• আজি মঙলবাৰ! দিনটোৰ ৰাশিফল চাওঁ আহক

    জীৱন শৈলী
    আজি মঙলবাৰ! দিনটোৰ ৰাশিফল চাওঁ আহক


     ২১/০৫/২০২৪, মঙলবাৰ


    মেষ : শত্ৰু পৰাভূত হ’ব। মাংগলিক চিন্তাত ব্ৰতী। খৰচ বৃদ্ধিৰ যোগ। ৰোগ আঁতৰিব। 

    বৃষ :  আত্মীয়ৰ সংযোগ। আত্মীয়ৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা। খৰচ বৃদ্ধি। যান-বাহনৰ পৰা সাৱধান। 

    মিথুন : অনেক জ্ঞানৰ সুযোগ পাব। কোনো মাংগলিক কৰ্মত যোগদান। ৰাজনৈতিক সচেতনতা বৃদ্ধি। শিৱ মন্দিৰত চাকি দিয়ক। 

    কৰ্কট : বস্তুবাদী লোকে জনপ্ৰিয়তা হেৰুৱাব পাৰে। কৰ্মক্ষেত্ৰত সাৱধান। আনক প্ৰশংসা কৰক। বিদ্যাত আনন্দ। 

    সিংহ : আত্মবিশ্বাসে সহায় কৰিব। যোগাযোগত উন্নতি। শুভ ৰং গুলপীয়া। গৃহ নিৰ্মাণৰ চিন্তা। ৰহস্য ভেদ কৰিব পাৰিব। 

    কন্যা : মনত কোনো চঞ্চলতা আৰু উদাস ভাব নাৰাখিব। ধূমপান-সুৰা সেৱনৰ পৰা আঁতৰি থাকক।  মানহানি হ'ব পাৰে। 

    তুলা : সুনাম, কৃতিত্বৰ লাভৰ যোগ। কাম-কাজত বেমেজালি আঁতৰিব। শুভ ৰং কমলা। সমাজৰ কামত দৃঢ়তা। 

    বৃশ্চিক : আশা পূৰণৰ সংকেত। আনক আপদ বুলি নধৰিব। শুভ ৰং গোলাপী। সংঘাত আঁতৰিব। 

    ধনু : কৃতিত্ব লাভৰ যোগ। কোনো কথাত ধৈৰ্য্যৰ প্ৰয়োজন হ’ব। প্ৰদূষণে কষ্ট দিব পাৰে। কুকুৰ-বান্দৰৰ পৰা সাৱধান। 

    মকৰ : খং, ক্ষোভ, চঞ্চলতা এৰাই চলক। মধুমেহ, ৰক্তচাপ বৃদ্ধি হ’ব পাৰে। প্ৰতিৱেশীৰ পৰা কষ্ট পাব। 

    কুম্ভ : কৰ্মত অনামনা নহ’ব। সুস্থিৰ চিন্তাত ব্ৰতী থাকক। শুভ ৰং মেৰুণ। মিছা নক’ব। ভ্ৰমণৰ যোগ। 

    মীন : সামাজিক সক্ৰিয়তা বৃদ্ধি পাব। পৰকীয়া প্ৰেমত লিপ্তসকলৰ মানহানি। আৱেগ বৰ্জন কৰক। শিৱ ধ্যান কৰক।