ডিজিটেল ডেস্কঃ আজি ৭ জুন, ২০২৪, শুকুৰবাৰ৷ আজি কেনে যাব আপোনাৰ দিনটো। জানো আহক দিনটোৰ ৰাশিফল-
১. মেষ ৰাশি- আজিৰ দিনটোত ব্যৱসায়ত উন্নতি হ'ব৷ মনত শান্তি বাঢ়িব যদিও কৰ্মত সামান্য কষ্ট পাব পাৰে ।খৰচ বাঢ়িব পাৰে যদিও হাতলৈ ধন অহাৰো যোগ৷ আলস্য ভাব আহিব পাৰে। শিঙাল জন্তু আৰু যান-বাহনৰ পৰা সাৱধান।
২. বৃষ ৰাশি - আজিৰ দিনটোত সন্মান বাঢ়িব, ধন লাভ হ'ব ।আনৰ প্ৰসংশা লাভ কৰাৰ যোগ দেখা যায়।পেটৰ ৰোগ হ’ব পাৰে, গতিকে সতৰ্ক হ’ব।
৩. মিথুন ৰাশি- বিদ্যাৰ্থীসকলৰ শুভ হ'ব, ৰোগৰ পৰা আৰোগ্য হ'ব। কৰ্মত সামান্য নিৰাশাৰ ভাৱ বৃদ্ধি
হোৱাৰ যোগ দেখা যায়।উদৰ ৰোগৰ আশংকা আছে৷ শিঙাল জন্তুৰ পৰা সাৱধান। হাতলৈ ধন আহিব।
৪. কৰ্কট ৰাশি -শুভ সংবাদ লাভ কৰিব৷। প্ৰেমত আশা বৃদ্ধি। শৰীৰত গুৰুত্ব দিয়ক।খৰচ বৃধ্দিৰ যোগ। কিন্তু হাতলৈ ধনো আহিব। পেটৰ ৰোগত ভুগিব পাৰে। সাৱধান হ’ব।
৫. সিংহ ৰাশিৰ - অফিচত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আৰ্থিক দিশক লৈ চিন্তিত। মানসিক শান্তি ভংগ। প্ৰেমত নতুন সংযোগ।
৬. কন্যা ৰাশি - আয় বাঢ়িব৷প্ৰেমত শান্তি। বিদ্যাৰ্থীৰ শুভ। ভ্ৰমণত বাধা। পিতৃ-মাতৃৰ শুভ।বন্ধুৰ সৈতে মতানৈক্য হ’ব পাৰে৷
৭. তুলা ৰাশি - ধন খৰচ হ'ব৷ মনৰ আশা বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমত সংঘাত। বন্ধুৰ সহায় লাভ।হঠাতে ভাল খবৰ পাব পাৰে।চকুৰ যত্ন ল’ব।
৮. বৃশ্চিক ৰাশি -মনত কষ্ট পাব। আপুনি কামক লৈ সজাগ হোৱাটো ভাল হ'ব। সন্তানক লৈ চিন্তা। খৰচ নিয়ন্ত্ৰণ কৰক ।প্ৰেমত শুভ।
৯. ধনু ৰাশি- মানুহে প্ৰশংসা কৰিব। দেহত বিষ হ'ব পাৰে। আলহীৰ আগমন। খৰচ বৃদ্ধি। শুভ সংবাদ লাভ কৰিব পাৰে। প্ৰেমত শুভ।
১০. মকৰ ৰাশি- আত্মীয়ৰ সৈতে মিলন। এলাহ ভাৱ দূৰ হ'ব। সন্তানক নজৰ দিয়ক। প্ৰশংসা শুনিব।প্ৰেমত নতুন যোগাযোগ। পানীৰ পৰা সাৱধানে থাকিব।
১১. কুম্ভ ৰাশি - দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব৷ নতুন যোগোযোগ হ’ব পাৰে৷সজাগ নহ'লে কৰ্মত সামান্য বাধাৰ সন্মুখীন হ'ব পাৰে লগতে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়। পিতৃ-মাতৃৰ শুভ।
১২. মীন ৰাশি- নতুন কৰ্ম লাভ কৰিব পাৰে ৷ ঘৰলৈ আলহীৰ আগমণ ঘটিব পাৰে৷ পেটৰ ৰোগত ভুগিব পাৰে, সেয়ে সতৰ্ক হ’ব।আজি আপোনাৰ কৰ্মক্ষেত্রত জটিলতা হ্ৰাস পোৱাৰ যোগ দেখা যায়।
Leave A Comment