• বনছাই, কেকটাছ আদি কিদৰে সজাব, ফেংছুইৰ নিয়ম

    জীৱন শৈলী
    বনছাই, কেকটাছ আদি কিদৰে সজাব, ফেংছুইৰ নিয়ম
    ডিজিটেল ডেস্কঃ  বনছাই, কেকটাছ আদি সৌভাগ্যৰ প্ৰতীক। কিন্তু সেইবোৰ ৰখাৰো নিয়ম আছে। এনে উদ্ভিদে মানুহৰ মন সহজে আকৰ্ষণ কৰে। সমগ্ৰ বিশ্বতে সেয়ে  বনছাই, কেকটাছ আদি সজোৱা সামগ্ৰীৰ ভিতৰত এক অন্যতম সামগ্ৰী হিচাবে পৰিগণিত হৈছে। বিশ্বত সেয়ে  বনছাই, কেকটাছ আদিৰ বৃহৎ বজাৰ এখনো গঢ়ি উঠিছে।

    আজিকালি ঘৰৰ ভিতৰত বহুতেই বনছাই, কেকটাছ আদি সজাই ৰাখে। বনছাই, কেকটাছ আদি সজাই ৰাখিলে ঘৰৰ সৌন্দৰ্য নিঃসন্দেহে বৃদ্ধি পায়। কিন্তু ফেংছুইৰ মতে ঘৰৰ ভিতৰত কেতিয়াও বনছাই, কেকটাছ আদি সজাই ৰখাটো উচিত নহয়। বনছাই ,কেকটাছ আদিব পৰা অনবৰতে অশুভ শক্তি নির্গত হয়। 

    কেকটাছ হৈছে কাঁইটীয়া। ই শুভশক্তিক বিনাশ কৰি অশুভ শক্তি এৰি দিয়ে। সেয়ে এনে কেকটাছ কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে। ঘৰৰ ভিতৰত কেকটাছ ৰাখিলে নানান ধৰণৰ দুৰ্ঘটনা, ব্যবসায়ত লোকচান, গৃহকন্দল আদি হ'ব পাৰে। একেদৰে বনছাই হৈছে বিকাশক বলপূর্বক বাধা দি ৰখাৰ প্ৰক্ৰিয়াৰ ফলত হোৱা সৃষ্টি। 


    কোনো বৃহৎ গছ এজোপাক বিশেষ পদ্ধতিৰে সৰু গছৰ ৰূপতে ৰখা হয়। ইয়াৰ ফলত বিকাশৰ গতি স্তব্ধ হৈ পৰে। ই প্ৰকৃতিৰ নিয়ম বিৰুদ্ধ কথা। প্ৰকৃতিৰ নিয়মৰ বাহিৰলৈ গৈ প্ৰস্তুত কৰা বনছাই ঘৰৰ ভিতৰত ৰাখিলে নানান ধৰণৰ অপায়-অমংগল হ'ব পাৰে। 


    বনছাই ঘৰৰ ভিতৰত ৰাখিলে ইয়াৰ পৰা নিৰ্গত হোৱা অশুভ শক্তিয়ে গৃহস্থৰ মানসিক অৱস্থা বিধ্বস্ত কৰি তুলিব পাৰে  । সেয়ে ঘৰৰ ভিতৰত কেতিয়াও বনছাই, কেকটাছ আদি ৰাখিব নালাগে বুলি ফেংছুইয়ে বিধান দি আহিছে।