• ভৰিৰ নখ, গা ধোৱা পানী বিক্ৰী কৰি লক্ষাধিক টকা উপাৰ্জন এগৰাকী যুৱতীৰ

    জীৱন শৈলী
    ভৰিৰ নখ, গা ধোৱা পানী বিক্ৰী কৰি লক্ষাধিক টকা উপাৰ্জন এগৰাকী যুৱতীৰ
    ডিজিটেল ডেস্ক
    এগৰাকী যুৱতীয়ে ভৰিৰ নখ, গা ধোৱাৰ পানী বিক্ৰী কৰি  উপাৰ্জন কৰে লাখ লাখ টকা ! এই যুৱতীগৰাকীৰ নাম ৰেবেকা ব্লু ৷ যুৱতীগৰাকীয়ে  নখ,গা ধোৱা পানী, পুৰণি কাপোৰ বিক্ৰী কৰি প্ৰতি মাহে কেইলাখ টকা উপাৰ্জন কৰে। যুৱতীগৰাকীয়ে ইন্টানেটত থকা তেওঁৰ জনপ্ৰিয়তাক ব্যৱহাৰ কৰি এই বৃহৎ পৰিমাণ ধন উপাৰ্জন কৰিছে৷ 

    বৰ্তমান বহু অদ্ভুত বৃত্তিৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ জীৱন সংগ্ৰাম চলাই নিবলৈ বিভিন্ন লোক বিভিন্ন ধৰণৰ বৃত্তিৰ সৈতে জড়িত হৈ আছে। নথ কেৰোলিনাৰ বাসিন্দা ২৮ বছৰীয়া ৰেবেকা এনে এগৰাকী ব্যক্তি। তেওঁ ভৰিৰ নখ বিক্ৰী কৰি প্ৰতি মাহে প্ৰায় ৭-৮ লাখ টকা উপাৰ্জন কৰে।

    ৰেবেকা ইনষ্টাগ্ৰামত এটা অতি পৰিচিত মুখ। লগতে তেওঁ যথেষ্ট জনপ্ৰিয়ও ৷ তেওঁৰ অনুৰাগীৰ সংখ্যাও অগণন। তেওঁক সন্মুখৰ পৰা চাবলৈ, তেওঁৰ অনুৰাগীসকলে তেওঁক এবাৰ স্পৰ্শ কৰিবলৈ আগ্ৰহী। আৰু এই যুৱতীগৰাকীয়ে এই জনপ্ৰিয়তাক ব্যৱহাৰ কৰিছে।  যুৱতীগৰাকীয়ে  তেওঁৰ ব্যৱহৃত সামগ্ৰীবোৰ ধনৰ বিনিময়ত অনুৰাগীসকলক প্ৰদান কৰিছিল। ভৰিৰ নখৰ উপৰিও, এই তালিকাত অন্তৰ্ভুক্ত থাকে গা ধোৱা পানী, ব্যৱহৃত ইয়াৰবাড, আনকি চোবোৱা খাদ্য আৰু থুইয়ো৷

    ৰেবেকাৰ ঘৰৰ সেৱকসকলক এই সামগ্ৰীবোৰ পেলাই নিদিবলৈ কঠোৰ নিৰ্দেশনা দিছিল।  তেওঁ এই বস্তুবোৰ সাৱধানে ৰাখে। অৱশ্যে ৰেবিকাই এনেদৰে উপাৰ্জন কৰা টকা ৰাস্তাৰ মেকুৰী, চাৰ্মিয়াত খৰচ কৰে বুলি জানিবলৈ দিয়ে৷