২৫/০৮/২৪, দেওবাৰ
মেষ- ব্যৱসায়ত লাভ। ঘৰলৈ নতুন বস্তু আহিব। পৰিয়ালৰ লোকৰ সৈতে ভ্ৰমণৰ যোগ। কাৰোৰে লগত তৰ্ক নকৰিব। সন্তানৰ স্বাস্থ্যই কিছু চিন্তিত কৰিব।
বৃষ- ভাল খবৰ লাভ কৰিব।স্বাস্থ্য ভালে থাকিব। সংসাৰত শুভ। কৰ্ম স্থানত অশান্তি। প্ৰেমত মংগল।
মিথুন- যিকোনো অভাৱ দূৰ হ’ব । আলহী অহাৰ সম্ভাৱনা অধিক। অগ্নিৰ পৰা দূৰত থাকিব। হাতলৈ আকস্মিক ধন আহিব পাৰে। প্ৰেমত বাধা।
কৰ্কট- কাৰোবাৰ লগত তৰ্ক হ’ব পাৰে। হতাশা আহিব। পঢ়াত মধ্যম। ৰাজনীতিৰ বাবে দিনটো শুভ। কুকুৰৰ পৰা দূৰত থাকিব।
সিংহ- সাৱধান হওক। পৰিয়ালৰ প্ৰতি যত্ন লওঁক। ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা আছে। নিজক সুখী ৰাখিবলে চেষ্টা কৰক। মনৰ আশা পুৰণ হ’ব পাৰে।
কন্যা- মনত দুখ পাব। মানসিক চিন্তা বাঢ়িব। দুপৰীয়াৰ পিছত স্বাস্থ্য কিছু ভালে নাযাব। পতি-পত্নীৰ মাজত মতানৈক্যৰ সম্ভাৱনা। পুৰণি পৰিকল্পনা সম্পূৰ্ণ হ’ব।
তুলা- ঘৰৰ পৰা ওলাই যাওঁতে সাৱধানে যাওক। পৰিয়ালৰ লগত বিবাদ হ’ব পাৰে। প্ৰেমত সম্পৰ্ক ভাল হ’ব।
বৃশ্চিক- আমদানি-ৰপ্তানিৰ কাম কৰা লোক সকল উপকৃত হ’ব। আনৰ আবেগক শ্ৰদ্ধা কৰক। খৰছৰ মাত্ৰ কম কৰক। ধৰ্মীয় স্থান ভ্ৰমণৰ সম্ভাৱনা আছে।
ধনু- ঘৰলৈ আলহীৰ আগমন হ’ব পাৰে। ব্যৱসায়ীৰ বাবে লোকচানৰ দিন । মনটো অসুখী হ’ব। পেটৰ বিষত ভুগিব পাৰে।
মকৰ- কৰ্মস্থানত প্ৰশংসা পাব। বেপাৰ-বাণিজ্যত মধ্যম। সন্তানৰ স্বাস্থ্যই চিন্তাত পেলাব। বুকুৰ বিষ হ’ব পাৰে। পানী জমা হোৱা ঠাইৰ পৰা আঁতৰি থাকিব। কথা কোৱাৰ ক্ষেত্ৰত সংযম হ’ব।
কুম্ভ- হাতত থকা ধন হেৰুৱাব পাৰে। অহংকাৰ নকৰিব। নহ'লে কোনো কামৰ সমাধান নহ’ব। খং কমাব। অন্যথা লোকচান আপোনাৰ হ’ব। গাড়ীৰ পৰা সাৱধানে থাকিব।
মীন- কৰ্মত উন্নতি। কামৰ প্ৰতি দায়বদ্ধতা থাকিব। ভ্ৰমণৰ যোগ। গণেশৰ আৰাধনা কৰক। স্বাস্থ্য উন্নত। প্ৰেমত শান্তি।
Leave A Comment