• গৰমৰ দিনত বেলৰ চৰবতৰ আছে আশ্চৰ্যজনক লাভালাভ, জানো আহক কেনেকৈ?

    জীৱন শৈলী
    গৰমৰ দিনত বেলৰ চৰবতৰ আছে আশ্চৰ্যজনক লাভালাভ, জানো আহক কেনেকৈ?

    ডিজিটেল
    ডেস্কঃ গ্ৰীষ্মকালত বেলৰ চৰবত অতি উপকাৰী। কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা আৰম্ভ কৰি একে
    সময়তে তেজ পৰিষ্কাৰ কৰাতো বেলৰ ৰসৰ আছে যথেষ্ট অৰিহণা। ইয়াৰ বাহিৰেও বেলৰ ৰসৰ আছে
    বহুতো লাভজনক গুণ।



     ১.
    ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰেঃ-গৰমৰ দিনত বেলৰ চৰবতে শৰীৰ ঠাণ্ডা কৰাৰ লগতে ৰোগ
    প্ৰতিৰোধী ক্ষমতা শক্তিশালী কৰি তোলে। বেলৰ ৰসত প্ৰ'টিন, বিটা-কেৰোটিন, থিয়ামিন, ৰাইবোফ্লেভিন
    আৰু ভিটামিন-চি আদিৰ দৰে পুষ্টি থাকে।



     ২.
    তেজ পৰীষ্কাৰ কৰেঃ-তেজ পৰিষ্কাৰ কৰাত বেলৰ ৰস অতি গুৰুত্বপূৰ্ণ। তেজ পৰিষ্কাৰ কৰাৰ
    বাবে বহু প্ৰকাৰৰ ঔষধ আছে যদিও বেলৰ ৰসে প্ৰাকৃতিকভাৱে তেজ পৰীক্ষা কৰাত সহায় কৰে।



     ৩.
    হৃদৰোগৰ বাবেও উপকাৰীঃ-বেলৰ ৰসৰ লগত এক নিৰ্দিষ্ট পৰিমাণৰ ঘিউ খালে বহুতো উপকাৰ পোৱা
    যায়। ই হৃদৰোগ আক্ৰমণৰ আশংকাও হ্ৰাস কৰে।



     ৪.
    মহিলাৰ বাবে লাভজনকঃ-বেলৰ ৰস খোৱাটো মহিলাসকলৰ বাবে অতি উপকাৰী। দৰাচলতে বেলৰ ৰসে স্তন
    কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়ে। স্তনপান কৰোৱা মহিলাসকলৰ বাবেও বেলৰ ৰস উপযোগী কাৰণ
    বেলৰ ৰসে মাতৃদুগ্ধ উৎপাদনতো সহায় কৰে।



     ৫. বেলৰ ৰস খোৱাৰ নিয়ম-আপুনি পুৱা বা আবেলি খালী পেটত
    বেলৰ ৰস খাব পাৰে, কিন্তু মনত ৰাখিব যে আপুনি খোৱাৰ লগে লগে বা চাহ আৰু কফিৰ পিছত বেলৰ
    ৰস খাব নালাগে। কিয়নো এনে কৰাৰ দ্বাৰা আপোনাৰ সুবিধাৰ সলনি অসুবিধা হ'ব পাৰে।