• আজিৰ দিনটো কেনে যাব? ৰাশিফল চাওঁ আহক

    জীৱন শৈলী
    আজিৰ  দিনটো কেনে যাব? ৰাশিফল চাওঁ আহক
    ২৯/০৮/২৪, বৃহস্পতি বাৰ

    মেষ ৰাশি: আজিৰ দিনটোৱে আপোনাৰ বাবে নতুন আশা কঢ়িয়াই আনিব ৷ নতুন পৰিকল্পনা হাতত লোৱাৰ বাবে উপযুক্ত সময় ৷ নিজ প্ৰচেষ্টাৰে সহজভাৱে কাম কৰিবলৈ চেষ্টা কৰক ৷ আপোনাৰ কৰ্মক্ষেত্ৰত অলপ অসুবিধাৰ সৃষ্টি হ’ব পাৰে ৷ মহিলাসকলে তেওঁলোকৰ জিভাৰ ওপৰত কাবু ৰাখক, অযথা যি কোনো কথা কৈ বিপদ চপাই নল’ব ৷ ভ্ৰমণ এৰাই চলক ৷ ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰা উচিত ৷ প্ৰেমৰ সম্পৰ্কত ইজনে আনজনৰ ওপৰত বিশ্বাস ৰখাটো প্ৰয়োজন ৷

    বৃষ ৰাশি: আপোনাৰ ভাগ্য উদয় হ’ব ৷ আপোনৰ কাৰ্য ক্ষমতাৰ যোগেদি আপুনি যিকোনো কাম সহজে কৰিব পাৰিব ৷ কামত যাতে কোনো ধৰণৰ লোকচান নহয় তাৰ প্ৰতি চকু ৰখাৰ প্ৰয়োজন ৷ কোনো নতুন কাম হাতত নোলোৱাই ভাল ৷ পৰিয়াল, বন্ধু বা সহকৰ্মীৰ লগত আলোচনাৰ সময়ত চকু ৰাখক যাতে আপুনি যাতে আপোনাৰ সীমা অতিক্ৰম নকৰে ৷ আপুনি কোৱা কথাত আপোনাৰ জ্ঞানৰ পৰিচয় দিয়ক ৷ আপোনাৰ ভাতৃ-ভগ্নীৰ লগত আপোনাৰ সম্বন্ধ ভাল হ’ব ৷ প্ৰেমত শুভ ৷

    মিথুন ৰাশি: আপোনাৰ প্ৰিয় ব্যক্তিসকলৰ সৈতে সময় কটাবলৈ আজি অতি সুন্দৰ দিন ৷ বন্ধুসকলক নিমন্ত্ৰণ কৰি সময় কটাব পাৰে বা ৰাতিৰ আহাৰ একেলগে কৰক আপুনি সুখী অনুভৱ কৰিব ৷ প্ৰচুৰ ধনাগমনৰ যোগ দেখা গৈছে ৷ কিন্তু যধে-মধে ধন খৰচ কৰি বিপদত নপৰিব ৷ সীমাৰ ভিতৰত খৰচৰ চেষ্টা কৰক ৷ যিকোনো বিপদৰ পৰা আপুনি সহজে বাচি থাকিব পাৰিব ৷ বন্ধু আৰু প্ৰিয় ব্যক্তিৰ পৰা উপহাৰ লাভ কৰিব পাৰে ৷ পাৰিলে একেলগে সময় কটাওক ৷

    কৰ্কট ৰাশি: আজি আপোনাৰ কোনো কথাত খং আৰু চিন্তা বৃদ্ধি পাব পাৰে ৷ নিজকে শান্ত ৰাখক অন্যথা মানসিক অস্থিৰতাই আপোনাৰ কামৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে ৷ বিশেষকৈ আপুনি সঠিক সিদ্ধান্ত লোৱাত বিফল হ’ব পাৰে ৷ যিমান পাৰি সিমান তৰ্ক-বিতৰ্ক কাজিয়া আদিৰ পৰা আঁতৰি থাকক নহ’লে পৰিস্থিতি আৰু বেয়ালৈ যাব পাৰে ৷ গণেশৰ উপদেশ মতে, সাধাৰণ জীৱন যাপন কৰক অধিক পোৱাৰ আশা ত্যাগ কৰক ৷ ধন অধিক খৰচ হ’ব পাৰে আৰু শৰীৰ বেয়া হ’ব পাৰে ৷ খাদ্যভ্যাসৰ ওপৰত আৰু ধনৰ ওপৰতো চকু ৰাখক ৷

    সিংহ ৰাশি: আজি আপোনাৰ বাবে এটা সৰ্বাংগ সুন্দৰ দিন ৷ পৰিৱেশ আপোনাৰ সপক্ষে থাকিব কিন্তু যদিহে আপুনি মন নিদিয়ে তেন্তে সুযোগ লওতে বিফল হ’ব ৷ যদিহে নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে কিছুদিন বাট চাওক ৷ বন্ধুসকলে আপোনাক লগ দিব আৰু কিছু ক্ষেত্ৰত তেওঁলোকে আপোনাক সহায় কৰিব ৷ বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ ব্যৱসায় ভালে চলি থাকিব আৰু ধনাগমনৰ যোগ দেখা গৈছে ৷

    কন্যা ৰাশি: গণেশৰ কৃপাত সকলোৰে বাবে ভাল দিন ৷ যদিহে নতুন কাম হাতত লোৱাৰ কথা ভাবিছে তেন্তে নিৰ্ভয়ে কৰক ৷ কৰ্মক্ষেত্ৰত আপোনাৰ বাবে সঠিক সময়, উন্নতিৰ যোগ দেখা গৈছে ৷ পদোন্নতিৰ যোগ ৷ পাৰিবাৰিক ক্ষেত্ৰতো শুভ ৷ চৰকাৰৰ ফালৰ কোনো সুবিধা পোৱাৰ যোগ আছে ৷ কামৰ ক্ষেত্ৰত আপুনি বেছি দৌৰা দৌৰি কৰি থকাৰ প্ৰয়োজন নাই সকলো কাম সহজে হৈ যাব ৷

    তুলা ৰাশি: আপুনি যদিহে লিখামেলা বা কলাৰ লগত জড়িত ব্যক্তি তেন্তে এই সময় আপোনাৰ বাবে খুবেই ভাল ৷ নতুন কাম আৰম্ভ কৰা আৰু নতুন সিদ্ধান্ত লোৱাৰ বাবে উপযুক্ত সময় ৷ আপোনাৰ সহকৰ্মী আৰু জেষ্ঠ কৰ্মীৰ সহায়-সহযোগিতা সকলো ফালৰ পৰা লাভ কৰিব আৰু আপোনাৰ কামত অগ্ৰগতি হ’ব ৷ ব্যৱসায়ীসকলৰ বাবেও উন্নতিৰ সময় ৷ শৰীৰৰ যত্ন লওক আৰু খাদ্য গ্ৰহণৰ ক্ষেত্ৰত চকু ৰাখক ৷ আপোনাৰ চাৰিওকাষে থকা লোকসকলৰ লগত অনাহক তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক ৷ তীৰ্থ ভ্ৰমণৰ যোগ আছে ৷

    বৃশ্চিক ৰাশি: কাৰো পৰা দয়া বা কৃতজ্ঞতাৰ আশা নকৰিব ৷ প্ৰত্যেক ক্ষেত্ৰতে অতি সাৱধানেৰে চলক ৷ নতুন একো কাম আৰম্ভ নকৰিব, বেছি লোকচানৰ সম্ভাৱনা আছে ৷ খৰচৰ ক্ষেত্ৰত চকু ৰাখক অন্যথা অতি সোনকালে জমা ধনো খৰচ হ’ব ৷ অনৈতিক কামৰ পৰা আঁতৰি থাকক অন্যথা বিপদত পৰিব পাৰে ৷ নতুনকৈ লগ পোৱা লোকক সহজে বিশ্বাসত নল’ব ৷ সাৱধানে লক্ষ্য কৰক আৰু চিন্তা চৰ্চা কৰিহে বন্ধু বনাওক ৷ আপোনাৰ বাবে আজিৰ প্ৰধান কাম যোগ চৰ্চা কৰক ধ্যান কৰক আৰু মনক স্থিৰ কৰি আগবাঢ়ক ৷

    ধনু ৰাশি: আপোনাৰ দিন আনন্দময় হ’ব ৷ গণেশৰ কৃপাত সুখ আৰু আনন্দই আপোনাক সকলো ফালৰ পৰা আগুৰি থাকিব ৷ বিভিন্ন ক্ষেত্ৰত থকা লোকক লগ পাব আৰু সুফল লাভ কৰিব ৷ বন্ধুৰ লগত বা প্ৰেমিকৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ কৰ্মত সফলতা পাব ৷ ব্যৱসায়ীসকলে সহযোগীৰ ফালৰ পৰা লাভ পাব ৷ আপুনি যথেষ্ট সন্মান অৰ্জন কৰিব ৷

    মকৰ ৰাশি: আজি আপোনাৰ জীৱনো বিভিন্ন ৰঙেৰে ৰঙীন হৈ পৰিব ৷ ব্যৱসায়ী, চাকৰিয়াল শিক্ষাৰ্থী বা মহিলাসকলৰ জীৱন ভালদৰে পাৰ হ’ব ৷ পৰিবাৰিক আৰু কৰ্মক্ষেত্ৰত দিনটো সুন্দৰভাৱে পাৰ হ’ব ৷ আপুনি চৰকাৰী কোনো কামত মেৰপেচত সোমালেও সহজে বাচিব পাৰিব ৷ শৰীৰ ভালে থাকিব আৰু কোনো বিপদতো নপৰে ৷ প্ৰেমৰ দিশৰ কথা ক’বলৈ গ’লে আজি প্ৰিয় ব্যক্তিৰ সৈতে সুন্দৰ সময় কটাব পাৰে ৷ এনে কৰিলে আপোনাৰ সম্পৰ্ক উন্নত হ’ব ৷ বিবাহিতসকলৰ সৈতেও ঠিক একেই কথা প্ৰযোজ্য ৷

    কুম্ভ ৰাশি: আপোনাৰ বাবে আজি এক বিপদৰ দিন ৷ সাৱধানে আগবাঢ়ক ৷ নতুন কাম হাতত লোৱাৰ পৰা বিৰত থাকক আৰু ভ্ৰমন এৰাই চলক ৷ সমগ্ৰ দিন উদ্দিগ্নতাৰ মাজেদি পাৰ হ’ব ৷ মহিলাসকলে খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ আপোনাক উৎসাহ জনোৱা ব্যক্তিসকলৰ সান্নিধ্য লাভ কৰিব৷ কলাৰ সৈতে জড়িতসকলে নিজকে শান্ত ৰাখিবলৈ কলাৰ সৈতে কামত নিজকে ব্যস্ত ৰাখক ৷ হঠাৎ খৰচৰ মাত্ৰা বৃদ্ধি হ’ব পাৰে ৷ ধ্যান কৰক ৷

    মীন ৰাশি: সকলো সময়তে এক কঠিন হেঁচাৰ মাজত থকা যেন অনুভৱ হ’ব ৷ বিভিন্ন ফালৰ পৰা বিপদ আহিব পাৰে ৷ ফলত আপোনাৰ শৰীৰ আৰু সম্পতিৰ বেয়া হানি হ’ব ৷ সেইবাবে যিমান পাৰে শান্তভাৱে থকাৰ চেষ্টা কৰক ৷ বিশেষকৈ মহিলাৰ লগত কথা পাঁতোতে সাৱধান হওক ৷ চাকৰিয়াল সকলৰ বাবে অধিক বিপদৰ সময় ৷ সম্পত্তি বেচা-কিনাৰ ক্ষেত্ৰত বা বাহন ক্ৰয়ৰ ক্ষেত্ৰত বিশেষভাৱে সাৱধান হোৱাৰ প্ৰয়োজন ৷