আঞ্চলিক
ডিজিটেল ডেস্কঃ এতিয়া চজিনাৰ বতৰ। বহু লোকে চজিনাৰ লগতে চজিনাৰ
পাত খাবলৈ ভালপায়। কাৰণ চজিনাৰ পাতত আছে বহুতো লাভকাৰী উপাদান। চজিনা পাতত ভিটামিন,
খনিজ, এণ্টিঅক্সিডেণ্ট পোৱা যায় বাবে হাজাৰ হাজাৰ বছৰ ধৰি আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত
কৰি আহিছে। ইয়াক বহুতো ৰোগৰ চিকিৎসাতো ব্যৱহাৰ কৰা হয়। গতিকে চজিনা পাত কোনবোৰ ৰোগৰ
বাবে উপকাৰী জানো আহক।
১. ব্লাড ছুগাৰ নিয়ন্ত্ৰণত ৰাখেঃ-ডায়েবেটিচ ৰোগীৰ বাবে চজিনা
পাত অত্যন্ত উপকাৰী। দৰাচলতে চজিনাৰ পাত এণ্টিঅক্সিডেণ্ট গুণেৰে সমৃদ্ধ, যাৰ বাবে ৰক্ত
শৰ্কৰা নিয়ন্ত্ৰণত থাকে। সেয়েহে ডায়েবেটিচ ৰোগীসকলে আহাৰত চজিনাৰ পাত অন্তৰ্ভুক্ত
কৰিব পাৰে।
২. কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়েঃ- চজিনাৰ
পাতে কৰ্কট ৰোগৰ আশংকাও হ্ৰাস কৰে। কাৰণ এই পাতত বিভিন্ন ধৰণৰ এণ্টিঅক্সিডেণ্ট, ভিটামিন-চি,
জিংক আৰু অন্যান্য সক্ৰিয় উপাদান থাকে, যি কৰ্কট ৰোগৰ কোষ আৰু মুক্ত ৰেডিকেলৰ প্ৰভাৱ
হ্ৰাস কৰাত সহায়ক হয়।
৩. হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যা হ্ৰাস কৰেঃ-চজিনাৰ পাতে শৰীৰত
থকা বেয়া কলেষ্টৰেল প্ৰস্তুত হোৱাত হ্ৰাস
কৰে। চজিনাৰ পাতত যথেষ্ট পৰিমাণৰ অমেগা-৩ ফেটি এচিড থাকে, যি কলেষ্টৰেলৰ স্তৰ হ্ৰাস
কৰি হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাবোৰ দূৰ কৰাত সহায় কৰে।
৪. বিপি নিয়ন্ত্ৰণত ৰাখেঃ-চজিনাৰ পাতত যথেষ্ট পৰিমাণৰ পটাছিয়াম
পোৱা যায়। সেয়েহে চজিনাৰ পাতে বিপি নিয়ন্ত্ৰণ ৰখাত সহায় কৰে। অৰ্থাৎ যিসকলৰ বিপি
উচ্চ হৈ থাকে, তেওঁলোকে নিশ্চিতভাৱে আহাৰৰ তালিকাত চজিনাৰ পাত অন্তৰ্ভুক্ত কৰিব পাৰে।
ইয়াৰ লগতে চজিনাৰ পাতে ৰক্তহীনতা দূৰ কৰাৰ লগতে চকুৰ সমস্যাও
হ্ৰাস কৰে।
Leave A Comment