• থাইৰয়ড নিয়ন্ত্ৰণৰ সহজ উপায়, পুৱাই প্ৰয়োজন নহ’ব ঔষধ সেৱনৰ

    জীৱন শৈলী
    থাইৰয়ড নিয়ন্ত্ৰণৰ সহজ উপায়, পুৱাই প্ৰয়োজন নহ’ব ঔষধ সেৱনৰ
    ডিজিটেল ডেস্ক : দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্যভ্যাসৰ ফলত ওজন বৃদ্ধি আৰু হৰম’নৰ ভাৰসাম্যহীনতাৰ বাবে শৰীৰত থাইৰয়ডৰ সমস্যা বৃদ্ধি পাইছে। মহিলাৰ বয়স বাঢ়ি অহাৰ লগে লগে থাইৰয়ড বৃদ্ধি বা হ্ৰাসৰ সমস্যাৰ বাঢ়ি যায়। থাইৰয়ড দুই প্ৰকাৰৰ- হাইপ’থাইৰয়ড আৰু হাইপাৰথাইৰয়ডিজম। যদি আপুনি থাইৰয়ড ৰোগী আৰু প্ৰতিদিনে পুৱা ঔষধ খাব নিবিচাৰে তেন্তে খাদ্যৰ কিছু পৰিৱৰ্তন কৰি এই সমস্যা সমাধান কৰিব পাৰি। থাইৰয়ডৰ লক্ষণ আৰু ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানো আহক।

    ১. যষ্টিমধু- থাইৰয়ড ৰোগীৰ বাবে যষ্টিমধু অতি উপকাৰী। ই থাইৰয়ড নিয়ন্ত্ৰণত সহায় কৰাৰ লগতে ভাগৰ আৰু দুৰ্বলতা দূৰ কৰে। যষ্টিমধুত বহুতো পুষ্টিকৰ উপাদান পোৱা যায়, যি থাইৰয়ডৰ সমস্যা দূৰ কৰাত সহায় কৰে।

    ২. আমলখি- আমলখি শীতকালত হোৱা এবিধ ফল। ইয়াৰ দ্বাৰা থাইৰয়ড নিয়ন্ত্ৰণ কৰিব পাৰি। আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন-চি থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু থাইৰয়ড দৰে সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰে। স্বাস্থ্য ক্ষেত্ৰত আমলখি আশীৰ্বাদতকৈ কম নহয়।

    ৩. দুগ্ধজাত সামগ্ৰী- থাইৰয়ড ৰোগীসকলে তেওঁলোকৰ দৈনিক খাদ্য তালিকাত দুগ্ধজাত সামগ্ৰী অন্তৰ্ভুক্ত কৰা উচিত। পনিৰ, গাখীৰ, দৈ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰীয়ে থাইৰয়ড হ্ৰাস কৰি শৰীৰত কেলচিয়াম, ভিটামিন আৰু খনিজ পদাৰ্থ যোগান ধৰাত সহায় কৰে।

    ৪. নাৰিকল- থাইৰয়ড নিয়ন্ত্ৰণত নাৰিকল অতি ফলপ্ৰসূ বুলিও প্ৰমাণিত হয়। প্ৰতিদিনে পুৱা নাৰিকল খালে বিপাকীয় ক্ৰিয়া শক্তিশালী হয় আৰু থাইৰয়ড নিয়ন্ত্ৰণ কৰিব পাৰে।

    থাইৰয়ডৰ লক্ষণ-
    * দ্ৰুত ওজন হ্ৰাস বা বৃদ্ধি
    * হাত-ভৰি কঁপি থকা
    * চুলি সৰা
    * নিদ্ৰাহীনতা
    * পেশীৰ বিষ
    * অধিক ভোকলগা
    * স্নায়বিকতা আৰু খিংখিঙীয়া হোৱা
    * অত্যধিক ঘাম ওলোৱা
    * অনিয়মিত মাহেকীয়া