• বিমান দুর্ঘটনাটো ভাষাৰে প্ৰকাশ কৰিব নোৱৰাকৈ হৃদয় বিদাৰক: মোদী

    ৰাষ্ট্ৰীয়
    বিমান দুর্ঘটনাটো ভাষাৰে প্ৰকাশ কৰিব নোৱৰাকৈ হৃদয় বিদাৰক: মোদী
    ডিজিটেল ডেস্ক : আহমেদাবাদত বৃহস্পতিবাৰে সংঘটিত বিমান দুর্ঘটনাক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাষাৰে প্রকাশ কৰিব নোৱৰাকৈ হৃদয়বিদাৰক বুলি অভিহিত কৰে। তেওঁ আৰু কয় যে এই দুর্ঘটনাই আমাক 'স্তম্ভিত আৰু দুঃখিত কৰিলে।' 

    সামাজিক মাধ্যম এক্সৰ এটা প'ষ্টত প্রধানমন্ত্রীয়ে কয়, 'আহমেদাবাদত সংঘটিত কৰুণ ঘটনাই আমাক স্তম্ভিত আৰু দুঃখিত কৰিলে। ই ভাষাৰে প্ৰকাশ কৰিব নোৱৰাকৈ হৃদয়বিদাৰক।' তেওঁ আৰু কয়, 'এই সময়ত, (দুৰ্ঘটনাৰ দ্বাৰা) পীড়িত সকলোৰে প্ৰতি মোৰ সমবেদনা। পীড়িতসকলক সহায় কৰিবৰ বাবে কাম কৰি থকা প্ৰশাসন আৰু মন্ত্ৰীসকলৰ সৈতে মই যোগাযোগত আছোঁ।'

    উল্লেখযোগ্য যে ইয়াৰ আগতে প্রধানমন্ত্রী মোদীয়ে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামবোহন নাইডুৰ সৈতে কথা পাতি তেওঁৰ পৰা দুৰ্ঘটনাটোৰ বিষয়ে জানিবলৈ বিচাৰে। মন্ত্ৰীজনে প্রধানমন্ত্রীক জনায় যে উদ্ধাৰ আৰু সাহায্য কাৰ্য নিৰীক্ষণ কৰিবলৈ তেওঁ আহমেদাবাদলৈ গৈ আছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ৰ এজন বিষয়াৰ মতে, 'প্রধানমন্ত্রীয়ে মন্ত্ৰীজনক জৰুৰীভাৱে সকলো প্রয়োজনীয় সাহায্য নিশ্চিত কৰিবলৈ আৰু পৰিস্থিতিৰ কথা নিয়মীয়াকৈ জনাই থাকিবলৈ নির্দেশ দিয়ে।'

    মোদীয়ে গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতেও কথা পাতে। আৰু শ্বাহকো আহমেদাবাদলৈ গৈ সম্ভাব্য সকলো সহায় আগ বঢ়াবলৈ নির্দেশ দিয়ে।