ডিজিটেল ডেস্কঃ ১৮ মে’ ,২০২৪, শনিবাৰ। কেনে যাব আজিৰ দিনটো ? জানো আহক দিনটোৰ ৰাশিফল।
১. মেষ ৰাশি (অ,ল)-মেষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কোনো নতুন কামত হাত দিব পাৰে ।৷ ঘৰলৈ আলহীৰ আগমণ ঘটিব পাৰে৷ হাতলৈ ধন আহিব। বিদ্যাৰ্থীৰ বাবে শুভ দিন। প্ৰেমত মধ্যম।
২. বৃষ ৰাশি( উ,ব,ই)- বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত দুষ্ট লোকৰ দ্বাৰা সন্মান লাঘৱ হ'ব পাৰে, সেয়ে কথা আৰু কামত সাৱধান হ’ব।ধন লাভ হ'ব, খৰচো কিছু বাঢ়িব ৷ প্ৰেমত শুভ ৷ বিয়লিৰ ভাগলৈ শুভ সংবাদ লাভ। জুইৰ পৰা সাৱধান।
৩. মিথুন ৰাশি( ক,ছ)- মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শুভ দিন। দাঁতৰ ৰোগৰ বাবে কষ্ট পাব পাৰে। দূৰ ভ্ৰমণ হ’ব পাৰে। হাতলৈ ধন আহিব ।
৪. কৰ্কট ৰাশি( ড,হ)- কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত আনৰ সহায়-সহযোগিতা লাভ কৰিব ৷ আজি আপোনাৰ কৰ্মক্ষেত্রত জটিলতা হ্ৰাস পাব। বন্ধুৰ সৈতে মতানৈক্য হ’ব পাৰে৷ প্ৰেমত শুভ। বিদ্যাৰ্থীয়ে অধ্যয়নত মন দিয়াৰ প্ৰয়োজন। শুভ সংবাদ লাভ।
৫. সিংহ ৰাশিৰ (ম,ট)- সিংহ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত নতুন পৰিকল্পনা কৰিব পাৰিব। প্ৰেমত শুভ । মনত সুখবোধৰ যোগ ।খৰচ বৃদ্ধি হ’ব পাৰে৷ প্ৰেমত মধ্যম। শিঙাল জন্তুৰ পৰা দূৰত থাকিব।
৬. কন্যা ৰাশি (প,ঠ)- কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব ৷ সাংসাৰিক দিশত শুভ৷ মাতৃৰ বাবে চিন্তা। প্ৰেমত মধ্যম৷ ৷ জুইৰ পৰা সাৱধানে থাকিব। ভ্ৰমণ হ’ব পাৰে।
৭. তুলা ৰাশি (ৰ,ত)- তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আনৰ দ্বাৰা প্ৰতাৰিত হ’ব পাৰে। বন্ধুৰ সৈতে মনোমালিন্য হোৱাৰ যোগ ।হাতলৈ ধন আহিব ৷ নতুন কামৰ সন্ধান লাভ।
৮. বৃশ্চিক ৰাশি (ন,য)- বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ বহুদিনীয়া আশা পূৰণ হ'ব। প্ৰেমত মধ্যম । বিবাহৰ ক্ষেত্ৰত নতুন যোগাযোগ৷ ধন লাভ। চকুৰ ৰোগৰ পৰা সাৱধান।
৯. ধনু ৰাশি (ধ,ভ)- ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন বাঢ়িব । দাঁতৰ ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।ধন লাভ যদিও খৰচ বৃদ্ধি পাব। ভ্ৰমণ হ’ব পাৰে।
১০. মকৰ ৰাশি (খ,জ)- মকৰ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত সৃষ্টিশীল কামত মন দিব পাৰিব। বিয়লিলৈ ধন লাভ হ'ব । পেটৰ ৰোগ হ’ব পাৰে। সন্তানৰ বাবে চিন্তা। দূৰ ভ্ৰমণ হ’ব পাৰে।
১১. কুম্ভ ৰাশি(গ,শ,স)- কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ ব্যৱসায়ীসকলৰ শুভ । ৰোগৰ পৰা আৰোগ্য লাভ। ৷ধন লাভ। প্ৰেমত মধ্যম। শিঙাল জন্তুৰ পৰা সাৱধানে থাকিব। দুপৰীয়াৰ ভাগৰ পৰা দিনটো অধিক শুভ হ’ব।
১২. মীন ৰাশি( দ,চ)- মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ধন লাভৰ যোগ। কৰ্মত জটিলতা থাকিলেও সেয়া নিয়ন্ত্ৰণত ৰাখিব পাৰিব। খং দমন কৰিব। আজি কথা কওঁতে সংযমী হ’ব। ধন লাভ, খৰচো বৃদ্ধি। নিশাৰ ভাগলৈ মন বেছিকৈ প্ৰসন্ন হৈ পৰিব।
Leave A Comment