আঞ্চলিক
ডিজিটেল ডেস্ক: শীতকালত অতিৰিক্ত ঠাণ্ডা পৰে, যাৰ বাবে আমি এলেহুৱা হৈ পৰো । কিন্তু শীতকালত যোগাসনৰ অভ্যাসে আমাৰ শৰীৰৰ বাবে মহৌষধত পৰিণত হোৱাৰ সম্ভাৱনা আছে । মুম্বাই স্থিত নিষ্ঠা বিজলানীয়ে যোগাসনৰ গুৰুত্ব সম্পৰ্কে প্ৰকাশ কৰিছে । দিনটো এগিলাছ গৰম পানীৰে আৰম্ভ কৰক৷ যি আপোনাৰ হজম শক্তি স্থিৰে ৰখাত সহায় কৰিব ।কপালভাটি যোগাসন কৰক ।
মেটত বহি ঘণকৈ উশাহ-নিশাহ লওক । উশাহ-নিশাহৰ সময়ত মুখ আৰু চকু বন্ধ কৰি ৰাখি ৫০ বাৰকৈ দিনে খালীপেটত যোগাসন কৰক । মাহেকীয়া হোৱাৰ সময়ত অথবা গৰ্ভৱতী মহিলাৰ বাবে এই অভ্যাস কৰাত বাধা আছে ৷ কপালভাটিৰ দৰেই ইয়ো এক উশাহ-নিশাহ অভ্যাস । এক সন্তোষজনক অৱস্থানত বহি লৈ ইয়াৰ কৰক । উচ্চ ৰক্তচাপ, মাহেকীয়া আৰু গৰ্ভাৱস্থাত ইয়াক বৰ্জন কৰক ।সুষমা ব্যায়াম অভ্যাস কৰক । ইয়ে আপোনাৰ শৰীৰৰ গাঁঠিসমূহ সুকলমে পৰিচালনা কৰাত সহায় কৰে ৷ ইয়াৰ দ্বাৰা ডিঙি, হাত, ভৰি আদিৰ গাঁঠিসমূহ মুকলিকৈ লৰচৰত কৰাত সহায়ক হয় । দিনে ১৫-২০ মিনিট অভ্যাস কৰক ধনুৰ দৰে শৰীৰক পিছফালে ভাজ কৰি এই আসন কৰিব পাৰি ,এই আসনৰ দ্বাৰা ৰাজহাড়ৰ লগতে হজম শক্তি আৰু সমগ্ৰ শৰীৰটো সস্বল কৰিব পাৰি ।লাহে লাহে উশাহ লৈ আসন কৰক । পিঠিৰ আঘাত থকা লোকে ইয়াক বৰ্জন কৰক ।পৰাপক্ষত গৰম খাদ্য গ্ৰহণ কৰক । এই সময়ত ঘৰতে প্ৰস্তুত কৰা লঘু তথা গৰম খাদ্য, বিশেষকৈ চুপ পান কৰক । যিহেতু ঠাণ্ডাৰ দিনত হজম ক্ৰিয়া পৰিৱেশিক কাৰণত দুৰ্বল হৈ থাকে, সেয়ে ৰাতি সোনকালেই খাদ্য গ্ৰহণ কৰিব লাগে ৷
শীতকালত মধুমেহ ৰোগীসকলে বহু সমস্যাৰ সন্মুখীন হ'য়৷ ঠাণ্ডাৰ বাবে শৰীৰিক কাৰ্যকলাপ কমকৈ কৰা বাবে আদ্ৰেনেলিন আৰু কোৰ্টিছোলৰ দৰে হৰমন নিঃসৰণ হোৱাৰ ফলত যকৃতে অধিক গ্লুকজ নিঃসৰণ কৰে যাৰ বাবে ব্লাড ছুগাৰৰ পৰিমাণ বৃদ্ধি পায় ৷শীতকালত মধুমেহ অথবা অন্য ৰোগৰ পৰা হাত সাৰিবলৈ কেইটামান প্ৰাকৃতিক যোগাভ্যাস সম্পৰ্কত জানো আহক
১৷ মধুমেহ নিয়ন্ত্ৰণত ৰাখিবৰ বাবে এক দীঘলিয়া খাদ্য-তালিকা অনুসৰন কৰিব লগা হয় ৷শাক-পাচলি,ফল-মূল,ঘেঁহুজাতীয় খাদ্য় আদি গ্ৰহণ কৰা উচিত ৷ আনহাতে, মিঠাই,চৰ্বিজাতীয় খাদ্য় খোৱাৰ পৰা বিৰত থকা উচিত ৷ ইয়াৰোপৰি,মধুমেহ ৰোগীয়ে ড্ৰাই ফ্ৰ্তইট খোৱাৰ পৰা বিৰত থকা উচিত ৷কিয়নো ইয়াৰ ফলত দেহত ছুগাৰৰ পৰিমাণ বৃদ্ধি পায় ৷
২৷ প্ৰস্ৰাৱৰ দ্ধাৰা অধিক গ্লুকজ বাহিৰ হোৱাৰ পৰা বিৰত থাকিবলৈ দেহক হাইড্ৰেট কৰি ৰখা অতি প্ৰয়োজন ৷ সেয়ে অধিক পানী খোৱা উচিত ৷
৩৷দিনটোৰ বিভিন্ন কষ্ট আৰু ৰোগৰ পৰা মুক্ত হ'বৰ বাবে প্ৰয়োজনীয় নিদ্ৰা লোৱা উচিত ৷মধুমেহ ৰোগীসকলে ৬ৰ পৰ ৭ঘণ্টা শুৱা উচিত ৷
৪৷মধুমেহৰ পৰা হাত সাৰিবলৈ পৰিস্কাৰ-পৰিচ্ছন্নতা বহু প্ৰয়োজনীয় ৷সঘনাই চাবোনেৰে হাত ধোঁৱা উচিত ৷
৫৷মধুমেহ ৰোগীয়ে অধিক চৰ্বিযুক্ত,এলকহল,কেফেইন আৰু চেনীযুক্ত খাদ্য় গ্ৰহণ কৰা অনুচিত ৷অন্য়থা তেওঁলোকৰ দেহত ৰোগ প্ৰতিৰোধী ক্ষমতা হ্ৰাস পায় ৷
৬৷শকত লোকৰ ৮০-৮৫শতাংশ দ্ধিতীয় পৰ্যায়ৰ মধুমেহ হোৱাৰ আশংকা অধিক ৷ দেহত প্ৰয়োজন হোৱা ইনচুলিন সৃষ্টি কৰিবলৈ অগ্নাশয় অসমৰ্থ হৈ পৰে ৷ সেয়ে সুস্থ আৰু ফিট থাকিবৰ বাবে দেহৰ ওজন হ্ৰাস কৰাটো অধিক প্ৰয়োজনীয় ৷
Leave A Comment