স্বাস্থ্য
ডিজিটেল ডেস্ক : প্ৰাচীন কালৰে
পৰা প্ৰসাধন সামগ্ৰীৰ তালিকাত এটা উল্লেখযোগ্য বস্তুৰ নাম পোৱা যায়, অৰ্থাৎ গোলাপৰ
পাহি। ৰাণীসকলেও এই গোলাপ পানীৰে গা ধুইছিল বা মুখত গোলাপৰ পাহি লগাইছিল। সেইবাবেই
তেওঁলোক অদ্ভুত সৌন্দৰ্য্যৰ গৰাকী আছিল। ব্যস্ত জীৱনত কিছু সময় উলিয়াই আপুনিও পাৰিলেও
এই গোলাপৰ পাহিৰে কেইটামান ফেচপেক বনাব পাৰি চাওঁ আহক।
১) গোলাপৰ পাহি, টেঙা দৈ আৰু মৌঃ–সকলো
উপাদান হাতেৰে খুব ভালদৰে মিহলাই লওক। তাৰ পাছত মুখ, ডিঙি, পিঠিত ভালদৰে লগাই আধা ঘণ্টাৰ
পাছত ধুই পেলাব লাগে। সপ্তাহত তিনিদিন কৰিলেই যথেষ্ট, উপকাৰ পাব।
২) গোলাপৰ পাহি, মুলতানী মাটি,
বেচনঃ–সকলোবোৰ উপাদান খুব ভালকৈ মিহলাই লওক। প্ৰয়োজন হ’লে অলপ পানী দিব পাৰে, তাৰ
পাছত প্ৰতিটো মিশ্ৰিত উপাদান অতি ভালদৰে মুখ আৰু ডিঙিত লগাই আধা ঘণ্টা বাবে ৰাখিব পাৰে।
সপ্তাহত দুবাৰকৈ এই ফেচপেক ব্যৱহাৰ কৰিলে ছালৰ মৃত কোষবোৰ সহজে আঁতৰি আপোনাৰ মুখৰ ছাল
উজ্জ্বল কৰি তুলিব।
৩ ) গোলাপৰ পাহি আৰু গাখীৰৰ খৰঃ–গাখীৰৰ
খৰৰ লগত গোলাপৰ পাহি ভালদৰে মিহলাই ল’ব। এতিয়া মিশ্ৰণখিনি মুখ, পিঠি, ডিঙি, হাতত খুব
ভালকৈ লগাব লাগে। গা ধোৱাৰ আগতে যদি আপুনি প্ৰতিদিনে এবাৰ এই কাম কৰিব পাৰে তেন্তে
আপোনাৰ ছালখন অতি কোমল হৈ পৰিব। যিসকলৰ ছালৰ শুকান হোৱাৰ সমস্যা আছে তেওঁলোকৰ বাবে
গাখীৰে ছালখন অধিক সুন্দৰ আৰু মইশ্ব’ৰাইজ কৰি তুলিব।
Leave A Comment