ডিজিটেল ডেস্কঃ আজি ৯ জুন ,২০২৪, দেওবাৰ। আজিৰ দিনটো আপোনাৰ কেনে যাব? জানো আহক আজিৰ দিনটোৰ ৰাশিফল।
১. মেষ ৰাশি (অ,ল)- নতুন কৰ্ম লাভ কৰিব পাৰে ৷ ঘৰলৈ আলহীৰ আগমন ঘটিব পাৰে৷ পেটৰ ৰোগত ভুগিব পাৰে, সেয়ে সতৰ্ক হ’ব।প্ৰেমত শুভ।আনৰ প্ৰশংসা লাভ কৰাৰ যোগ দেখা যায়।ধন লাভ।
২. বৃষ ৰাশি( উ,ব,ই)- সন্মান লাভ হ'ব, ধন লাভ হ'ব ৷ আজি কাৰোবাৰ সৈতে ধনৰ লেনদেন কৰাৰ কথা ভাবি আছে, সাৱধান হ’ব।প্ৰেমত শুভ ৷ জেষ্ঠ্য জনৰ পৰা মনত সামান্য আঘাত পোৱাৰ যোগ দেখা যায়। প্ৰেমত শুভ।ভাতৃ-ভগ্নীৰ মাজত মৰম বাঢ়িব।
৩. মিথুন ৰাশি( ক,ছ)- দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব৷ নতুন যোগোযোগ হ’ব পাৰে৷সজাগ নহ'লে কৰ্মত সামান্য বাধাৰ সন্মুখীন হ'ব পাৰে লগতে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়। পিতৃ-মাতৃৰ বাবে চিন্তা ।
৪. কৰ্কট ৰাশি( ড,হ)- কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মত আনৰ সহায়-সহযোগিতা লাভ কৰিব পাৰে ৷ লগতে আজি আপোনাৰ কৰ্মক্ষেত্রত জটিলতা হ্ৰাস পোৱাৰ যোগ দেখা যায়। বন্ধুৰ সৈতে মতানৈক্য হ’ব পাৰে৷ জুইৰ পৰা সাৱধানে থাকিব।পেটৰ ৰোগৰ আশংকা।
৫. সিংহ ৰাশিৰ (ম,ট)- শান্তি বাঢ়িব, কৰ্মত শুভ হ'ব । ব্যৱসায় কৰা লোকসকলে আজি কামৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে। খৰচ হ্ৰাস পাৰে৷ পিতৃৰ বাবে চিন্তা। দাঁতৰ ৰোগ হ’ব পাৰে।
৬. কন্যা ৰাশি (প,ঠ)- কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব ৷আবেগিক হৈ পৰিব পাৰে ।পাৰিবাৰিক দিশত অতি শুভ৷ প্ৰেমত শুভ৷ খৰচ অলপ বাঢ়িব পাৰে৷
৭. তুলা ৰাশি (ৰ,ত)- তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য ভয় ভাৱ বৃদ্ধি হ'ব পাৰে লগতে সামান্য মনোমালিন্য হোৱাৰ যোগ । হাতলৈ ধন আহিব পাৰে৷ প্ৰেমত শুভ।
৮. বৃশ্চিক ৰাশি (ন,য)- মনৰ আশা পূৰণ হ'ব। আজি তেওঁলোকে হয়তো তেওঁলোকে আশা কৰা অনুসৰি ফলাফল শুনিব পাৰে। প্ৰেমত ভাল দিন৷ বিদাৰ্থীৰ বাবে ভাল দিন।পৰিয়ালৰ ব্যয় হঠাতে বৃদ্ধি হ'ব পাৰে।
৯. ধনু ৰাশি (ধ,ভ)- সন্মান বাঢ়িব ।দাঁতৰ ৰোগ হোৱাৰ আশংকা। প্ৰেমত শুভ। খৰচ বৃদ্ধি হ’ব পাৰে। জুইৰ পৰা সাৱধান।শিক্ষাৰ্থীসকলে শিক্ষাত মনোযোগ দিব লাগিব। যদি আপুনি আজি ভৱিষ্যতৰ কিছুমান পৰিকল্পনাত বিনিয়োগ কৰে, সেই আঁচনিবোৰে ভৱিষ্যতে যথেষ্ট লাভালাভ প্ৰদান কৰিব।
১০. মকৰ ৰাশি (খ,জ)- আজিৰ দিনটোত সন্মান বাঢ়িব, ধন লাভ হ'ব ।প্ৰেমত মধ্যম। নতুন যোগোযোগ হ’ব পাৰে৷ প্ৰসংশা লাভ কৰাৰ যোগ ।ধন লাভ।
১১. কুম্ভ ৰাশি(গ,শ,স)- বিদ্যাৰ্থীসকলৰ শুভ হ'ব, ৰোগৰ পৰা আৰোগ্য হ'ব। কৰ্মত সামান্য নিৰাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।উদৰ ৰোগৰ আশংকা আছে৷ শিঙাল জন্তুৰ পৰা সাৱধান। হাতলৈ ধন আহিব। নতুন বন্ধু লাভ।
১২. মীন ৰাশি( দ,চ)- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো অতি ভাল দিন।। কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে অলপ চিন্তা কৰি চাব৷ যদি আপুনি আজি কাৰোবাক টকা ধাৰ দিয়াৰ পৰা বিৰত থাকক। প্ৰেমত ভাল দিন৷পিছবেলালৈ হাতলৈ ধন আহিব পাৰে৷ পিতৃ-মাতৃৰ শুভ। প্ৰেমত মধ্যম।
Leave A Comment