স্বাস্থ্য
ডিজিটেল
ডেস্ক : সনাতন ধৰ্মত নাৰিকলক শ্ৰীফলৰ মৰ্যাদা দিয়া হয়। শ্ৰীফল মানে ফলৰ ভিতৰত শ্ৰেষ্ঠ,
নাৰিকল অবিহনে যিকোনো সবাহ, পূজা বা শুভ কাম অসম্পূৰ্ণ। আনহাতে, জ্যোতিষশাস্ত্ৰতো নাৰিকলৰে
বহু প্ৰকাৰৰ গ্ৰহৰ দোষ আৰু বাধা দূৰ কৰাত অতি ফলপ্ৰসূ গণ্য কৰা হয়। আজি আমি নাৰিকলৰে
কৰা কেইটামান উপায় বিষয়ে জানো আহক যিটো অতি ফলপ্ৰসূ।
১.
সমস্যা, বাধা-বিঘিনি দূৰ কৰাৰ প্ৰতিকাৰ:-জীৱনত যদি বাৰে বাৰে সমস্যা আহি থাকে বা একোৱেই
ভাল হোৱা নাই যেন লাগে, তেন্তে পানী থকা এটা নাৰিকল লৈ নিজৰ শৰীৰৰ ওপৰেৰে ২১বাৰ ঘূৰাই
যিকোনো মন্দিৰলৈ গৈ যজ্ঞৰকুণ্ডত জ্বলাই দিব লাগে। প্ৰতি মঙলবাৰ আৰু শনিবাৰে ৫সপ্তাহলৈকে
এই কাম কৰিব লাগে।
২.
চাকৰি-ব্যৱসায়ত সফলতা লাভ কৰাৰ প্ৰতিকাৰঃ-চাকৰি বা ব্যৱসায়ত সফলতা লাভ কৰিবলৈ ঘৰত
নাৰিকল গছ ৰোপণ কৰক। ইয়াৰ দ্বাৰা বৃহস্পতি গ্ৰহো শক্তিশালী হৈ আপোনাক শুভ ফল প্ৰদান
কৰিব আৰু অতি সোনকালেই আপুনি সফলতা লাভ কৰিব। ইয়াৰ ফলত ঘৰত ধনৰ আগমনো বৃদ্ধি পাব।
ঘৰৰ দক্ষিণ বা পশ্চিম দিশত নাৰিকল গছ ৰোপণ কৰিব লাগে।
৩.
নজৰ দূৰ কৰাৰ প্ৰতিকাৰঃ-মঙলবাৰে ৰঙা কাপোৰ এখনত এটা নাৰিকল বান্ধি ব্যক্তিজনৰ ওপৰৰ
পৰা ৭বাৰ ঘূৰাই হনুমানজীৰ চৰণত অৰ্পণ কৰিব লাগে।
৪.
আৰ্থিক সমস্যা দূৰ কৰাৰ প্ৰতিকাৰঃ-শুকুৰবাৰে ৰঙা কাপোৰ পিন্ধি লক্ষ্মী দেৱীক পূজা কৰিব
লাগে। মালক্ষ্মীৰ পূজাত নাৰিকল অৰ্পণ কৰি পিছদিনা নাৰিকলটো এখন ৰঙা কাপোৰেৰে মেৰিয়াই
ঘৰৰ এনে ঠাইত ৰাখক য’ত বাহিৰৰ কোনো মানুহে দেখা নাপায়। কিছুদিনৰ ভিতৰতে দেৱী লক্ষ্মীৰ
আশীৰ্বাদ আপোনাৰ ওপৰত পৰিব।
Leave A Comment