১৯ আগষ্ট ২০২৪, সোমবাৰ
মেষ ৰাশি: গ্ৰহৰ প্ৰভাৱত এটা শুভ দিন৷ সামাজিক কাম আৰু পৰোপকাৰী কামে আপোনাক আনন্দিত কৰি তুলিব৷ অভিভাৱকৰ পৰা যথেষ্ট উপকৃত হ’ব৷ প্ৰিয়জনৰ সৈতে ৰোমান্তিক ভ্ৰমণলৈ যাব পাৰে৷ সন্তানৰ সফলতাই আপোনাক উৎফুল্লিত কৰি তুলিব৷ উপহাৰ পাব পাৰে।
বৃষ ৰাশি: এটা সুন্দৰ দিন৷ নতুন ব্যৱসায় আৰম্ভ হ’ব৷ ব্যৱসায়ী আৰু চাকৰিয়ালসকলৰ বাবে ভাল দিন৷ পদোন্নতিৰ যোগ৷ ঘৰুৱা পৰিৱেশত আপুনি কৰা সকলো কামতে আপোনাৰ পত্নী বা পতিৰ সহযোগিতা লাভ কৰিব৷ দামী উপহাৰ আপোনালৈ কোনোবাই পঠিয়াব৷
মিথুন ৰাশি: দুদিন ধৰি কৰা কষ্টকৰ কামৰ পাছত আপুনি এলাহ অনুভৱ কৰিব৷ বেমাৰে আপোনাক চিন্তাত পেলাব৷ সন্তানৰ ওপৰত চকু ৰখা দৰকাৰ৷ পেটৰ অসুবিধাত ভুগিব পাৰে আৰু টকাৰ নাটনিয়ে আপোনাক চিন্তাত পেলাব পাৰে৷ আপোনাৰ সহকৰ্মীসকলে আপোনাক সহায়-সহযোগিতা কৰিব৷
কৰ্কট ৰাশি: শান্ত থাকক৷ আগৰ ভাল সময়ৰ কথা মনলৈ আনি আনন্দিত হ’ব৷ নতুন ব্যৱসায়ৰ আৰম্ভণি কৰক। মানসিক অশান্তি আৰু ঘৰুৱা পৰিৱেশে আপোনাৰ হৃদয়ত গভীৰ চাপৰ সৃষ্টি কৰিব৷ অলপ ধৈৰ্য ধৰক৷
সিংহ ৰাশি: গ্ৰহৰ দশাত আজি সকলো ফালৰ পৰা খেলি-মেলিৰ সৃষ্টি হ’ব৷ আপোনাৰ সহযোগীৰ বেয়া ব্যৱহাৰত আপুনি অসন্তুষ্ট হ’ব৷ সাৱধান হওক, কোনোৱে আপোনাক ঠগিব পাৰে৷ ভাগ্যক্ৰমে আপোনাৰ শৰীৰে আপোনাক সহায় কৰিব। জ্ঞানবৰ্ধক আলোচনা লাভজনক হ’ব৷ খোজ কাঢ়ক আৰু চিন্তামুক্ত হওক৷
কন্যা ৰাশি: গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব৷ সমগ্ৰ দিন আপোনাৰ বাবে লাভজনক হ’ব৷ শৰীৰ ভালে থাকিব, ধনৰ দিশত লাভজনক সময় আৰু সামাজিক জীৱনৰ বাধা আঁতৰিব৷ কামত সকলোৰে সহযোগিতা লাভ কৰিব তথা ভাল খবৰে আপোনাৰ আনন্দ বৃদ্ধি কৰিব৷
তুলা ৰাশি: অলপ জিৰণি আৰু চিন্তামুক্ত থাকি নিজক অলপ সতেজ কৰক৷ আপুনি কৰা মন পচন্দৰ কামত সুন্দৰ ফল লাভ কৰিব৷ বিদেশৰ পৰা পোৱা ভাল খবৰে আপোনাক উৎসাহ যোগাব৷ ঘৰৰ বাহিৰ হওক আৰু আপোনাৰ সবল মানসিক শক্তিৰে আৰু ভালদৰে কামত মনোনিৱেশ কৰক৷ সপোনৰ পৰা অলপ আঁতৰত আহি বাস্তবিক জীৱনত মনোনিবেশ কৰাটোৱেই আপোনাৰ বাবে মংগল হ’ব৷ আনৰ কথাত অধিক গুৰুত্ব দিলে বিপদত পৰিব পাৰে৷
বৃশ্চিক ৰাশি: আপোনাৰ জীৱনলৈ এটা নাটকীয় পৰিবৰ্তন অহাৰ সময়৷ আপোনাৰ সহযোগী আপোনাৰ ওচৰলৈ ঘূৰি আহিব৷ মহিলা ব্যৱসায়ীসকলৰ সৈতে থকা মিটিং বাতিল কৰক৷ একে সময়তে পানীৰ পৰা আঁতৰত থাকক, সাঁতোৰাৰ পৰা বাচি থাকক৷ টকা আৰু সন্মান হানি হ’ব পাৰে৷ কাগজত চহী কৰাৰ পূৰ্বে দুবাৰ পৰীক্ষা কৰক৷
ধনু ৰাশি: ধৰ্মীয় বিষয়ে আপোনাক আকৰ্ষিত কৰিব৷ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক উন্নত হ’ব৷ বহুদিনৰ পুৰণি বন্ধুক লগ পাব পাৰে আৰু তেওঁৰ লগত কোনো নতুন পৰিকল্পনাা কৰিব পাৰে। প্ৰিয়জনৰ লগত একেলগে সুন্দৰ সময় কটাব পাৰে৷ ক’বলৈ গ’লে প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো শুভ ৷
মকৰ ৰাশি: আপুনি শ্বেয়াৰ বজাৰত লগোৱা টকাই আপোনাক প্ৰচুৰ লাভ দিব৷ ধনৰ দিশত শুভ৷ পঢ়া-শুনা কৰাসকলৰ বাবে বৰ ভাল সময় নহয়, একে সময়তে শৰীৰ আপোনাৰ বাবে শুভ স্থিতিত থাকিব৷ বিপৰীত চিন্তাৰ পৰা মনক আঁতৰাই ৰাখক৷ নিজৰ ওপৰত আত্মবিশ্বাস বৰ্তাই ৰাখক৷ প্ৰিয়জনৰ সান্নিধ্যই আনন্দিত কৰিব।
কুম্ভ ৰাশি: আপোনাৰ ভাগ্যই আপোনালৈ সৌভাগ্য কঢ়িয়াই আনিব৷ বেয়াভাব মনলৈ আহিবলৈ নিদিব৷ আপোনাৰ ব্যৱসায়ৰ উন্নতিয়ে আপোনাক ধনলাভ দিব৷ প্ৰিয়জনৰ পৰা উপহাৰৰ আশা কৰিব পাৰে৷ শৰীৰে আপোনাক কোনো অসুবিধাত নেপেলায়৷ বন্ধুৰ সৈতে ফুৰিবলৈ যাব পাৰে। কোনো নতুন ব্যৱসায় কৰাৰ কথা চিন্তা কৰিব পাৰে৷ বিবাহৰ যোগ দেখা যায়৷
মীন ৰাশি: আইনী কামত সাৱধান হওক৷ চমু ৰাস্তাত ধন ঘটাৰ পথ নলৈ দীঘল আৰু বিশ্বাসী পথ বাছি লওক৷ অদৰকাৰী আলোচনাৰ পৰা নিজক আঁতৰাই ৰাখক৷ ঘৰৰ পৰা আৰু প্ৰিয়জনৰ পৰা আঁতৰত থকাই আপোনাক অশান্তি দিব আৰু আপোনাৰ মনোযোগ হানি হ’ব ৷ বিশেষ নজনাকে ক’তো টকা জমা নাৰাখিব৷ সকলো ক্ষেত্ৰতে চকু আৰু কাণ খুলি ৰাখক৷ ধৰ্মীয় আৰু সামাজিক কামত খৰচ বৃদ্ধি হ’ব৷
Leave A Comment