ডিজিটেল ডেস্কঃ ফেংছুই হৈছে এক প্রাচীন পদ্ধতি। যি পদ্ধতিয়ে মানুহৰ সুখ তথা সমৃদ্ধি বৃদ্ধিৰ ক্ষেত্ৰত যুগ যুগ ধৰি নানান বিধান আগবঢ়াই আহিছে। যদি সেই বিধানসমূহ সঠিকভাৱে পালন কৰিব পাৰি তেন্তে ঘৰৰ সুখ-শান্তি বৃদ্ধি পোৱাৰ লগতে ধন-ধান আদিও অভাৱনীয়ভাৱে বৃদ্ধি পায়।
ফেংছুইৰ মতে ঘৰৰ উত্তৰ-পশ্চিম অংশই উন্নতি তথা সমৃদ্ধিক বুজায়। উত্তৰ-পশ্চিম অংশৰ প্ৰধান উপাদান হৈছে ধাতু। সেইবাবে এই অংশত ধাতু ৰাখিব পাৰিলে ঘৰৰ উন্নতি তথা সমৃদ্ধি বৃদ্ধি পাব আৰু গৃহস্থৰ ধন লাভ হ'ব। ফেংছুইয়ে সেইবাবে স্বচ্ছ কাঁচৰ পাত্ৰত ঘৰৰ উত্তৰ-পশ্চিম অংশত ধাতুৰ মুদ্ৰা সজাই ৰখাৰ পৰামৰ্শ দিছে। এনেদৰে ধাতুৰ মুদ্ৰা, মূৰ্তি আদি সজাই ৰাখিলে গৃহস্থৰ হাতলৈ প্ৰচুৰ পৰিমাণে ধন আহিব। অৱশ্যে ধাতুৰ মুদ্ৰা যি স্থানত সজাই ৰখা হয় সেই স্থান যাতে বাহিৰৰ কোনো লোকে সহজে দেখা নাপায়, সেই কথালৈ মন দিব লাগিব । গৃহস্থই মাজে মাজে স্বচ্ছ কাঁচৰ পাত্ৰত ৰখা সেই ধাতুৰ মুদ্ৰা চাই থাকিব লাগে ।
প্ৰতিজন সদস্যৰ মাজত বুজাপৰাৰ ভাব বৃদ্ধি পায় আৰু সকলো মনোমালিন্য আঁতৰ হৈ ঘৰত স্বৰ্গীয় পৰিৱেশে বিৰাজ কৰে। ঘৰত হালধীয়া ফুল সজাই ৰাখিবলৈ চীনা মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিব পাৰি।
কাঁচৰ স্বচ্ছ পাত্ৰত ৰখা মুদ্ৰাই ধন বৃদ্ধি কৰে।
আনহাতে ফুল হৈছে পৱিত্ৰতাৰ প্ৰতীক। ফুলে মানুহৰ মন প্রফুল্লিত কৰাৰ লগতে পৰিৱেশো সুন্দৰ কৰি তোলে। ঘৰত ফুল সজাই ৰাখিলে ঘৰৰ পৰিৱেশেই সলনি হৈ পৰে। ফেংছুইৰ মতে ঘৰত যদি সদায় হালধীয়া ফুল সজাই ৰখা হয় তেন্তে ঘৰৰ সুখ- শান্তি বৃদ্ধি পোৱাৰ লগতে পৰিয়ালৰ সদস্যসকলৰ মাজৰ সম্পৰ্ক মধুৰ হৈ পৰে। এই বিধান দিছে ফেংছুইয়ে।
Leave A Comment