আঞ্চলিক
ডিজিটেল ডেস্ক : খাদ্যৰ মাজত পানী খোৱাটো বহুতৰে অভ্যাস। যদি খাদ্য
খোৱাৰ পাছত পানী খায় তেন্তে খাদ্য হজম হোৱাত পলম হয়। পাকস্থলীত উৎপন্ন হোৱা এচিডে
হজম ক্ষীপ্ৰ কৰে। প্ৰতিটো আহাৰ খোৱাৰ লগে লগে পানী খোৱাৰ ফলত সেই এচিডৰ ঘনত্ব কিছু
পৰিমাণে হ্ৰাস পাবলৈ ধৰে। ফলত খাদ্য হজম হ’বলৈ বেছি সময় লাগে। গতিকে বহুতে খোৱাৰ আগতে
বা খোৱাৰ কিছু সময়ৰ পাছতহে পানী খায়।
color:#444444">১৯৯৯ চনৰ পৰা মেয়’ ক্লিনিকৰ সৈতে কাম কৰি আছে ডাঃ মাইকেল পিকো। ডাঃ
পিকো ইউ এছ কলেজ অব মেডিচিনৰ মেয়’ ক্লিনিকৰ চিকিৎসা বিজ্ঞানৰ সহকাৰী অধ্যাপক আৰু ফ্ল’ৰিডাৰ
মেয়’ ক্লিনিকৰ পৰামৰ্শদাতা গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট। তেওঁ এই ধাৰণাটোৰ বিৰোধিতা কৰিছিল।
তেওঁৰ মতে, পানীয়ে পাচন এচিড পাতল নকৰে বা হজম কৰাত অসুবিধা নকৰে। ইয়াৰ বিপৰীতে খাদ্য
খোৱাৰ সময়ত বা খোৱাৰ পাছত পানী খালে হজম কাৰ্যত সহায়ক হয়।
color:#444444">সুস্বাস্থ্যৰ বাবে পানী অতি প্ৰয়োজনীয়। পানী আৰু অন্যান্য পানীয়ই
খাদ্য ভাঙি পেলোৱাত সহায় কৰে, গতিকে আপোনাৰ শৰীৰে খাদ্যৰ পৰা পুষ্টিকৰ উপাদানসমূহ
শোষণ কৰিব পাৰে। পানীয়ে কোষ্ঠকাঠিন্য ৰোধ কৰাত সহায় কৰে। অৱশ্যে চেনিযুক্ত পানীয়
সেৱন নকৰাটো ভাল। চেনিযুক্ত পানীয়ৰ পৰিৱৰ্তে পাৰিলে সাধাৰণ পানী বাছি লওক।
color:#444444">কিন্তু খাদ্য খোৱাৰ আগতে কিছু সময়ৰ আগতে এগিলাচ পানী সেৱন কৰা ভাল।
ই শৰীৰৰ হজম শক্তি বৃদ্ধি কৰে। খাদ্য খোৱাৰ সময়ত পানী খোৱাৰ এই প্ৰৱণতা শিশুৰ ক্ষেত্ৰত
বেছিকৈ দেখা যায়। কাৰণ বেছিভাগ ল’ৰা-ছোৱালীয়ে ভালদৰে খাদ্য চোবাই নাখায়। খাদ্যৰ মাজত
অজুহাত হিচাপে পানী খায়। বেছিভাগ অভিভাৱকে ভাবে যে খাদ্য খোৱাৰ সময়ত পানী খালে শিশুৰ
শৰীৰত উপযুক্ত পৰিমাণৰ পুষ্টিকৰ উপাদান নাপায়। পুষ্টিবিদসকলৰ মতে খাদ্যৰ মাজত পানী
খোৱাটো একেবাৰেই অস্বাস্থ্যকৰ নহয়।
Leave A Comment