• সেউজ প্ৰেৰণাৰ অন্য এক নাম 'লেডী টাৰ্জান' যমুনা টুডু

    জীৱন শৈলী
    সেউজ প্ৰেৰণাৰ অন্য এক নাম 'লেডী টাৰ্জান' যমুনা টুডু

    ষাঠিৰ পৰা সত্তৰ দশকৰ সময়ছোৱাত উত্তৰ প্ৰদেশৰ বন বিভাগে বন নিৰণিৰ কাম ঠিকাদাৰৰ হাতত চমজাইছিল। ঠিকাদাৰসকলে উত্তৰাখণ্ডৰ পাহাৰীয়া অঞ্চলকে আদি কৰি হিমালয়ৰ বিস্তীৰ্ণ অঞ্চলত অবৈধ বনধ্বংসৰ পাতনি মেলিছিল। এই অবৈধ অৰণ্যৰোদন বন্ধ কৰাৰ উদ্দেশ্যে এক বলিষ্ঠ কন্ঠস্বৰ হৈ আগবাঢ়ি আহিছিল চণ্ডী প্ৰসাদ ভট্ট আৰু সুন্দৰলাল বহুগুণাৰ দৰে সামাজিক ব্যক্তি তথা পৰিৱেশবিদ সকলে। তেওঁলোকৰ নিৰন্তৰ আন্দোলনে কোনো প্ৰভাৱ পেলাব পৰা নাছিল ৰজাঘৰীয়াৰ ওপৰত। চৰকাৰৰ এই আওহেলাৰ বিপৰীত মেৰুত ঐক্যবদ্ধ সংগ্ৰাম অব্যাহত ৰাখিছিল গাওঁবাসীয়ে। গাৱে-ভূঞে, অঞ্চলে-অঞ্চলে সজাগতা সভাৰ আয়োজন কৰা হৈছিল। এই আন্দোলনৰ মাজেৰেই আত্মপ্ৰকাশ ঘটিছিল গৌৰা দেৱীৰ দৰে তেজস্বী নাৰীৰ। ২৬ মাৰ্চ ১৯৭৪ চনৰ চিপকো আন্দোলনৰ কথা নুশুনা মানুহ নাই বুলি কলেও ভুল কোৱা নহ’ব।





    যুগান্তকাৰী চিপকো আন্দোলনৰ আন্দোলিত সময়ছোৱাত সমাজৰ পট পৰিৱৰ্তনৰ বাবে পুৰুষৰ সমানে আগবাঢ়ি আহিছিল নাৰী সমাজ। সমাজত প্ৰচলিত অবাধ বনাঞ্চল ধ্বংস তথা ব্যাপকৰূপত প্ৰচলিত অৰণ্য নিধন যজ্ঞৰ নাকী লগাবলৈ একত্ৰিত হৈছিল নাৰীশক্তি। অস্বাভাৱিক পৰিস্থিতিতন্ত্ৰৰ নিয়ন্ত্ৰণৰ বাবে জাগ্ৰত প্ৰহৰী হৈ ওলাই আহিছিল উত্তৰাখণ্ডৰ নাৰী সমাজ। চৰকাৰী প্ৰহসনৰ বিৰূদ্ধে গৌৰা দেৱীয়ে কি অদম্য সাহসেৰে ঠিয় দিছিল সেয়া অনস্বীকাৰ্য। বন্দুকধাৰী কাঠ মাফিয়াৰ হুমুকিয়ে স্তিমিত কৰিব পৰা নাছিল গৌৰা দেৱীৰ প্ৰজ্বলিত প্ৰজ্ঞা। কাঠ-মাফিয়াৰ নিয়ম বহিৰ্ভূত বনাঞ্চল ধ্বংসৰ নিৰ্মম অত্যাচাৰ সহিব পৰা নাছিল গৌৰা দেৱীয়ে। গান্ধীবিহীন স্বাধীন ভাৰতবৰ্ষত পুনৰ আৰম্ভ হৈছিল অহিংসা বিপ্লৱৰ। গৌৰা দেৱীৰ নেতৃত্বত ওলাই অহা জাক-জাক নাৰীৰ জাগ্ৰত সত্বাৰ প্ৰতিধ্বনিত সেও মানিছিল চৰকাৰ-প্ৰশাসন। ঔদ্যোগিকৰণৰ অচিলা লৈ প্ৰাকৃতিক পৰিৱেশলৈ মাতি অনা ভয়াৱহ অশনি সংকেতৰ উমান পাইছিল সচেতন নাগৰিকে। অৱশেষত চিপকো আন্দোলনে এক নতুন ৰূপ পৰিগ্ৰহ কৰিছিল। সমগ্ৰ পৃথিৱীতে প্ৰভাৱ বিস্তাৰ কৰা চিপকো আন্দোলনৰ মৰ্মাৰ্থ অতি গুৰুত্বপূৰ্ণ। প্ৰকৃতিক জীয়াই তোলাৰ এক নান্দনিক তথা অভিনৱ প্ৰতিবাদৰ জীৱন্ত স্বাক্ষৰ ‘চিপকো আন্দোলন’।





    চিপকো আন্দোলন




    চিপকো আন্দোলনৰ মাজেৰে আৰম্ভ হোৱা অৰণ্য ৰক্ষাৰ এই অভ্যুত্থানৰ পাছতো কেতবোৰ অঞ্চলত পূৰ্ণগতিত চলি আছিল কাঠ-মাফিয়াৰ ৰমৰমীয়া বেহা। বিংশ শতিকাত এই তুঁহ জুইকুৰাৰ উমান পোৱা গৈছিল ঝাৰখণ্ডত। বনাঞ্চল ৰক্ষাৰ বাবে ওলাই আহিছিল ১৮বছৰীয়া এগৰাকী গাভৰু। ১৯৯৮চনৰ পৰা নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই গৈছে তেওঁ। প্ৰাণতকৈ প্ৰকৃতিক ভাল পোৱা এই অভিনৱ পদক্ষেপৰ প্ৰতি সন্মান জনাই ভাৰত চৰকাৰে ২০১৯বৰ্ষত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে তেওঁক। গাওঁখনৰ বনাঞ্চল ৰক্ষা আৰু ইয়াৰ সংবৰ্দ্ধনৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখা এইগৰাকী বনকন্যা হৈছে যমুনা টুডু। যমুনা টুডু এগৰাকী ভাৰতীয় পৰিৱেশ কৰ্মী। পাঁচগৰাকী মহিলাৰ সৈতে একত্ৰিত হৈ গাওঁৰ ওচৰত বনাঞ্চল ধ্বংস প্ৰতিৰোধ কৰা এই দলটো পাছত এটা সংগঠনলৈ বিস্তাৰিত হৈছিল। ঝাৰখণ্ডত কাঠ-মাফিয়া আৰু নক্সালবাহিনীৰ সৈতে মোকাবিলা কৰাৰ বাবে 'লেডি টাৰ্জান' নামেৰে জনাজাত হৈ পৰিছিল তেওঁ।





    বনকন্যা যমুনা টুডু




    আৰু পঢ়কঃ হৰনাম কৌৰঃ এমুখ দাড়িৰে সৌন্দৰ্য আৰু সাফল্যৰ নতুন ইতিহাস ৰচা যুৱতীগৰাকী





    সুদীৰ্ঘ ৬৪টা বছৰ ধৰি চোৰাং চিকাৰীৰ কু-দৃষ্টিৰ পৰা অৰণ্য সংৰক্ষণেৰে এক অনন্য কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁ। কেৱল নিজৰ গাওঁখনৰে নহয় আশে-পাশে থকা গাওঁসমূহলৈ লহৰী গৈ, সমাজৰ মানুহখিনিক একিত্ৰত কৰি, ‘বন ৰক্ষা সমিতি’ গঠনেৰে মানৱকুলক অৰণ্য প্ৰেমৰ পাঠ দিছে যমুনা টুডুৱে। বৃক্ষসখী যমুনা টুডুৱে প্ৰতিজোপা বৃক্ষকে সহোদৰ জ্ঞান কৰে। চোৰাং চিকাৰীৰ বিৰুদ্ধে সৰব হৈ পৰা যমুনা টুডুলৈ আহিছিল প্ৰাণৰ ভাবুকি। ৰে'লেৰে বহিৰাগত ৰাজ্যসমূহলৈ চলিছিল অবৈধ কাঠৰ সৰবৰাহ। যমুনা টুডুৱে ইয়াৰ বিৰূদ্ধে জাগি উঠিছিল। ষ্টেছন মাষ্টাৰক অৱগত কৰাৰ পাছত কিছুদিনলৈ এই প্ৰক্ৰিয়া বন্ধ হৈ থাকিল যদিও কাঠ-মাফিয়াৰ তত্পৰতাত সেয়া স্থায়ী নহল।





    বৃক্ষসখী যমুনা




    ৰে'লেৰে পুনৰ আৰম্ভ হল চোৰাং কাঠৰ অবৈধ সৰবৰাহ। আকৌ ওলাই আহিল যমুনা টুডু। এই সময়ছোৱাতে সংঘটিত হৈছিল এক অমানৱীয় কাণ্ড। ষ্টেচন মাষ্টাৰৰ সৈতে কথা পাতি ৰেল ষ্টেচনৰ পৰা উভতি অহাৰ সময়ত কাঠ মাফিয়াৰ সঁজাতি দলে জপিয়াই পৰিছিল তেওঁলোকৰ ওপৰত। প্ৰচণ্ড শিলাবৰ্ষনত আঘাতপ্ৰাপ্ত হৈছিল প্ৰতিগৰাকী কৰ্মী। কিন্তু বশ্যতা স্বীকাৰ কৰা নাছিল যমুনা টুডুৱে। ন-উদ্দীপনাৰে পুনৰ জাগি উঠিছিল এইসকল বীৰাংগনা।অৰণ্য সংৰক্ষণৰ জৰিয়তে জীৱিকাৰো বাট মোকলাইছে গাওঁবাসীয়ে। শাল গছৰ পাতেৰে বিভিন্ন সামগ্ৰী সাজি উলিয়াইছে গাওঁৰ মহিলাসকলে। সামগ্ৰীসমূহ বজাৰত বিক্ৰী কৰি একোটা পৰিয়াল পোহপাল দি আত্মিনিৰ্ভৰশীলতাৰ অভূতপূৰ্ব নিদৰ্শন দেখুৱালৈ সক্ষম হৈছে তেওঁলোকে। তিনিশতকৈও অধিক বন সুৰক্ষা সমিতি গঠনেৰে নৱ উদগীৰণৰ বাট মোকোলোৱা এইসকল মহিলাই আত্মসুৰক্ষাৰ বাবে লৈ ফুৰে ধনু-কাড়।





    প্ৰতিবছৰে ৰাখী বন্ধনৰ দিনা প্ৰতিজোপা গছক ৰাখী পিন্ধাই প্ৰকৃতি আৰু মানুহক সমন্বয়ৰ বাৰ্তা দিবলৈ সক্ষম হোৱা মহিলাসকলে বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন বৃক্ষ ৰোপনৰ কাৰ্যসূচী পালন কৰি আহিছে। যমুনা টুডুৱে কাঠ মাফিয়া আৰু নক্সালবাদীসকলৰ পৰা লো লোৱাৰ দুঃসাহসিক অভিযান আৰম্ভ কৰিছিল। তেওঁ কেৱল ৫০ হেক্টৰ বনাঞ্চল ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰাই নহয় ১০,০০০ মহিলাক একত্ৰিত কৰি গছ আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে তেওঁলোকক অনুপ্ৰাণিতও কৰিছিল। আজি গাওঁবাসীয়ে এটি শিশুৰ জন্মত ১০-১৫ টা গছপুলি ৰোপণ কৰে আৰু কন্যাৰ বিয়াত ১০ টা গছপুলি ৰোপণ কৰাতো সময়ৰ সমাহৰণত ই পৰম্পৰাত পৰিণত হৈছে। অৰণ্য ৰক্ষনাবেক্ষনৰ মাজতে সময় উলিয়াই স্বামীৰ সৈতে ৰাজমিস্ত্ৰীৰো কাম কৰে যমুনা টুডুৱে।
    ভাবুকি আৰু বিপদৰ প্ৰাচীৰে যমুনা টুডুক বাধা দি ৰাখিব পৰা নাই। উত্তৰাখণ্ডৰ জামছেদপুৰৰ পৰা প্ৰায় ৯২ কিলোমিটাৰ দূৰত পূব সিংভূমিৰ চাকুলিয়া খণ্ডৰ মুতুৰ্খাম গাঁৱৰ বীৰাংগনা যমুনা টুডুৰ জীৱন আৰু সংগ্ৰাম এখন চলচ্চিত্ৰৰ দৰে। চলচ্চিত্ৰ নিৰ্মাতা ধৰ্মেন্দ্ৰ বাঘেলে যমুনা টুডুক কেন্দ্ৰ কৰি ইতিমধ্যে ছবি নিৰ্মাণৰ কাম আৰম্ভ কৰিছে।





    গছক ৰাখী পিন্ধাই ভাতৃ-ভগ্নী জ্ঞান যমুনা টুডুৰ




    যমুনা টুডুক ২০১৪ চনত চাকুলিয়াৰ ঘন বনাঞ্চলত দুৰ্ঘোৰ কাঠ-মাফিয়াৰ বিৰূদ্ধে নিৰ্ভীকতাৰে যুঁজ দিয়া বাবে ‘গডফ্ৰে ফিলিপছ সাহসিকতা বঁটা’ প্ৰদান কৰা হৈছিল। নিঃসন্দেহে ছবিখন মুক্তি পোৱাৰ পাছত সমাজৰ অসংখ্য পুৰুষ-মহিলাই অৰণ্য সুৰক্ষাৰ বাবে অনুপ্ৰাণিত হ’ব। সৰলমনা টুডুৱে তেওঁৰ ওপৰত নিৰ্মাণ হ'বলগীয়া চলচ্চিত্ৰখনৰ বিষয়ে কেনে অনুভৱ কৰে বুলি সোধাত টুডুৱে কৈছিল-‘মই বহুত সৰু আছিলোঁ।চকুৰ সন্মুখতে মানুহে গছ কাটিছে, অৰণ্য সংকীৰ্ণ আৰু নাইকিয়া হ’বলৈ গৈ আছে আৰু কোনেও একো নকয়।অৰণ্য ৰক্ষা কৰাটো মোৰ কাম আৰু আবেগ। ইয়াত ভয়ৰ কোনো স্থান নাই। মই বহুতো মহিলাক অৰণ্য ৰক্ষাৰ বাবে মোৰ সৈতে এই সংগ্ৰামত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছোঁ। যিটো মই গুৰুত্বপূৰ্ণ বুলি ভাবো।’ বাট কুৰি বাই যমুনা টুডুৱে সমাজৰ বাবে বাট মোকলাইছে। বাণি-ফটা বাটেৰে কঢ়িয়াই আনিছে এমুঠি সেউজীয়া। গছ-গছনি, বনাঞ্চল, নদী, জলাশয় আদি প্ৰাকৃতিক উপাদানৰ সৈতে মানুহ আৰু অন্যান্য জীৱকূলৰ মাজত একেলগে গঢ়ি উঠা ভাৰসাম্যমূলক সম্পৰ্কক যমুনা টুডুৰ পৰিবেশানুকুল পৰ্যটনে ঠাৱেঠিকে নতুন মাত্ৰা দিছে। তেওঁৰ এই আদৰ্শৰ শাখা-প্ৰশাখা মানবজাতিৰ সিৰে সিৰে শিপাই যাওক…





    - নিৰ্মল ডেকা