ডিজিটেল ডেস্কঃ ১৩ মে’ ২০২৪ , সোমবাৰ।আজিৰ দিনটো বিভিন্ন ৰাশিৰ লোকৰ বাবে কেনে যাব জানো আহক। মেষ- আজিৰ দিনটো ব্যৱসায় কৰা ব্যক্তি সকলৰ বাবে শুভ। যদি বিনিয়োগ কৰিব বিচাৰিছে তেনেহলে হাতলৈ ডাঙৰ সুযোগ আহিব। বন্ধু লাভ। জুইৰ পৰা সাৱধান।
বৃষ- সিদ্ধান্ত গমি-পিতি ল’ব। সৰু-সুৰা কথাৰ বাবে কাৰোৰে লগত কাজিয়া নকৰিব। দাম্পত্যত সাৱধান হ’ব। মাতৃৰ শুভ। দাঁতৰ ৰোগ হ’ব পাৰে।
মিথুন- সম্পত্তি সম্পৰ্কীয় বিবাদত জ্যেষ্ঠ জনৰ পৰা পৰামৰ্শ ল’ব। বিত্তীয় পৰিস্থিতি শক্তিশালী হ’ব। শিক্ষৰ্থীয়ে পৰীক্ষাত সফলতা লাভ কৰিব। হঠাতে নতুন খবৰ লাভ। ভ্ৰমণৰ যোগ।
কৰ্কট- কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব। হঠাতে ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। দাঁতৰ ৰোগৰ সম্ভাৱনা। পুৰণি পাবল’গীয়া ধন ঘূৰাই পাব পাৰে।
সিংহ- আজি দিনটোত আপুনি ধন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব পাৰে। প্ৰিয় জনৰ পৰা উপহাৰ লাভ কৰিব।খৰচ বৃদ্ধি পাব পাৰে। দূৰ ভ্ৰমণ নকৰাই ভাল।
কন্যা- আজিৰ দিনটো আপোনাৰ ভাল চিন্তাৰে পাৰ হ’ব। কৰ্মক্ষেত্ৰত থকা বাধা সমূহ আঁতৰাৰ সম্ভাৱনা আছে। ভ্ৰমণৰ যোগ আছে। শিঙাল জীৱৰ পৰা সাৱধানে থাকিব। প্ৰেমত ভুলবুজাবুজি হ’ব পাৰে।
তুলা – কৰ্মক্ষেত্ৰত আপোনাৰ শত্ৰুসকলে আজি আপোনাৰ কামত বাধা প্ৰদান কৰিব।চাকৰিয়ালৰ শুভ দিন। শুভ সংবাদ লাভৰ যোগ। আনক আজি সহজতে বিশ্বাসত নল’ব, নহ’লে প্ৰতাৰিত হ’ব পাৰে।
বৃশ্চিক- সৰু সৰু কথাতে খং নকৰিব।ই আপোনাৰ কামত প্ৰভাৱ পেলাব। দিনটো ব্যস্ততাৰে পাৰ হ’ব। আজি কোনো আইনী বিষয়ত নোসোমাব। পেটৰ ৰোগৰ পৰা সাৱধান হ’ব। ধন লাভৰ যোগ। মাতৃৰ বাবে চিন্তা।
ধনু- আজিৰ দিনটো আপোনাৰ বাবে অতি ফলপ্ৰসূ দিন হ’ব। আজি ধন লাভ কৰাৰ বহুটো সুবিধা পাব। প্ৰেমত যদি কোনো সমস্যা হৈ আছে তেনেহলে আজি পৰিত্ৰাণ লাভ কৰিব। কথা কওঁতে ভাবি-চিন্তি ক’ব। ভ্ৰমণৰ যোগ দেখা যায়।
মকৰ- আজিৰ দিনটোত আপোনাৰ সন্মান বৃদ্ধি পাব। চাকৰি বিচাৰি থকা লোক সকলে সফলতা লাভ কৰিব। ব্যৱসায়ী সকলে অধিক পৰিশ্ৰম কৰিব লাগিব।শুভ সংবাদ লাভ কৰিব। বিয়লিৰ পিনৰ পৰা আৰু বেছি ভাল হ’ব।
কুম্ভ- পদোন্নতিৰ যোগ দেখা যায়। নিবনুৱাসকলেও কাম সন্ধান লাভ কৰিব পাৰে। ব্যৱসায় কৰা লোক সকলে যিকোনো বস্তুটো ক্ৰয় কৰোতে বৃহৎ ৰেহাই পাব। খৰচ কিছু বাঢ়িব। অতিথিৰ আগমন। ভ্ৰমণৰ যোগ।
মীন-আজিৰ দিনটোত যান-বাহনত সতৰ্ক হ’ব। খৰচ বৃদ্ধিৰ যোগ দেখা যায়। হাতলৈ ধনো আহিব। পেটৰ ৰোগৰ প্ৰতি সচেতন হ’ব। আলহীৰ আগমন। দূৰ ভ্ৰমণ নকৰাই ভাল।
Leave A Comment