• আজিৰ দিনটোৰ ৰাশিফল চাওঁ আহক! জানক দিনটো কেনে যাব

    জীৱন শৈলী
    আজিৰ দিনটোৰ ৰাশিফল চাওঁ আহক! জানক দিনটো কেনে যাব
    ০৪/১০/ ২০২৩, বুধবাৰ

    মেষ – কামৰ হেঁচা বাঢ়িব। আনৰ পৰা অনুপ্ৰেৰণা পাব। ধনৰ লালসা বাঢ়িব। সম্পত্তিৰ লগত জড়িত লেন দেন সম্পূৰ্ণ হ’ব। শুভ সংখ্যা ৪, ৰং আকাশী।

    বৃষ – ঘৰলৈ কিছু ধনাত্মক পৰিৱৰ্তন আহিব। জীৱনলৈ বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। শুভ সংখ্যা ১, শুভ ৰং বগা।

    মিথুন – আজি কিবা ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। স্বাস্থ্য ভালে নাযাব। প্ৰেমত বাধা আহিব। শুভ সংখ্যা ৮, শুভ ৰং মেৰুণ।

    কৰ্কট – কোনো সিদ্ধান্ত লওতে স্পষ্ট চিন্তা ধাৰা আৱশ্যক হ’ব। দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভূগি থকা সকলে ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। শুভ সংখ্যা ১, শুভ ৰং বাদামী।

    সিংহ – বিদ্যাৰ্থীৰ সপোন দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা আছে। কাম বহুত বেছি হোৱা স্বত্বেও আজি কৰ্মক্ষেত্ৰত আপোনাৰ মাজত এটা বেলেগ উৰ্জা দেখা যাব। শুভ সংখ্যা ৭, শুভ ৰং ৰঙা।

    কন্যা – যি কোনো কামৰ বাবে নিজৰ আত্মবিশ্বাস বঢ়াব। হাতলৈ হঠাতে ধন আহিব পাৰে। দাম্পত্যত মধুৰ। শুভ সংখ্যা ২, শুভ ৰং নীলা।






    তুলা – দিনটো সাৱধানে থাকিব। কোনো ব্যক্তিৰ পৰা সহায় পাব। কৰ্মক্ষেত্ৰত পৰিস্থিতি জটিল হ’ব। শুভ সংখ্যা ৫, শুভ ৰং বেঙুণীয়া।

    বৃশ্চিক – মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণসমূহ সমাধান কৰক। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ’ব। ঘৰলৈ আলহীৰ আগমন হ’ব। শুভ সংখ্যা ৭, শুভ ৰং গুলপীয়া।

    ধনু – আজি বিদেশ যোৱাৰ সুযোগো লাভ কৰিব পাৰে। সমাজত এক উচ্চ স্থান অধিকাৰ কৰিব। প্ৰেমাস্পদক সন্দেহ নকৰিব।শুভ সংখ্যা ৪, শুভ ৰং হালধীয়া।

    মকৰ – আজি স্বাস্থ্য ঠিকে নাযাব। বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ’ব।ব্যৱসায়ত উন্নতি হ’ব। ভ্ৰমণৰ যোগ। শুভ সংখ্যা ৯, শুভ ৰং গেৰুৱা।

    কুম্ভ – কোনোৱে যদি আৰ্থিক সহায় বিচাৰে তেনেহ'লে সহায় নকৰিব। অন্যথা আপোনাৰো আৰ্থিক অৱস্থা দুৰ্বল হ’ব পাৰে। মানসিক শান্তিৰ বাবে কিছুমান কথাৰ পৰা দূৰত থাকক। শুভ সংখ্যা ৫, শুভ ৰং সোণালী।

    মীন – আৰ্থিক স্থিতি শক্তিশালী হ’ব। খৰচত নিয়ন্ত্ৰণ কৰক। হঠাতে পুৰণি বন্ধুক লগ পাব পাৰে। কাম-কাজত পৰিৱৰ্তন আহিব।শুভ সংখ্যা ১, শুভ ৰং ৰঙা।