• আজিৰ দিনটো কেনে যাব? জানিবলৈ চাওক আজিৰ ৰাশিফল

    জীৱন শৈলী
    আজিৰ দিনটো কেনে যাব? জানিবলৈ চাওক আজিৰ ৰাশিফল


    ০৮/০৬/২৪,  শনিবাৰ
     

    মেষ : কামত ভালদৰে মনোনিৱেশ কৰিলে ভাল ফল পাব। আবেগৰ বশৱৰ্তী হোৱাৰ ফলত সমস্যাৰ সৃষ্টি হ’ব পাৰে। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালকৈ ভাবি চোৱা উচিত। প্ৰেমে দিব শান্তি। আলহী আহিব।


    বৃষ : মন পচন্দৰ ব্যক্তিক লগ পাব। যিকোনো কামত খৰখেদা নকৰিব, ফলত কৰ্মক্ষেত্ৰ আৰু পৰিয়াল উভয় ক্ষেত্ৰতে অপ্ৰয়োজনীয় সমস্যাৰ সৃষ্টি হ’ব পাৰে। ভোজন চাই-চিতি কৰিব। কুকুৰৰ পৰা সাৱধান।

    মিথুন-  বিবাহৰ কথা চলিব পাৰে। আজি কোনো কামৰ সিদ্ধান্তত উপনীত হ'ব। পত্নীৰ স্বাস্থ্যক লৈ চিন্তাত হ’ব পাৰে। খৰচ কমিব।

    কৰ্কট- মনত নানা চিন্তা থাকিব।  কৰ্মস্থানত যথেষ্ট কষ্ট হোৱাৰ সম্ভাৱনা। ধৈৰ্য ৰাখিব। দাম্পত্যত মধ্যমীয়া। সন্তানৰ শুভ।

    সিংহ- প্ৰেমত মতানক্য। পৰিয়ালৰ সৈতে আনন্দৰ মুহূৰ্তৰ পাৰ হ’ব। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। হাতলৈ ধন আহিব। খৰচ কমাব। মাতৃৰ শুভ।

    কন্যা-ব্যৱসায়ত শুভ। খৰচৰ মাত্ৰা বাঢ়িব পাৰে।কামত সন্মান পাব। মাতৃৰ স্বাস্থ্যই চিন্তাত পেলাব। বিনিয়োগ নকৰিব।

    তুলা- দিনটো ব্যৱসায়ীসকলৰ বাবে অতিকৈ শুভ। চাকৰিয়াল সকলৰ কামৰ হেঁচা বাঢ়িব। ভ্ৰমণত শুভ। পৰিয়ালৰ বাধা আঁতৰিব।

    বৃশ্চিক- সাহিত্য ক্ষেত্ৰত হ'ব। মাটি বাৰীৰ ক্ষেত্ৰত স্থগিত থকা বিষয়বোৰ সমাধান হ’ব। দিনটো সুখদায়ক হ’ব। খং কমাব। প্ৰেমত অশান্তি।

    ধনু- কাম ভালদৰে কৰাত মন দিয়ক। দিনটো প্ৰায় ভালে যাব। খৰচ মাত্ৰা বৃদ্ধি পাব। বিবাহৰ প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা আছে। চোৰৰ পৰা সাৱধান।

    মকৰ- গণেশৰ কৃপা দৃষ্টি লাভ কৰিব। ব্যৱসায়ী, শিক্ষাৰ্থীৰ বাবে দিনটো মধ্যমীয়া। প্ৰেমত শান্তি। আয় বাঢ়িব। 

    কুম্ভ- পাবলগীয়া ধন ঘূৰাই পাব। কাৰোৰে সৈতে অনৰ্থক কাজিয়া নকৰিব। সংসাৰত শুভ। সন্তানৰ শুভ। ৰোগ দূৰ হ'ব।

    মীন- চাকৰি বিচাৰি থকা লোকসকলৰ বাবে দিনটো শুভ। কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ আছে। প্ৰেমত মধুৰতা। ভাল খবৰ পাব পাৰে।