• অদৰকাৰী যেন লগা বস্তুবোৰ ’কেতিয়াবা লাগিব’ বুলি ঘৰত আৱৰ্জনা কৰি সাঁচি ৰাখিছে নেকি? ফেংছুয়ে কি দিছে বিধান?

    জীৱন শৈলী
    অদৰকাৰী যেন লগা বস্তুবোৰ ’কেতিয়াবা লাগিব’ বুলি  ঘৰত আৱৰ্জনা কৰি সাঁচি ৰাখিছে নেকি? ফেংছুয়ে কি দিছে বিধান?
    ডিজিটেল ডেস্কঃমানুহে জীৱনত বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ কৰে। একো একোটা সময়ত একো একোবিধ সামগ্ৰী, কাগজ-পত্ৰ আদি মানুহ এজনৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰে। কিন্তু এটা সময়ত সেই সামগ্ৰীবিধ মানুহজনৰ বাবে আৱৰ্জনাতহে পৰিণত হয়। ইমানৰ পিছতো অৱশ্যে সেই বস্তুবিধ বহু মানুহে  পেলাই দিয়াৰ সলনি ঘৰতে ৰাখি থয়। ইয়াৰ ফলত অলাগতিয়াল বস্তুৰে ঘৰ ভৰি পৰে।

    এনে পৰিস্থিতিত অলাগতিয়াল বস্তুৰে ভৰি পৰা ঘৰত বাস কৰা লোকসকলৰ মনোজগতত নেতিবাচক প্ৰভাৱ পৰে। বাহিৰৰ পৰা আহি ঘৰত প্ৰৱেশ কৰাৰ পিছতেই ঘৰখন বিভিন্ন অলাগতিয়াল বস্তুৰে ভৰি থকা দেখিলে মনটোত ঋণাত্মক ভাৱৰ সৃষ্টি হয়। যি কথাই মানুহ এজনৰ শাৰীৰিক তথা মানসিক স্বাস্থ্যত প্রভাৱ পেলায়। সেইবাবে অলাগতিয়াল যেন লগা বস্তু সাঁচি ৰখাৰ সলনি তাক তৎকালে ঘৰৰ বাহিৰ কৰি দিয়া উচিত। তেতিয়া ঘৰখন অলাগতিয়াল বস্তুৰ পৰা মুক্ত হৈ থাকিব আৰু ঘৰখন পৰিষ্কাৰ হৈ থাকিব।

    এইক্ষেত্ৰত এটা কথা মন কৰিব লাগিব যে আৱৰ্জনাই সদায় ঘৰখনত নেতিবাচক প্রভাব বিস্তাৰ কৰি থাকে। এনে প্ৰভাৱৰ বাবে ঘৰৰ উন্নতিত বিভিন্ন ধৰণৰ বাধাই দেখা দিযব পাৰে বুলি ফেংছুই বিশেষজ্ঞসকলে কৈ আহিছে। এনে আবর্জনাই নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰাৰ বাবেই গৃহস্থৰ উন্নতিত বাধা আহি পৰে। সেয়ে চকু-কাণ মুদি তেনে আৱর্জনা পেলাই দিয়া উচিত। 

    এটা কথা মন কৰা উচিত যে তেনে আৱর্জনাই আপোনাক কোনোদিনেই কোনোধৰণে উপকৃত নকৰে। ইয়াৰ বিপৰীতে তেনে আৱর্জনাই আপোনাৰ ঘৰৰ ঠাই অধিকাৰ কৰি থাকিব আৰু ঘৰৰ পৰিৱেশ বিনষ্ট কৰিব। সেইবাবে তেনে আৱর্জনা সহায় পেলাই দিয়া উচিত। আৱর্জনামুক্ত ঘৰখনত আপুনি শান্তিৰে উশাহ ল'ব পাৰিব আৰু মনত এক ইতিবাচক ধাৰণাৰ সঞ্চাৰ ঘটিব। 

    আৱৰ্জনামুক্ত কৰাৰ পিছত আপুনি ঘৰত ধুপ-ধুনা আদি জ্বলাই ঘৰখনৰ পৰিবেশ আৰু অধিক পবিত্ৰ কৰি তুলিব পাৰে।মুঠৰ ওপৰত আৱৰ্জনাৰ দমেৰে ভৰি থকা ঘৰ এখনত আপুনি কোনো দিনেই কোনোধৰণৰ ইতিবাচক চিন্তা কৰিব নোৱাৰে, অলাগতিয়াল আৱৰ্জনাসমূহে আপোনাৰ মগজুত বিভিন্ন নেতিবাচক চিন্তাৰহে সঞ্চাৰ ঘটাব।