ি তোলাৰ। সেইমতেই তেওঁ আগবঢ়ালে পৰৱৰ্তী পদক্ষেপ।










    সৰুৰে পৰা ব্যৱসায় কৰিবলৈ মনত হাবিয়াস পুহি ৰাখিছিল ছানী বৰুৱাই৷ সেই ব্যৱসায়িক মনটোক সাৰ-পানী যোগাই নিজ গৃহ চৌহদতে ‘আখল ঘৰ’ নামেৰে এখন ভাতৰ হোটেল খুলিলে তেওঁ। যিহেতু তেওঁৰ ঘৰৰ নিচেই কাষতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল গতিকে হোটেল খোলাটোৱেই সঠিক হ’ব বুলি তেওঁ ধাৰণা কৰিলে আৰু সেইমতে আগবাঢ়িল৷ প্ৰথমে হোটেলখনত অগণন গ্ৰাহকে ভিৰ কৰাৰ লগতে হোটেলখনৰ পৰা যুৱকজনে লাভৰো মুখ দেখিছিল৷ কিন্তু যুৱকজনৰ সেই সময়ত চলি থকাৰ বেয়া সময়ৰ বাবে হোটেলখন ধৰি ৰাখিব নোৱাৰিলে৷ কিন্তু বৰ্তমান ‘আখল ঘৰ’ পুনৰ প্ৰাণ পাই উঠিছে ছানী বৰুৱাৰ পৰিশ্ৰমৰ বাবে৷ ন- উদ্যমেৰে আৰম্ভ কৰা হোটেলখনত এতিয়া দৈনিক ৭০০ পৰা ৮০০জন লোকে দুপৰীয়া আহাৰ গ্ৰহণ কৰে৷ আড্ডা মাৰি ভাল পোৱা যুৱকজনে বৰ্তমানেও লগ-বন্ধুৰ সৈতে সন্ধিয়া হ’লেই ওলাই যায় আড্ডাস্থলীলৈ। কিন্তু তেতিয়াই তেওঁৰ আকৌ মনলৈ আহিল যে আড্ডা মৰাৰ মাজেৰে যদি এখন ৰেষ্টুৰেণ্ট খোলা হয় আড্ডা আৰু উপাৰ্জন দুয়োটাই হ’ব৷ সেই পৰিকল্পনাই যুৱকজনে গুৱাহাটীৰ ৰাজগড়ত আৰম্ভ কৰিছে “Rogan Josh” নামৰ এখন ফাষ্ট ফুডৰ চলন্ত ৰেষ্টুৰেণ্ট৷ এখন গাড়ীত ডিজাইন কৰা এই ৰেষ্টুৰেণ্টখনৰ প্ৰতি গ্ৰাহকৰ সঁহাৰিও ভাল৷ এসময়ত জীৱন যুদ্ধত সৰ্বশ্ৰান্ত হৈও ভাগৰি নপৰা যুৱকজন বৰ্তমান কোটিপতি৷ ‘আখল ঘৰ’ আৰু ৰেষ্টুৰেণ্টখনৰ পৰা তেওঁ এতিয়া মাহত ২ লাখ পৰ্যন্ত টকা আয় কৰিবলৈ সক্ষম হোৱাৰ লগতে যুৱকজনৰ বাৰ্ষিক আয় ২ কোটি৷ যুৱ ব্যৱসায়ীজনলৈ আমি আগবঢ়াইছিলোঁ কেইটামান প্ৰশ্ন-





    ১) আপোনাৰ অতীত খুবেই প্ৰত্যাহ্বানপূৰ্ণ একপ্ৰকাৰ অন্ধকাৰ আছিল। তথাপি আপুনি ইয়াৰ পৰা পৰিত্ৰাণ পাইছে৷ এতিয়াও আপোনাৰ মনত সুৰাৰ দৰে বস্তুৰ প্ৰতি আসক্তি জাগে নেকি?
    ছানী বৰুৱা- বৰ্তমান ছানী বৰুৱা সুৰাৰ পৰা হাজাৰ মাইল দূৰত৷ এতিয়া যদি মোক কোনোবাই সুৰাৰ প্ৰতিটো পেগৰ প্ৰতি কোটি টকাও দিয়ে তেতিয়াও মই সুৰা পান নকৰোঁ বুলি প্ৰতিশ্ৰুতিবদ্ধ৷ লগৰৰ সৈতে পাৰ্টী কৰিবলৈ মই এতিয়াও যাওঁ কিন্তু পাৰ্থক্য মাথোঁ এতিয়া এটাই মই আজিকালি জেপত সুৰাৰ সলনি ছফ্ট ড্ৰিংকচ হে লৈ যাওঁ৷
    ২) মেটমৰা অভিজ্ঞতাৰে আপোনাৰ জীৱনটো পৰিপূৰ্ণ, ভবিষ্যত প্ৰজন্মক কি ক’ব?
    ছানী বৰুৱা- এসময়ত সুৰাৰ ৰাগীত মতলীয়া হৈ থাকিয়েই জীৱনটো হেৰুৱাবলৈ লৈছিলোঁ৷ তাৰ পৰা উদ্ধাৰ হ’ব পাৰিছোঁ মই। গতিকে এই পৃথিৱীত মানুহে কৰিব নোৱাৰা কাম একো নাই৷ মাথোঁ নিজৰ অস্তিত্বক চিনি পোবাৰ প্ৰয়োজন৷ সৎ পথত থাকি সকলোৱে টকা উপাৰ্জন কৰক, সিমানেই কম৷