• ঘৰৰ দুৱাৰ- খিৰিকীত কেনে ৰঙৰ পৰ্দা লগাব? জানো আহক দিশ অনুসৰি ৰং নিৰ্বাচনৰ কথা

    জীৱন শৈলী
    ঘৰৰ দুৱাৰ- খিৰিকীত কেনে ৰঙৰ পৰ্দা লগাব?  জানো আহক দিশ অনুসৰি ৰং নিৰ্বাচনৰ কথা
    ডিজিটেল ডেস্কঃ ঘৰ এটা আটোমটোকাৰিকৈ সজাই তুলিবলৈ হ'লে ঘৰটোৰ ভিতৰৰ সাজ সজ্জাও সুন্দৰ হ'ব লাগিব। ঘৰৰ খিৰিকী তথা দুৱাৰত লগোৱা পৰ্দাই ঘৰ এটাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। কিন্তু পৰ্দাৰ ৰং নির্বাচনত যদি ভুল হয় তেন্তে তাৰ শুভ প্রভাৱৰ সলনি অশুভ প্রভাৱহে গৃহস্থৰ ওপৰত পৰে। 

    ফেংছুইৰ মতে পর্দা নিৰ্বাচন কৰাৰ সময়ত সদায় সতর্ক হ'ব লাগে। পর্দা নির্বাচন সঠিক হ'লে তেনে ঘৰত সুখ-শান্তি বিৰাজ কৰাৰ লগতে তেনে ঘৰৰ পৰিৱেশ অতি সুন্দৰ হৈ পৰে। ফেংছুইৰ মতে অৱস্থান অনুসৰি ঘৰৰ দুৱাৰ তথা খিৰিকীৰ পৰ্দাৰ ৰং আৰু নক্সা নির্বাচন কৰিব লাগে। 


    দিশ অনুসৰি পৰ্দাৰ ৰঙো বেলেগ বেলেগ হ'ব লাগিব। পশ্চিম দিশৰ দুৱাৰ খিৰিকীৰ পৰ্দাৰ ৰং বগা হ'ব লাগে। পশ্চিম দিশৰ প্ৰধান উপাদান হ'ল ধাতু। এই দিশক প্রতিনিধিত্ব কৰা ৰং হৈছে বগা। পূৱ দিশৰ দুৱাৰ খিৰিকীত সেউজীয়া ৰঙৰ পৰ্দা ব্যৱহাৰ কৰিব লাগে। সেউজীয়া ৰঙৰ পৰ্দাত আয়তাকাৰ নক্সা থাকিলে আৰু বেছি শুভ ফলদায়ক হয়।

     পূব দিশৰ ৰং হৈছে সেউজীয়া। উত্তৰ দিশৰ প্ৰধান উপাদান হৈছে পানী। উত্তৰ দিশৰ দুৱাৰ-খিৰিকীৰ পৰ্দাৰ ৰং নীলা অথবা সেউজীয়া হ'ব লাগে। দক্ষিণ দিশৰ উপাদান হৈছে অগ্নি। যাৰ বৰণ ৰঙা। সেইবাবে দক্ষিণ দিশৰ দুৱাৰ খিৰিকীৰ পৰ্দাৰ ৰং ৰঙা হ'ব লাগে। এনে ৰঙা পৰ্দাত ত্ৰিভুজাকৃতিৰ নক্সা থাকিলে আৰু বেছি শুভ ফল লাভ কৰিব পাৰি।