• ফেংছুইৰ জৰিয়তে ধন-সম্পত্তি বৃদ্ধি কৰিবলৈ ঘৰত ৰাখক মানি প্লেণ্ট

    জীৱন শৈলী
    ফেংছুইৰ জৰিয়তে ধন-সম্পত্তি  বৃদ্ধি কৰিবলৈ ঘৰত ৰাখক মানি প্লেণ্ট
    ডিজিটেল ডেস্কঃ  সঠিক ৰূপত যদি ফেছুইৰ বিধি বিধানসমূহ মানি চলা হয় তেন্তে মানুহে অতি কম দিনৰ ভিতৰতে সমৃদ্ধিৰ মুখ দেখিবলৈ সক্ষম হয়। ফেংছুই শাস্ত্ৰত সমৃদ্ধি বৃদ্ধিৰ বাবে দিয়া কেইটামান বিধি-বিধানৰ কথা ইয়াত চমুকৈ উল্লেখ কৰা হৈছে। 

    ঘৰত ধন-সম্পত্তি বৃদ্ধি কৰিবলৈ ফেংছুইয়ে দিয়া বিধান অনুসৰি আলহী বহা কোঠাত এটা টাবত মানি প্লেণ্ট ৰোপণ কৰক। এই মানি প্লেন্ট ফেংছুইৰ বিভিন্ন সামগ্রী পোৱা বিপণীসমূহত বিচাৰিলেই আপুনি পাব। এই মানি প্লেন্ট ৰোপণ কৰা টাবটো আলহী বহা ঘৰৰ দক্ষিণ-পূব দিশত ৰাখিব লাগে। ফেংচুইৰ মতে দক্ষিণ-পূব দিশটো হৈছে ধন-সম্পত্তি লাভৰ দিশ । 

    সেইবাবে এই দিশত মানি   প্লেন্ট ৰোপন কৰা ঢালটো ৰাখিলে লাভ কৰিব। এনেধৰণৰ পূব বা দক্ষিণ দিশতো ৰাখিলে একে ফলেই লাভ কৰিব পাৰি। আলহী বহা ঘৰৰ উপৰি কাৰ্যালয়গুহটো এনে গছ ৰাখিব পাৰি। কিন্তু এটা কথা মনত ৰাখিব যে এনেধৰণৰ গছ কেতিয়াও স্নানাগাৰ অথবা শুৱনি কোঠাত নাৰাখিব। মানি প্লেন্টৰ পাতবোৰ হৃদয় আকৃতিৰ সেউজীয়া বৰণৰ হয়।

    ঘৰত সৌভাগ্য বৃদ্ধিৰ বাবে তিনিঠেঙীয়া ভেকুলী ৰাখিব লাগে। তিনিঠেঙীয়া ভেকুলী অষ্টপদী আধাৰৰ ওপৰত ৰখা হয়। এনে ভেকুলীৰ মুখত চীনা মুদ্রা থাকে। চীনা মুদ্ৰাৰ এটা ফালে চাবিটা আৰু আনটো ফালে দুটা চীনা ভাষাত লিখা সংকেত থাকে।

    এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল ভেকুলীৰ মুখত থকা মুদ্ৰাটোৰ ওপৰপিনে যাতে চাৰিটা সংকেত থকা ফালটোহে ৰখা হয়। এনেধৰণৰ তিনিঠেঙীয়া ভেকুলী ঘৰৰ মূল প্ৰৱেশদ্বাৰৰ পৰা কৌণিকভাৱে দুৱাৰৰ দিশলৈ মুখ কৰি ৰাখিব লাগে। ঘৰৰ আলহী বহা কোঠাত তিনিঠেঙীয়া ভেকুলী ৰাখিব পাৰি।