• আজি বুধবাৰ! ৰাশিফল চাই জানি লওক কেনে যাব দিনটো

    জীৱন শৈলী
    আজি বুধবাৰ! ৰাশিফল চাই জানি লওক কেনে যাব দিনটো




    ৩/০৪/২৪, বুধবাৰ

    মেষ -শুভ দিন। খৰচ নিয়ন্ত্ৰণত থাকিব। বন্ধুৰ আগমন। কিবা ভাল খবৰে মন আনন্দিত কৰিব। সন্তানে মন ভাল লগাব। স্বাস্থ্যত নজৰ দিব।

    বৃষ-  সকলো কথাতে আনৰ ওপৰত দোষ জাপি নিদিব | সম্পত্তি ক্ৰয় কৰিব পাৰিব | কোনো বিশেষ লোকৰ সংগ লাভ কৰিব |  প্ৰেমত শান্তি।

    মিথুন – দুষ্ট বুদ্ধিৰে কোনো কাম নকৰিব | পদে পদে শত্ৰু থাকিব | দাম্পত্যত আশা কৰা মতে ফল পাব। আয় বাঢ়িব। প্ৰেমত সুখ।

    কৰ্কট – বেলেগৰ কথা লৈ মূৰ নঘমাব। চোৰৰ পৰা সাৱধান হ’ব | আনৰ তোষামোদত ভোল নাযাব। কৰ্মস্থান শুভ। শৰীৰ মধ্যম।

    সিংহ – হঠাতে কাকো গালি নিদিব | ঘৰলৈ আলহীৰ আগমন হ’ব | কৰ্মক্ষেত্ৰত সাৱধান হ’ব | প্ৰেমত অশান্তিৰ সৃষ্টি। মাতৃক লৈ চিন্তা।

    কন্যা – হাতলৈ নতুন কাম আহিব | দুপৰীয়ালে কোনো ভাল খবৰ লাভ কৰিব | কথা কওতে সচেতন হ’ব| কৰ্মস্থান মধ্যম।

    তুলা – মনত চিন্তা থাকিব | মূৰৰ বিষত ভুগিব পাৰে | কামত সফলতা পাব | কোনো আশা পূৰ্ণ হ’ব  পাৰে।  বিদ্যাত শুভ।

    বৃশ্চিক – শক্তি বৃদ্ধি পাব। কামত আনৰ ওপৰত নিৰ্ভৰ নকৰিব | শাৰীৰিক-মানসিক স্থিতি সবল থাকিব। 

    ধনু – কোনো আপোন মানুহৰ মুখামুখি হ’ব | খং কমাব | বাহিৰা খাদ্য বৰ্জন কৰক | পিছবেলা শুভ কাৰ্য হ'ব পাৰে।

    মকৰ – কৰ্মত শুভ ফল লাভ কৰিব। ব্যৱসায়ীসকলৰ বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে |  প্ৰেমত আশা থাকিব। শৰীৰ শুভ। 

    কুম্ভ – কোনো বিশেষ কাম কৰিবলৈ পাব পাৰে | ধন বাঢ়িব|যান-বাহন চলাওতে সাৱধান। মনৰ চিন্তা দূৰ।

    মীন –কাম কৰিলে সুফল পাব |কৰ্মত পদোন্নতিৰ যোগ | বিদ্যাত আনন্দ। প্ৰেমত সাৱধান, হঠাতে যিকোনো কথা ক'লে বিপদ হ'ব পাৰে।