ডিজিটেল ডেস্কঃ ৰাখীবন্ধন হিন্দু ধৰ্মৰ অন্যতম প্ৰধান উৎসৱ। এই দিনটো ভাই-ভগ্নীৰ একতা আৰু ভালপোৱাৰ দিন হিচাপে গণ্য কৰা হয়।
এই বিশেষ দিনটোত ভগ্নীসকলে মৰমেৰে ভায়েকৰ হাতত ৰাখী বান্ধি দিয়ে আৰু ভাতৃজনে ভগ্নীক কিছু উপহাৰ দিয়ে। ৰাখী বান্ধি থাকোঁতে বাই-ভনীসকলে কিছুমান বিশেষ নিয়ম মনত ৰাখিব লাগিব, যাতে ভাল ফলাফল পায়।
সনাতন ধৰ্মৰ পৰম্পৰা অনুসৰি এই দিনটোতে দেৱী লক্ষ্মীয়ে অসুৰ ৰজা বলিক ৰাখী বান্ধি নিজৰ ভাতৃ হিচাপে মানি লৈছিল।
ৰাখীবন্ধনত বন্ধা এই ৰাখী কেৱল এটা সাধাৰণ সূতা নহয়, ই ভাই-ভগ্নীৰ সম্পৰ্কৰ অবিচ্ছেদ্য বান্ধোনৰো প্ৰতীক। এই দিনটোত ভগ্নীসকলে ভাতৃৰ আৰতি কৰি তেওঁৰ কপালত তিলক প্ৰদান কৰে। ইয়াৰ পিছত ভাতৃৰ হাতত ৰাখী বা ৰক্ষাসূত্ৰ বান্ধি দিয়া হয় প্ৰেমৰ প্ৰতীক আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনাৰ জৰী হিচাপে। লগতে জেষ্ঠ বা কনিষ্ঠ ভাতৃয়ে নিজৰ ভনীয়েক বা বায়েকক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
১৯ আগষ্ট ২০২৪ৰ পৰা পুৱা ০৩:০৪ বজাৰ (শাওণ মাহৰ পূৰ্ণিমা তিথি) পৰা লগ্ন আৰম্ভ হৈছে। এই লগ্ন অন্ত পৰিব ১৯ আগষ্ট, ২০২৪ নিশা ১১:৫৫ বজাত। সেয়ে ১৯ আগষ্ট সোমবাৰে উদযাপন কৰা হ’ব ৰক্ষাবন্ধন উৎসৱ।
Leave A Comment