৫ আগষ্ট ২০২৪, সোমবাৰ
মেষ ৰাশি: আজিৰ দিনটোত আপুনি মিশ্ৰিত ফল পাব৷ পৰিয়ালৰ লোকৰ সৈতে আলাপ-আলোচনা কৰিব পাৰে৷ ঊৰ্ধ্বতনসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা কৰাৰ যোগ আছে৷ নতুন চাকৰি পাব পাৰে৷ কৰ্মক্ষেত্ৰত অধিক দায়িত্ব কান্ধত পৰিব৷ আপোনাৰ মাতৃয়ে আৰ্থিক লাভ পাব পাৰে৷
বৃষ ৰাশি: আজি আপুনি নতুন কাম হাতত ল’ব পাৰে বা নতুন কোনো উদ্যোগ ল’ব পাৰে ৷ নতুন কোনো কাম সম্পন্ন কৰিব পাৰে ৷ মন্দিৰ দৰ্শনত গ’লে আপোনাৰ মন প্ৰফুল্লিত হ’ব, মনত পৰিপূৰ্ণ ভক্তিভাৱ আহিব ৷ দীঘলীয়া যাত্ৰাৰ ইংগিত স্পষ্ট ৷ বহুদূৰত থকা কোনো বন্ধুৰ পৰা কোনো খবৰ পাব পাৰে ৷ বিদেশ ভ্ৰমণৰ সুযোগ আহিব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক ৷
মিথুন ৰাশি: আজি আপুনি যি কোনো পদক্ষেপ লোৱাৰ আগতে সতৰ্ক হওঁক ৷ কোনো নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক ৷ আপুনি আজি বিৰক্তি অনুভৱ কৰিব পাৰে, অলপতে আপোনাৰ খং উঠিব পাৰে ৷ এনেকুৱা কোনো কাম নকৰিব বা এনেকুৱা কোনো কথা নক’ব, যাৰ বাবে পিছলৈ আপুনি অনুতপ্ত হ’বলগীয়া হয় ৷ অনাৱশ্যক ব্যয়ৰ পৰা সাৱধান ৷ ধ্যান তথা পূজা-অৰ্চনা কৰক ৷
কৰ্কট ৰাশি: আজি দিনটো আনন্দ-ফুৰ্তি-উলহ মালহেৰে পাৰ হ’ব ৷ আনন্দ, মনোৰঞ্জন উপভোগ, নতুন কাপোৰ ক্ৰয়ৰ নামত আপুনি আজি বহুত টকা খৰচ কৰিব পাৰে ৷ প্ৰেমৰ সম্পৰ্ক মধুৰ হ’ব ৷ সুখাদ্য ভোজন, ভাল সংগ, লং ড্ৰাইভ ইত্যাদিৰ দৰে জাগতিক সুখ উপভোগ কৰাৰ ফলত আজিৰ দিনটো অধিক আনন্দদায়ক হৈ উঠিব ৷ স্বাস্থ্যও ভালে থাকিব ৷
সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ ঘৰত কোনো সমস্যা নাহে ৷ কোন কাম কৰাৰ ক্ষেত্ৰত আপোনাৰ সমস্যা হ’ব পাৰে ৷ প্ৰতিযোগীসকলে অধিক সক্ৰিয় হৈ উঠিব আৰু সমস্যাৰ সৃষ্টি কৰিব ৷ ঘৰৰ পৰা বেয়া খবৰ পাই আপোনাৰ উদ্বেগ আৰু বাঢ়িব ৷ স্বাস্থ্য একে থাকিব ৷ আপোনাৰ কামৰ বাবে প্ৰশংসা নাপাবও পাৰে ৷ হতাশ নহ'ব ৷
কন্যা ৰাশি: খাদ্য খোৱাৰ ক্ষেত্ৰত সাৱধান হওক ৷ পেটৰ গণ্ডগোল হোৱাৰ তীব্ৰ আশংকা আছে ৷ দিনটো পৰিকল্পনা অনুসৰি নহবও পাৰে ৷ ব্যয় অধিক হ’ব পাৰে ৷ বৌদ্ধিক আলোচনাৰ পৰা দূৰত থকাৰ চেষ্টা কৰক ৷ অনুমান আৰু বিনিয়োগৰ কাৰণে দিনটো অলুকূল নহয় ৷ প্ৰিয়জনৰ সৈতে সুখৰ মুহূৰ্ত কটাব পাৰে ৷
তুলা ৰাশি: আজিৰ দিনটো আপুনি মানসিক চাপত ভুগিব পাৰে আৰু অধিক সংবেদশীল হৈ পৰিব পাৰে ৷ নেতিবাচক চিন্তাই আপোনাক হতাশ কৰিব পাৰে ৷ যাত্ৰাৰ কাৰণে আজিৰ দিনটো অশুভ ৷ কুৱা, পুখুৰী, নদী ইত্যাদিৰ পৰা দূৰত থকাৰ চেষ্টা কৰক ৷ আপুনি আজি নিজকে এলেহুৱা অনুভৱ কৰিব পাৰে ৷ পৰিয়াল আৰু সম্পত্তি বিবাদৰ পৰা দূৰত থাকক ৷
বৃশ্চিক ৰাশি: আজি গোটেই দিনটো আপুনি প্ৰাণৱন্ত আৰু উদ্যমী অনুভৱ কৰি থাকিব ৷ নতুন প্ৰকল্প বা কাম হাতত ল’ব পাৰে ৷ সহকৰ্মী, সহযোগীসকলৰ সহায় সহযোগিতা লাভ কৰিব ৷ ঘনিষ্ঠ বন্ধু বা আত্মীয়ক লগ পাব পাৰে ৷ আজি যি কাম হাতত ল’ব সেয়া সফল হ’ব ৷ ভাগ্য আজি আপোনাৰ ওপৰত সুপ্ৰসন্ন আৰু তাৰ ফলত আপোনাৰ আৰ্থিক লাভ হ’ব পাৰে ৷ ভাই-ভনীৰ দ্বাৰা উপকৃত হ’ব পাৰে ৷ পৰীক্ষা, প্ৰতিযোগিতাত সফলতা লাভ কৰিব ৷ সৰু-সুৰা ভ্ৰমণ কৰিব পাৰে ৷
ধনু ৰাশি: আজিৰ দিনটো অন্য দিনৰ দৰেই হ’ব ৷ অনাৱশ্যক ব্যয়ৰ সম্ভাৱনা আছে ৷ কোনো কথাত দুখ আৰু অনুতাপৰ কাৰণে আপোনাৰ মন বেয়া লাগি থাকিব ৷ পৰিয়ালৰ লোকৰ সৈতে ভুল বুজাবুজিৰ কাৰণে আপোনাৰ অশান্তি বাঢ়িব ৷ বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাত ভুগিব পাৰে ৷ ব্যৱসায়ত লাভ ৷ প্ৰেমত শুভ ৷
মকৰ ৰাশি: আজিৰ দিনটো পূৰ্জা-অৰ্চনাৰে আৰম্ভ কৰক ৷ বন্ধু আৰু প্ৰিয়জন পৰা উপহাৰ পাব পাৰে ৷ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ সকলো ক্ষেত্ৰত প্ৰবলভাৱে পৰিব ৷ আপোনাৰ কামত আপোনাৰ ঊৰ্ধ্বতনসকলে সন্তুষ্ট হ’ব ৷ আজি আপুনি মানসিক শান্তি লাভ কৰিব ৷ বৈবাহিক জীৱনত সুখ লাভ ৷
কুম্ভ ৰাশি: আৰ্থিক লেনদেনত সাৱধান হ’ব ৷ আজি আপুনি কোনো কথাত খঙাল হৈ পৰিব পাৰে ৷ অনাৱশ্যক ব্যয় এৰাই চলক ৷ আপোনাৰ স্বাস্থ্যৰ সমস্যা বৃদ্ধি হ’ব পাৰে ৷ বিনিয়োগ কৰাৰ আগতে দুনাই ভাবক ৷ অধিক চিন্তা ত্যাগ কৰক ৷ স্পষ্টকৈ সকলো কথা চিন্তা কৰি লওঁক ৷ ভুল ধাৰণা আৰু আকস্মিক আৱেগক মনত ঠাই নিদিব ৷
মীন ৰাশি: আজি আপুনি বন্ধুৰ সৈতে সময় কটাব ৷ অধিক ধন ব্যয় হ’ব পাৰে ৷ সামাজিক কামৰ প্ৰতি আগ্ৰহ বাঢ়িব ৷ পৰিয়াল আৰু বন্ধুসকলৰপৰা সু-সংবাদ পাব পাৰে ৷ সন্তানে আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব ৷ অপ্ৰত্যাশিত কোনো লাভ হ’ব পাৰে ৷ কোনো সুন্দৰ ঠাইত ফুৰিবলৈ যাব পাৰে ৷
Leave A Comment