১৬ আগষ্ট ২০২৪, শুকুৰবাৰ
মেষ – দিনটোত কৰ্মব্যস্ততা বৃদ্ধি পাব। হুৰমুৰকে কোনো সিদ্ধান্ত নল’ব। পানীৰ পৰা সাৱধান থাকিব। শুভ সংখ্যা ৩ , শুভ ৰং হালধীয়া।
বৃষ – কাম-কাজৰ পৰিসৰ বৃদ্ধি পাব। স্বাস্থ্য ভালে নাযাব। খৰচৰ মাত্ৰা বৃদ্ধি হ’ব । শুভ সংখ্যা ৮, শুভ ৰং আকাশী।
মিথুন – মনৰ পৰা ভয় অৱসাদ আঁতৰিব। নিৰামিষ আহাৰ গ্ৰহণ কৰিব। প্ৰেমত শুভ। শুভ সংখ্যা ৫ , শুভ ৰং বাদামী।
কৰ্কট – দিনটো কিছু কঠিন হ’ব।যদি কোনো নতুনকৈ ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে এতিয়া নকৰিব। শুভ সংখ্যা ১ , শুভ ৰং বগা।
সিংহ – দিনটো শুভ।যিকোনো কামৰ বাবে নিজৰ ওপৰত ভৰষা ৰাখক। লক্ষ্যত সফল হ’ব। শুভ সংখ্যা ৬, শুভ ৰং কমলা।
কন্যা – কৰ্মব্যস্ততা বৃদ্ধি পাব। আত্মীয়ৰ সৈতে মনোমালিন্য হ’ব পাৰে। হাতলৈ ধন আহিব। শুভ সংখ্যা ২, শুভ ৰং সোণালী।
তুলা – দুৰ ভ্ৰমণৰ যদি পৰিকল্পনা কৰি আছে তেনেহলে অতি শীঘ্ৰে তাৰ পূৰণতা পাব। শিক্ষাৰ্থী সকলে কোনো পৰীক্ষাত সফলতা লাভ কৰিব। শুভ সংখ্যা ৭, শুভ ৰং নীলা।
বৃশ্চিক – সফলতা লাভ কৰিবৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। দাম্পত্যত কাজিয়াৰ সম্ভাৱনা। শুভ সংখ্যা ৪, শুভ ৰং ৰূপালী।
ধনু- দিনটো মধ্যমীয়া। প্ৰেমত সকলো সঠিকভাৱে নাযাব। ব্যৱসায়ী সকলৰ বাবে অতি উত্তম।
মকৰ – কৰ্মজীৱনত প্ৰসংশা লাভ কৰিব। খং-ৰাগ বৃদ্ধি পাব। বুকুৰ বিষ হ’ব পাৰে। শুভ সংখ্যা ৫ , শুভ ৰং আকাশী।
কুম্ভ – মনৰ আশা পূৰণ। আজি আপুনি কোনো সমস্যাৰ সমাধান লাভ কৰিব। হাতত থকা পইচা হেৰুৱাৰ সম্ভাৱনা। শুভ সংখ্যা ২ , শুভ ৰং গুলপীয়া।
মীন- বৈবাহিক জীবনত যদি কোনো কথাত কিবা সমস্যা চলি আছে তেনেহ'লে আজি সকলো ঠিক হ’ব। হতাশা আতৰ হ’ব। শুভ সংখ্যা ৮, শুভ ৰং সেউজীয়া।
Leave A Comment