ডিজিটেল ডেস্কঃ আজি ৰাতি শিলা বৰষিলে নুশুনি প্ৰজাৰ মাত
পালি-পহৰীয়া সৱে নিদ্ৰা গৈলা ওপজিলা জগন্নাথ
আজি পবিত্ৰ কৃষ্ণ জন্মাষ্টমী। জন্মাষ্টমী হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ। ইয়াক কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰেও জনা যায়।
এই উৎসৱ হিন্দু বৰ্ষপঞ্জীমতে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত (গ্ৰেগৰিয়ান বৰ্ষপঞ্জীমতে আগষ্ট-ছেপ্টেম্বৰ) পালন কৰা হয়।কৃষ্ণৰ জীৱনৰ নাটকীয় উপস্থাপন ৰাস লীলা মথুৰা, বৃন্দাবন, মণিপুৰ আদি ঠাইত এই উৎসৱৰ লগতে কৰা হয়।
ৰাস লীলাত কৃষ্ণৰ ডেকা বয়সৰ কৰ্ম-কাণ্ড দেখুওৱা হয়, আনহাতে Dahi Handi প্ৰথাত কৃষ্ণৰ দুষ্ট স্বভাৱ প্ৰতিফলিত কৰা হয় য'ত কেইবাজনো ল'ৰা মিলি ওখ ঠাইত বান্ধি থোৱা মাখনৰ টেকেলী ভাঙিবলৈ চেষ্টা কৰে। এই পৰম্পৰাক তামিলনাডুত উৰিয়াদি নামৰে পালন কৰা হয়। কৃষ্ণৰ জন্ম হওঁতে নন্দই সকলোকে উপহাৰ বিলোৱাৰ কাহিনী উদ্যাপন কৰিবলৈ কৃষ্ণ জন্মাষ্টমীৰ পাছত বহু ঠাইত নন্দোৎসৱ পালন কৰা হয়।
পবিত্ৰ ভাদ মাহত কংসৰ কাৰাগাৰত দৈবকীৰ উদৰত জন্ম হৈছিল ভগৱান শ্ৰীকৃষ্ণৰ৷ শ্ৰীমদ্ভাগৱতত উল্লেখ থকা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত হৈছিল৷ সেই অনুসৰি হিন্দু ধৰ্মাৱলম্বী লোক সকলে ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ উলহ-মালহেৰে পালন কৰি আহিছে৷
ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰ বাবে ৰাজ্যৰ সত্ৰ–নামঘৰ সমূহত ভকত–বান্ধৱৰ ভিৰ আৰম্ভ হৈছে। ঘৰে ঘৰে আয়োজন চলিছে কৃষ্ণ জন্মাষ্টমী উদযাপনৰ।
Leave A Comment