• শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন, উৎসৱৰ বতৰত নিজকে সাজু কৰিবলৈ ছালৰ যত্ন সম্পৰ্কে কেইটামান ঘৰুৱা দিহা জানি লওক

    জীৱন শৈলী
    শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন, উৎসৱৰ বতৰত নিজকে সাজু কৰিবলৈ ছালৰ যত্ন সম্পৰ্কে কেইটামান ঘৰুৱা দিহা জানি লওক

    ডিজিটেল ডেস্ক : শাৰদীয় বতৰ মানে
    উৎসৱৰ আগমন। এই উৎসৱৰ বতৰত সকলো ব্যস্ত হৈ পৰে বজাৰ-সমাৰ লগতে নিজকে কেনেদৰে পূজাৰ
    বাবে সাজু কৰি তুলিব তাৰে যেন এক অঘোষিত প্ৰতিযোগিতাত। এনে অৱস্থাতে মুখৰ উজ্জ্বলতাই
    সৌন্দৰ্য্য আৰু দুগুণে বৃদ্ধি কৰে। সেয়েহে আমি এই উৎসৱৰ বতৰত ঘৰুৱা উপায়েৰে কেনেদৰে
    শৰীৰৰ বা ছালৰ যত্ন ল’ব পাৰি জানো আহক।



     ১. দৈয়ে টেনিং আঁতৰায়-



    দৈৰ সহায়ত ফেচিয়েল টেনিং আঁতৰাই
    পেলোৱা হয়। হাতৰ ক’লা দাগ আঁতৰাবলৈ একাপ দৈত এচিকুট হালধি মিহলাই পেষ্ট বনাব লাগে।
    এই পেষ্টটো হাতত লগাই শুকুৱাই যোৱাৰ পাছত লাহে লাহে হাতেৰে ঘঁহি পেলাওক। সপ্তাহত তিনি-চাৰিবাৰ
    এই পেষ্ট লগালে লাহে লাহে টেনিং নোহোৱা হৈ যাব।



     ২. এলোভেৰা-



    যদি সূৰ্য্যৰ পোহৰ আৰু ধূলিৰ বাবে
    ৰ’দত ছাল পোৰা সমস্যা হৈ আছে। তেন্তে ইয়াক আঁতৰাবলৈ এলোভেৰা জেল অতি উপযোগী। এলোভেৰা
    জেল হাতত ঘঁহি ৰাতিটোৰ বাবে থৈ দিব। তাৰ পাছত পাছদিনা পানীৰে ধুই পেলাব লাগে। দৈনিক
    এলোভেৰা জেল প্ৰয়োগ কৰিলে কেইদিনমানৰ ভিতৰতে টেনিং পাতল হ’বলৈ আৰম্ভ কৰে।



     ৩. নেমু-



    নেমুৰ ৰসে শৰীৰত জমা হোৱা মলি ক্ষীপ্ৰতাৰে
    আঁতৰাই পেলায়। হাতৰ টেনিং আঁতৰাবলৈ ইয়াক অতি সহজ পদ্ধতিৰে ব্যৱহাৰ কৰিব পাৰি। মাত্ৰ
    এচামুচ নেমুৰ ৰস এটা বাটি পানীত মিহলাই লওক। অলপ পানী গৰম কৰি তাত নেমু ৰসখিনি দি এই
    পানীত হাত দুখন ডুবাই ৰাখক। প্ৰায় ১৫ মিনিটমান হাত দুখন ডুবাই ৰাখিব লাগে। নেমুৰ বাবে
    ক’লা ছালখন লাহে লাহে উজ্জ্বল হ’বলৈ আৰম্ভ কৰে।



     ৪. বিলাহীঃ-



    বিলাহীৰ পাল্প দৈৰ লগত মিহলাই পেষ্ট
    বনাওক। এই পেষ্টটো হাতত লগাই প্ৰায় ১৫ মিনিটৰ পাছত যেতিয়া শুকাই যাব তেতিয়া লাহে
    লাহে ঘঁহি পেলাওঁক। বিলাহী আৰু দৈ একেলগে টেনিং হ্ৰাস কৰে। ইয়াৰ লগতে ছালখনো কোমল
    আৰু উজ্জ্বল কৰি তোলে।