• ঘৰত ৰাখিলে দুদিন পাছত কল ক’লা পৰি যায় নেকি? এয়া কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি জানক

    জীৱন শৈলী
    ঘৰত ৰাখিলে দুদিন পাছত কল ক’লা পৰি যায় নেকি? এয়া কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি জানক
    ডিজিটেল‌ ডেস্ক: কল এবিধ অতি পুষ্টিকৰ ফল। বহুতে নিয়মিতভাৱে জলপানৰ বাবে কল খায়। কিন্তু এই কল ঘৰত বেছি দিন ৰাখিব নোৱাৰি। কাৰণ তেতিয়া কলটো ক’লা হৈ পৰে। আকৌ প্ৰতিদিনে বজাৰলৈ যোৱাৰ পৰিস্থিতি কাৰো নাই। গতিকে কি কৰিব?কেইটামান নিয়ম মানি চলি কল পকাৰ সময় বঢ়াব পাৰি। অৰ্থাৎ বহুদিন ঘৰত থৈ দিলেও কল পকিব নোৱাৰে। সেই ক্ষেত্ৰত কি কৰিব লাগে? ইয়াৰ ৬ টা টিপছ জানো আহক-

    ১) কম পকা কল কিনিব: কম পকা কল কিনিব। অৰ্থাৎ সেউজীয়া দেখিলেই কল কিনিব লাগে। বহুদিনলৈ থৈ দিব পাৰে।

    ২) পৃথককৈ ৰাখক : কল কিবা বেলেগ সামগ্ৰীৰ লগত লাগি থাকিলে সোনকালে পকি যায়। এই সমস্যা কম কৰিবলৈ কল ওলোমাই থ’ব লাগে। ই আৰু বেছি দিন ভালে থাকিব।

    ৩) ফ্ৰীজত ৰাখিব পাৰে: কল পকিবলৈ আৰম্ভ কৰিলে ফ্ৰীজত ৰাখিব পাৰে। তেনে ক্ষেত্ৰত কল কলা হোৱাৰ পৰা বহু দিন ৰক্ষা কৰিব পাৰে।

    ৪) আন ফলৰ লগত নাৰাখিব: আন ফলৰ লগতো কল সোনকালে পকি যায়। গতিকে আন ফলৰ লগত কল নাৰাখিব। এই ফল বেছি দিন ভালে থাকিব।

    ৫) মুকলি ঠাইত ৰাখিব: কল বেগ বা পাত্ৰত ৰাখিব নালাগে। বৰঞ্চ এই ফলটো মুকলি ঠাইত ৰাখিব লাগে। বতাহ বলিব। আৰু কল কেইবাদিনো সতেজ হৈ থাকিব।

    ৬) কলৰ ঠাৰি ঢাকি ৰাখিব: কল সতেজ কৰি ৰখাৰ বাবে এইটোৱেই আটাইতকৈ ফলপ্ৰসূ উপায়। কলৰ ঠাৰি ঢাকি দিব। এলুমিনিয়াম ফয়েল বা প্লাষ্টিকেৰে ঢাকিলে কল বেছি দিন টিকি থাকিব পাৰে।