ডিজিটেল ডেস্কআপুনি, মই অথবা বেছিভাগ মানুহেই চাহ বা কফিৰ কাপত চুমুক দি দিনটো আৰম্ভ কৰে। ৰাতিপুৱাৰ অলসতা আঁতৰাবলৈ আৰু দেহলৈ সজীৱতা আনিবলৈ চাহ আৰু কফিয়ে যথেষ্ট সহায় কৰে৷ একাপ চাহৰ সুবাসে ৰাতিপুৱাটো সুন্দৰ কৰি ৰাখে। অৱশ্যে, বিশেষজ্ঞসকলে কয় যে টোপনিৰ পৰা উঠি পোনপটীয়াকৈ চাহ খোৱাটো স্বাস্থ্যৰ বাবে ভাল লক্ষণ নহয়। প্ৰয়োজন হ'লে কম পৰিমাণৰ খাব পাৰি।আমি চাহ বা কফিৰ সৈতে খোৱা গাখীৰ, চেনি সম্পূৰ্ণৰূপে অপকাৰী। এনে বহুলোক আছে যিয়ে এই গাখীৰ, চেনি অবিহনে কফি আৰু চাহ খাবই নোৱাৰে। এনে লোক সহজেই বুকু জ্বলা-পোৰা কৰা, গেষ্ট্ৰিকৰ সমস্যাৰ সন্মুখীন হয়৷
চাহত খোৱা চেনি ক্ষতিকাৰক কিয়?
বিশেষজ্ঞসকলে কয় যে , স্বাস্থ্যৱান হৈ থাকিবলৈ আৰম্ভণিৰে পৰা চেনি খোৱা অভ্যাস ত্যাগ কৰিব লাগিব। পুষ্টিবিদসকলে সদায় কয় যে চাহৰ সৈতে চেনি মিহলি কৰাটো একেবাৰে স্বাস্থ্যকৰ নহয়। সেয়া আধা চাহ চামুচ হওঁক বা এক চামুচেই হওঁক। চেনিৰ কোনো পুষ্টিগত মূল্য নাই। একে সময়তে,চেনি খোৱাৰ ফলত ৰক্তচাপ, ৰক্ত শৰ্কৰা, ওজন আদিয়ো বৃদ্ধি হয়।
চেনিয়ে স্বাস্থ্যৰ কেনেদৰে ক্ষতি কৰে?
যদি আপুনি প্ৰতিদিনে চাহ বা কফিত ১ চাহ চামুচ চেনী মিহলি কৰে, তেন্তে ১ বছৰত ৪ কিলোগ্ৰাম ওজন বৃদ্ধি হ'ব। এই অতিৰিক্ত ওজন শৰীৰ ধ্বংস কৰিবলৈ যথেষ্ট। একে সময়তে, কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড, ৰক্ত শৰ্কৰা সকলো বৃদ্ধি হয়। চকুৰ সমস্যাও চেনিয়ে সৃষ্টি কৰে। লগতে বৃক্কৰ ৰোগো সৃষ্টি হ’ব পাৰে। আলঝেইমাৰৰ দৰে সমস্যা অতি সোনকালেই হ’ব পাৰে৷ চেনিয়ে আমাৰ ভোক হ্ৰাস কৰে। গতিকে চেনি অত্যাধিক খোৱা সকল সাৱধান৷ চেনিৰ সলনি যিকোনো লোকে গুৰ খোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰে৷
Leave A Comment