ডিজিটেল ডেস্কঃমানুহভেদে ৰাশিও বেলেগ বেলেগ হয়। জন্মৰ ক্ষণ অনুসৰি মানুহৰ ৰাশি নির্ধাৰণ হয়। দৰাচলতে প্ৰতিটো ৰাশিয়েই একো একোটা ৰঙক প্ৰতিনিধিত্ব কৰে। সেয়ে প্ৰতিটো ৰাশিত ৰঙৰ প্ৰভাৱ থাকেই। ৰাশি অনুসৰি মানুহৰ ওপৰত যিহেতু ৰঙৰ প্ৰভাৱ থাকে সেইবাবে বিভিন্ন ৰাশিৰ লোকে বিভিন্ন ঘৰত বসবাস কৰাৰ ক্ষেত্ৰত সেই ঘৰৰ ৰং ৰাশি অনুসৰি কৰিব পাৰিলে শুভ ফল লাভ কৰে। বাস্তু শাস্ত্ৰৰ মতে ইয়াত ঘৰ এখনৰ মুৰব্বীৰ ৰাশি অনুসৰি ৰঙৰ ব্যৱহাৰৰ কিছু কথা উল্লেখ কৰা হ'ল।
গৃহস্থৰ ৰাশি যদি মেষ হয় তেন্তে ঘৰৰ ৰং ৰঙা দিব লাগে। গৃহস্থৰ ৰাশি যদি মিথুন হয় তেন্তে ঘৰৰ ৰং সেউজীয়া কৰিব লাগে। গৃহস্থৰ ৰাশি যদি বৃষ হয় তেন্তে ঘৰৰ ৰং বগা কৰিব লাগে।
কৰ্কট ৰাশিৰ জাতকে ঘৰত গোলাপী অথবা মুক্তাৰ দৰে বগা ৰং ব্যৱহাৰ কৰিব লাগে।
সিংহ ৰাশিৰ জাতকে ধূসৰ ৰং অথবা ৰঙা ৰং ব্যৱহাৰ কৰিব লাগে। তুলা ৰাশিৰ জাতকে বগা ৰং ব্যৱহাৰ কৰিব লাগে।
কন্যা ৰাশিৰ জাতকে পাতল হালধীয়া অথবা সেউজীয়া ৰং ঘৰত ব্যৱহাৰ কৰিব লাগে।
বৃশ্চিক ৰাশিৰ লোকে ঘৰত ৰঙা অথবা গোলাপী ৰং ব্যৱহাৰ কৰিব লাগে। কুম্ভ ৰাশিৰ জাতকে ঘৰত নীলা অথবা গোলাপী ৰং ব্যৱহাৰ কৰিলে শুভ ফল পায়।
মকৰ ৰাশিৰ জাতকে পাতল ৰঙা ৰং ব্যৱহাৰ কৰিব লাগে। ধনু ৰাশিৰ জাতকে ঘৰত উজ্জ্বল হালধীয়া ৰং ব্যৱহাৰ কৰিব লাগে। মীন ৰাশিৰ জাতকে ঘৰত হালধীয়া অথবা সুধ বগা ৰং ব্যৱহাৰ কৰিব লাগে
Leave A Comment