ডিজিটেল ডেস্ক : বেছিভাগ ঘৰতে, পইতাচোঁৰাই বাহ সাজে। যাৰ দ্বাৰাই মানুহৰ দেহলৈ ৰোগ বিয়পোৱাই নহয়, বহু প্ৰয়োজনীয় নথিপত্ৰও নষ্ট কৰে। এই পইতাচোঁৰাই যদিহে আপোনাৰ গৃহত বেছিকৈ ওলোৱা দেখা পাইছে তেনেহ'লে গ্ৰহণ কৰক এইসমূহ সাধাৰণ উপায়৷ যাৰ দ্বাৰা আপুনি পৰিত্ৰান পাবলৈ সক্ষম হ'ব৷
১৷ তেজপাত : তেজপাত শুকুৱাই বা ভালদৰে তিয়াই গুৰি কৰি ৰাখিব লাগে। পাউডাৰটো সপ্তাহত কমেও দুবাৰ কৈ ঘৰৰ প্ৰতিটো কোণত বিয়পাই দিয়া হয়, তেন্তে আৰু পইতাচোঁৰাই দেখা নাপাব আপোনাৰ গৃহত। পইতাচোঁৰাই তেজপাতৰ গোন্ধ সহ্য কৰিব নোৱাৰে।
২৷ বৰিক পাউডাৰ: বৰিক পাউডাৰে পইতাচোঁৰা আঁতৰ কৰাত সহায় কৰে। গতিকে এই বৰিক পাউডাৰটো চাউলৰ সৈতে মিহলি কৰি গোটেই ঘৰতে বিয়পাই দিয়ক। এই ভাত খোৱাৰ পিছত, পইতাচোঁৰা তৎক্ষণাৎ মৃত্যু হোৱাৰ লগতে ঘৰৰ পৰা আঁতৰি যায়৷
৩৷ লং আৰু জালুক : লং আৰু জালুক একেলগে ভাজি বা প্ৰখৰ ৰ'দত শুকুৱাৱাই গুৰি কৰি লওক। পাউডাৰটো পানীত মিহলি কৰক আৰু ইয়াক এটা স্প্ৰে বটলত ভৰাই ঘৰৰ কোণত স্প্ৰে কৰক। পইতাচোঁৰা থকা ঠাইত অধিক স্প্ৰে কৰক।
৪৷ চেনী আৰু বেকিং চ'ডা: চেনীখিনি বেকিং চ'ডাত মিহলি কৰক আৰু ইয়াক পইতাচোঁৰা যোৱাৰ পথত ৰাখক। পইতাচোঁৰাই চেনী খাবলৈ ভাল পায় আৰু বেকিং চ'ডা মিহলি হৈ থকাৰ বাবে সেই চেনী খাই মৃত্যু হ'ব পইতাচোঁৰা।
মনত ৰাখিব:
আপুনি প্ৰতিদিনে ঘৰটো পৰিষ্কাৰ কৰিব লাগিব।
আপুনি কাপোৰত নেপথালিন ৰাখিব পাৰে।
ঘৰত বনোৱা খাদ্য ঢাকি ৰাখক যাতে পইতাচোঁৰা বা আন কোনো পোক-পতংগ তাত প্ৰৱেশ কৰিব নোৱাৰে।
Leave A Comment