• আজি গণেশ চতুৰ্থী, গণেশৰ দেহত কিদৰে সংযোগ হ’ল হাতীৰ মূৰ?

    জীৱন শৈলী
    আজি গণেশ চতুৰ্থী, গণেশৰ দেহত কিদৰে সংযোগ হ’ল হাতীৰ মূৰ?
    ডিজিটেল ডেস্কঃ আজি গণেশ চতুৰ্থী৷ হিন্দু শাস্ত্ৰ অনুসৰি গণেশ চতুৰ্থীৰ মাহাত্ম্য অনেক৷  বিশ্বাস কৰা হয় যে  গণেশৰ পূজা কৰিলে  বহু বাধা সহজে অতিক্ৰম ককৰিব পাৰি৷ দক্ষিণৰ ৰাজ্যৰ  মহাৰাষ্ট্ৰ আৰু দেশৰ বিভিন্ন মন্দিৰ,   ঘৰৰ বেদীত গণপতি  স্থাপন কৰা হৈছে। শ্ৰীগণেশ  মহাদেৱ আৰু দেৱী গৌৰীৰ পুত্ৰ। 

    শ্ৰীগণেশ সিদ্ধিদাতা। সকলো কাৰ্য্যৰ সৃষ্টিকৰ্তা, অৰ্থাৎ সফলতা প্ৰদান কৰা ঈশ্বৰ। হিন্দু শাস্ত্ৰ অনুসৰি, সৌভাগ্য, সমৃদ্ধি আৰু জ্ঞানৰ দেৱতা গণেশ৷সিদ্ধিদাতা গণেশৰ জন্মৰ সময়ত দেৱী দুৰ্গাই শনি দেৱক তেওঁৰ পুত্ৰক আশীৰ্বাদ দিবলৈ সকলোৰে সৈতে আমন্ত্ৰণ জনাইছিল।  অনিচ্ছা স্বত্বেও  শনিদেৱে গৌৰীৰ পুত্ৰক চাবলৈ গৈছিল। 

    শনি দেৱক দেখাৰ লগে লগে শ্ৰীগণেশৰ মূৰটো জ্বলি চাৰখাৰ হৈ  যায়। এনে পৰিস্থিতিত শ্ৰীগণেশক ভগৱান বিষ্ণুৰ প্ৰচেষ্টাৰে হাতীৰ মূৰ এটা লগাই দি  পুনৰুজ্জীৱিত কৰিছিল। শনিৰ কাৰ্যত দেৱী দুৰ্গাৰ খং উঠাৰ লগতে  চিন্তিতও হৈ পৰিছিল।

     দেৱতাসকলৰ আশীৰ্বাদত শ্ৰীগজাননে সিদ্ধিৰ স্থান বা সফলতাৰ দেৱতা লাভ কৰে। এই কাৰণে  সকলো শুভ কামত, আনকি সকলো পূজাতে, সিদ্ধিদাতাৰ উপাসনা কৰাটো  এটা নিয়ম। সিদ্ধিদাতাৰ আশীৰ্বাদত সকলো কামতে সফলতা আহে।
    স্কন্দ পুৰাণৰ মতে, ভাদ  মাহৰ শুক্লা পক্ষৰ চতুৰ্থী তিথি হৈছে সিদ্ধিদাতা গণেশৰ জন্ম জয়ন্তী। বহুতে বিশ্বাসকৰে যে  আজিৰ দিনটোতে শ্ৰী গজাননে মানুহক  আশীৰ্বাদ প্ৰদানৰ  উদ্দেশ্যে ধৰালৈ  আহে। যদি কোনোবাই  বিশ্বাস আৰু ভক্তিৰে গণেশক উপাসনা কৰে, সিদ্ধিদাতা গণেশৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হয়৷