• ঘৰৰ দুৱাৰৰ সন্মুখত নাৰাখিব কোনো বাধা, ফেংছুইৰ বিধান

    জীৱন শৈলী
    ঘৰৰ দুৱাৰৰ সন্মুখত নাৰাখিব কোনো বাধা, ফেংছুইৰ বিধান
    ডিজিটেল ডেস্কঃ ফেংছুইৰ মতে ঘৰত শুভ শক্তিৰ প্ৰৱেশষ যাতে বিনা বাধাই হ’ব পাৰে সেই বিষয়ত গুৰুত্ব দিব লাগে। ফেংছুইৰ মতে  ঘৰৰ প্ৰধান দুৱাৰখনৰ ওপৰত নিৰ্ভৰ কৰি ঘৰ এটাত বাস কৰা লোকসকলৰ সুখ-শান্তিৰ বিষয়টো ভালেখিনি নিৰ্ধাৰণ হয়। ঘৰৰ মুখ্য দুৱাৰখন সদায় সেয়ে সঠিক স্থানত সঠিকভাৱে স্থাপন কৰিব লাগে। কিয়নো এই মুখ্য দুৱাৰখনেৰেই সকলো শুভ প্ৰভাৱ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। 

    ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত কোনো অৱৰোধ বা বাধা থাকিব নালাগে। ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত কোনো অৱৰোধ বা বাধা থাকিলে ঘৰৰ ভিতৰত লক্ষ্মী অর্থাৎ শুভ শক্তি প্রৱেশ কৰাত বাধাৰ সৃষ্টি হয়। সেয়ে ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখ ভাগ সদায় খোলা অৱস্থাত থাকিব লাগে। মুখ্য দুৱাৰৰ সন্মুখত কোনোধৰণৰ বৃহৎ গছ অথবা খুঁটা আদি থাকিব নালাগে ।

    ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত যদি বৃহৎ গছ বা খুটা থাকে তেন্তে সেয়া ফেংছুইৰ মতে অশুভ। খুঁটা অথবা বৃহৎ গছে ঘৰত শুভ শক্তিৰ প্ৰৱেশত বাধা দিয়াৰ ফলত ঘৰত অশান্তি হ'ব পাৰে।

    ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত কেতিয়াও কোনো বস্তু পৰি থাকিবলৈ অথবা কোনো বস্তু জমা কৰি ৰাখিব নালাগে। ঘৰৰ মুখ্য দুৱাৰৰ ওচৰ-পাজৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে।এনেবোৰ নিয়ম মানি চলিলে সুফল নিশ্চয়কৈ পাব৷ এক কথাত ফেংছুইয়ে মানুহৰ সুখ-সমৃদ্ধ বৃদ্ধি কৰাৰ নানান উপায় দিছে৷ বিশ্বৰ কোটি কোটি লোকে ফেংছুইৰ বিধান মানি সুফল পাইছে৷