ডিজিটেল ডেস্কঃকাছ হৈছে বিশ্বৰ দীৰ্ঘজীৱী প্রাণীসমূহৰ ভিতৰত অন্যতম। কাছৰ সৰ্বাধিক জীৱনকাল ৩০০ বছৰ অথবা তাতোকৈয়ো বেছি হ'ব পাৰে। অৰ্থাৎ একোটা কাছই মানুহৰ কেইবাটাও প্ৰজন্মৰ সংস্পৰ্শলৈ আহিব পাৰে। সেয়ে কাছক দীর্ঘায়ুৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
ফেংছুইৰ মতে কাছৰ দেহৰ পৰা বিচ্ছুৰিত শক্তিয়ে মানুহৰ আয়ুস বৃদ্ধি কৰে। জীৱন্ত কাছ যিহেতু মানুহে ঘৰত ৰখাটো সম্ভৱ নহয়, সেয়ে কাছৰ মূৰ্তি ঘৰত ৰাখিলেও মানুহে সুফল লাভ কৰিব পাৰে। কাঠ, বাঁহ, ধাতু আদিৰে নিৰ্মাণ কৰা কাছৰ মূৰ্তি ঘৰৰ নিৰ্দিষ্ট স্থানত ৰাখিব লাগে। ফেংছুইৰ মতে উত্তৰ দিশটো হ'ল জল তথা সৌভাগ্যৰ অৱস্থানৰ দিশ ।
কাছ যিহেতু পানীত থাকে, সেইবাবে ঘৰৰ উত্তৰ দিশত কাছৰ মূৰ্তি স্থাপন কৰিলে ঘৰৰ সদস্যসকলে দীর্ঘজীৱন লাভ কৰাৰ লগতে সৌভাগ্য বৃদ্ধি পায়। একেদৰে ঘৰৰ ভিতৰৰ উত্তৰ দিশত কোনো পানীপূৰ্ণ পাত্ৰত কাছৰ মূৰ্তি ৰাখিলেও একে শুভ ফলেই লাভ কৰা যায়।
আপোনাৰ শোৱনি কোঠাটো যদি উত্তৰ দিশে স্থপন কৰা হয় তেন্তে তেনে শোৱনি কোঠাৰ ভিতৰত পানীপূৰ্ণ পাত্ৰত কাছৰ মূৰ্তি ৰখাৰ সলনি মূৰ্তিটো এনেই ৰাখিলে সুফল পোৱা যাব। কাৰণ শোৱনি কোঠাত কেতিয়াও পানী ৰাখিব নালাগে। যদি আপোনাৰ ঘৰৰ উত্তৰ দিশে কোনো মুকলি ঠাই থাকে তেন্তে সেই ঠাইত এটা সৰু পুখুৰী অথবা জলাশয় সৃষ্টি কৰি তাত কাছ ৰাখিব পাৰে ।
Leave A Comment