• ঘৰৰ কোন স্থানত আঁৰিব কেলেণ্ডাৰ? জানো আহক ফেংছুইৰ বিধান

    জীৱন শৈলী
    ঘৰৰ কোন স্থানত আঁৰিব কেলেণ্ডাৰ? জানো আহক ফেংছুইৰ বিধান
    ডিজিটেল ডেস্কঃ ঘৰ এখনৰ অতি প্ৰয়োজনীয় সামগ্ৰীসমূহৰ ভিতৰত কেলেণ্ডাৰো এখন। কেলেণ্ডাৰ মানুহে দিন, বাৰ আদি চোৱাৰ বাবে ব্যৱহাৰ কৰে। বহুতে কেলেণ্ডাৰৰ নিৰ্দিষ্ট স্থানত কৰিবলগীয়া কামৰ তালিকাও লিখি ৰাখে। ইয়াৰ ফলত তেনে কাম পাহৰি যোৱাৰ আশংকা দূৰ হয়। ঘৰৰ সুবিধাজনক স্থানত মানুহে কেলেণ্ডাৰ আঁৰি থয়। 

    ফেংছুইয়ে কেলেণ্ডাৰ আঁৰি থোৱাৰ ক্ষেত্ৰত কেতবোৰ বিশেষ বিধান দিছে। ফেংছুইৰ মতে ঘৰৰ প্ৰধান দুৱাৰৰ ওপৰত অথবা দুবাৰৰ দুয়োফালে কেলেণ্ডাৰ আঁৰিব নালাগে। এনে কৰিলে ঘৰত অমংগল হয়।

    কেলেণ্ডাৰ কেতিয়াও মানুহৰ চকুত পোনে পোনে পৰা স্থানত ৰাখিব নালাগে। এনেদৰে কেলেণ্ডাৰ আঁৰিলে মানুহৰ আয়ুস ক্ষয় হয় বুলি ফেংছুই বিশেষজ্ঞসকলে কৈ আহিছে।

    ফেংছুই বিশেষজ্ঞৰ মতে  কেলেণ্ডাৰখন চকুৰ মুখামুখিকৈ পৰা স্থানত আঁৰি থ'লে মানুহে দিন-বাৰ আদি হিচাপ কৰি থাকে আৰু তেওঁৰ যে পৃথিবীত দিন সদায় কমি আহিছে সেই কথাটো ভাবিব পাৰে।

     ইয়াৰ ফলত মানুহ এজনৰ মন দুৰ্বল হৈ পৰে আৰু তেওঁৰ আয়ুস ক্ষয় হ’ব পাৰে। সেয়ে ঘৰত কেলেণ্ডাৰ খন আঁৰোতে কিছু সতৰ্ক হ’লে ভাল।

    পূব দিশটো আটাইতকৈ শুভ আৰু সৰ্বশ্ৰেষ্ঠ দিশ বুলি গণ্য কৰা হয় ।কিয়নো দেৱতাসকল এই দিশত বাস কৰে। ইয়াৰ লগতে  পূব দিশ হৈছে সূৰ্য দেৱতাৰ দিশ, যি হৈছে আত্মসন্মান, শক্তি, নেতৃত্ব আৰু খ্যাতিৰ প্ৰতীক। এনে পৰিস্থিতিত সূৰ্যৰ  সৈতে সম্পৰ্কিত কেলেণ্ডাৰবোৰ বা আন কেলেণ্ডাৰো পূব দিশৰ দেৱালত ৰখাটো শুভ।