• ভোগালীৰ আখল : বগা তিলৰ মচমচীয়া পিঠাৰ ৰন্ধন প্ৰণালী

    জীৱন শৈলী
    ভোগালীৰ আখল : বগা তিলৰ মচমচীয়া পিঠাৰ ৰন্ধন প্ৰণালী

    ডিজিটেল ডেস্ক : বিহুৰ বতৰত পৰিয়ালক খোৱাই চাওক বগা তিলৰ নিমখীয়া পিঠা৷ ৰন্ধন প্ৰণালীৰ বাবে আপোনাক লাগিব এইসমূহ উপকৰণঃ





    বগা তিল,
    চুজি-আধা কাপ,
    ৰঙা আটা একাপ,
    চফ দুটামান,
    কাঠ বাদাম-৫টা (নিজৰ মতে),
    ঘিউ-২ টেবুল চামুচ,
    জালুকৰ গুড়ি আধা চামুচ,
    পিহি লোৱা নাৰিকল ২ টেবুল চামুচ,
    ৰিফাইন তেল (ভাজিবৰ জোখত)
    নিমখ-সোৱাদ অনুসৰি,
    মিঠা খোৱাসকলে গুড় বা চেনি দিব পাৰে,
    বেকিং পাউদাৰ-চামুচৰ আগত অকণমান।





    প্ৰস্তুত প্ৰণালীঃ মিক্সাৰ গ্ৰাইণ্ডাৰত বগা তিল, কাঠ বাদাম, চুজি আৰু চফ একেলগে মিহিকৈ পিহি ল’ব। কেৰাহী পাতি আটা আৰু পিহি লোৱা মিক্সাৰখিনি গোন্ধ ওলোৱালৈকে সুন্দৰকৈ ভাজি এটা পাত্ৰত কাঢ়ি থ’ব। হাতেৰে চুব পৰা হ’লে নিমখ, জালুক, পিহা নাৰিকল, বেকিং পাউদাৰ আৰু ঘিউ মিহলাই পানীৰে মথি ল’ব। ১০ মিনিট ঢাকি থৈ দিয়াৰ তাৰ পাছত বেলনাত এক ইঞ্চি ডাঠ কৰি ৰুটীৰ দৰে বেলি লওক।





    বেলোতে গোটা তিল ছটিয়াই বেলিলে ওপৰত তিল লাগি থাকে। যিকোনো গিলাচ বা বটলৰ মুখনিয়ে গোল গোল কৰি সৰু সৰু লুচিৰ দৰে কৰি যাব। সকলোখিনি একে পদ্ধতিৰে কৰিব। ৰিফাইন গৰম কৰি তেলত দি যাব। দুয়ো পিঠি ৰঙচুৱা বৰণ আৰু মচমচীয়া হ’লে বগা কাগজত তেলৰ পৰা কাঢ়ি থ’ব।