• পুৱা শুই উঠি কেতিয়াও নকৰিব এইসমূহ কাম.....

    জীৱন শৈলী
    পুৱা শুই উঠি কেতিয়াও নকৰিব এইসমূহ কাম.....

    গুৱাহাটী : দিনটোৰ ভালদৰে শুভাৰম্ভণি কৰিবলৈ কিছু নিয়ম মানি চলাটো জৰুৰী। বাস্তু শাস্ত্ৰ অনুসৰি পুৱা শুই উঠি কিছু কাম কৰাটো শুভ লক্ষণ নহয় বুলি ধাৰণা কৰা হয়৷





    বহুলোকে শুই উঠি নিজৰ চেহেৰাটো আইনাত চাবলৈ ভাল পায়। কিন্তু বাস্তু শাস্ত্ৰৰ মতে ৰাতিপুৱা শুই উঠি আইনা চালে গোটেই ৰাতিৰ ঋণাত্মক দিশসমূহ প্ৰতিফলিত হয়।





    ইয়াৰ উপৰিও বহুলোকে হিংশ্ৰ জন্তুৰ ফটো নিজৰ শয়ন কক্ষত থয় তেনে ফটোও চাব নালাগে। বাস্তু শাস্ত্ৰৰ মতে ই বহুত অশুভ। লগতে ৰাতিপুৱা শুই উঠি নিজৰ বা অন্যবেলেগৰ প্ৰতিচ্ছবি চাব নালাগে।





    বাস্তু শাস্ত্ৰৰ মতে শুই উঠি বাথৰূমৰ কুমুড চাব নালাগে। কাৰণ তাত ৰাহুৰ বাস থাকে।





    বাস্তু শাস্ত্ৰৰ মতে শুই উঠি নিজৰ আঙুলি দৰ্শন কৰিব লাগে। কাৰণ হাতৰ আঙুলিত সৰস্বতী, লক্ষ্মী বাসস্থান হয়। শুই উঠি প্ৰথমেই নিজৰ ইষ্ট দেৱতাক নাম লৈ আঙুলিৰে চেহেৰাটো মচিব লাগে। তাৰ পাছতেই নতুন দিনৰ আৰম্ভণি কৰক। তাৰ পিছতেই পানী খাই সূৰ্য দৰ্শন কৰিব লাগে।